২৯ জুলাইত উত্তৰ প্রদেশত ৰণডংকা বজাব ৰাহুলে

ৱেব ডেস্ক, ২২ জুলাই, ২০১৬ : 
উত্তৰ আগত বিধানসভা নির্বাচনৰ বাবে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্রচাৰ ২৯ জুলাইত শুভাৰম্ভ কৰিব দলটোৰ উপসভাপতি ৰাহুল গান্ধীয়ে। লক্ষেীৰ পৰাই ৰাহুল গান্ধীয়ে প্রচাৰ অভিযান আৰম্ভ কৰিব। সেইদিনা তেওঁ লক্ষ্ণৌত দলীয় কর্মীৰ এখন বিশাল সভা উদ্বোধনৰ যোগেদি উত্তৰ প্রদেশ বিধানসভা নির্বাচনৰ বিকুল বজাব।


তাৰ পূর্বে উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃবৃন্দৰ বাবে এক বাছ যাত্ৰাৰ আয়োজন কৰা হ’ব। এই বাছ যাত্ৰাৰ প্রথম পর্যায়ত ২৭ ছাল ইউ পি বেহাল’ নাম দিয়া হৈছে। এই যাত্ৰাৰ জৰিয়তে ১৯৮৯ চনত কংগ্ৰেছ ক্ষমতাচ্যত হোৱাৰ পিচত উত্তৰ প্ৰদেশৰ অৱস্থা কি হৈছে সেয়া নাগৰিকৰ ওচৰলৈ লৈ যোৱাৰ চেষ্টা কৰিব দলটোৱে। কাইলৈ এই বাছ যাত্রা নিখিল ভাৰত কংগ্রেছ কমিটীৰ মুখ্য কার্যালয়ত কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে শুভাৰম্ভ কৰিব। এই যাত্ৰাৰ প্রথম পর্যায়ত ১১ খন জিলা সামৰি লোৱা হ’ব। এই যাত্ৰাত উত্তৰ প্ৰদেশৰ আগত নির্বাচনৰ কংগ্ৰেছৰ মুখ্যমন্ত্রী পদৰ প্ৰক্ষেপিত প্রার্থী শীলা দীক্ষিত, কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা উত্তৰ প্ৰদেশৰ দায়িত্বত থকা গোলাম নবী আজাদ, প্রদেশ কংগ্ৰেছৰ সভাপতি ৰাজবাবুৰ, সঞ্জয় সিং, প্রমোদ তিৱাৰী, জিতিন প্রসাদ, প্রদীপ মাথুৰ আদি নেতা উপস্থিত থাকিব।




About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment