আৰক্ষীক শক্তিশালী কৰিবলৈ শীঘ্ৰে পাঁচ হেজাৰ জোৱানৰ নিযুক্তি
গুৱাহাটী, ২২ জুলাই, ২০১৬ :
ৰাজ্যখনলৈ আইছিছকে ধৰি বিভিন্ন জেহাদী সংগঠনৰ ভাবুকি আছে। এনে সংগঠনসমূহে অসমক অশান্ত কৰাৰ বাবে সদায় চেষ্টা চলাই আহিছে। আজি অসম বিধানসভা সচিবালয়ৰ চেণ্টেল হলত অনুষ্ঠিত এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে সংসদীয় পৰিক্রমা দপ্তৰৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে। তেওঁ কয় যে ৰাজ্যখনৰ প্রতি জেহাদী সংগঠনৰ যিয়েই ভাবুকি নাহক কিয়, ৰাজ্যৰ জনসাধাৰণে ইয়াক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই। কাৰণ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই সন্দৰ্ভত সকলো যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে।

ৰাজ্যৰ সকলো সামৰিক, অর্ধসামৰিক আৰু আৰক্ষী বাহিনীক সকলো সময়তে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সষ্টম হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে। অসম চৰকাৰে সতর্কতামূলক ব্যৱস্থা হিচাপে ৰাজ্যৰ সকলো জিলাৰ আৰক্ষী অধীক্ষকে সকলো সময়তে সতর্ক হৈ থকাৰ লগতে সন্দেহযুক্ত নাগৰিকৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ নির্দেশ দিছে। তদুপৰি সকলো স্পর্শকাতৰ অঞ্চল যেনে ৰেলৱে ষ্টেচন, বিমান বন্দৰ, কামাখ্যা মন্দিৰ, তেল শোধনাগাৰ, শ্বপিং মল আদিত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ নির্দেশ দিছে। অসম-বাংলাদেশৰ সীমান্ত সুৰক্ষা ব্যৱস্থা, নদী সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি ৰাখিবলৈ নির্দেশ দিছে। ৰাজ্যৰ বিভিন্ন চোৰাংচোৱা সংস্থাৰ লগত এই সন্দৰ্ভত সঘন যোগাযোগ ৰাখিবলৈ কোৱা হৈছে। অসম আৰক্ষীক আধুনিকীকৰণৰ বাবে চৰকাৰৰ হাতত বর্তমানে ৩২০ কোটি টকা জমা আছে বুলি উল্লেখ কৰি পাটোৱাৰীয়ে কয় যে শীঘ্ৰে এই পুঁজি ব্যৱহাৰ কৰাৰ লগতে আৰক্ষীক আধুনিকীকৰণৰ বাবে যি অত্যাধুনিক অস্ত্র-শস্ত্র বা সামগ্ৰীৰ প্রয়োজন হয় তাক যোগান ধৰাৰ বাবে চৰকাৰ প্রস্তুত আছে। অসম আৰক্ষীত আৰক্ষীৰ সংখ্যা কম বুলি উল্লেখ কৰি তেওঁ কয় যে শীঘ্ৰে আৰক্ষী বিভাগত ৫ হেজাৰ কনিষ্টবল নিযুক্তিৰ বাবে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব। তেওঁ লগতে কয় যে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ বর্ধমান জিলাৰ অন্তর্গত খাগ্রাগড়ত হোৱা বোমা বিস্ফোৰণ ঘটনাৰ পম খেদি নামনি অসমৰ বিভিন্ন জিলাত জে এম বি সন্ত্রাসবাদী সংগঠনটোৰ সক্রিয়তা পোহৰলৈ আহে। ফলস্বৰূপে অসমৰ বৰপেটা, চিৰাং, বাক্সা, নলবাৰী, বঙাইগাঁও আৰু গোৱালপাৰা জিলাৰ পৰা অসম আৰক্ষীয়ে বর্তমানলৈকে মুঠ ৫২ জন জে এম বি (JMB) উগ্রপন্থী আটক কৰে।

উক্ত আটকাধীন সদস্যৰ ভিতৰত ১২ জন সদস্যই পশ্চিমবংগৰ বর্ধমান জিলাৰ শিমুলীয়া, বোলপুৰ, বর্ধমান আদি মাদ্ৰাছাত প্রশিক্ষণত অংশগ্রহণ কৰিছিল। বাকী থকা সদস্যসকলে অসমতে স্থানীয় প্রশিক্ষণ লৈছিল। উক্ত ঘটনাত জড়িতসকলৰ পৰা বিভিন্ন অস্ত্র-শস্ত্রসহ দহটা বোমা উদ্ধাৰ কৰা হৈছিল। তদুপৰি ১২ জন জে এম বি সদস্য পলাতক অৱস্থাত আছে। সেইসকলৰ ভিতৰত বৰপেটা জিলাৰ ছহিদুল ওৰফে ছামিম ওৰফে নির্মল আৰু জহিদুল ওৰফে জবিৰুলো আছে। দুয়োজনে জে এম বিৰ সক্রিয় সদস্য নাছিৰুল্লাহ ওৰফে হাতকটা আৰু টালহাৰ নির্দেশত অসমৰ বিভিন্ন জিলাৰ ৰাইজক সংগঠনটোৰ প্রতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে কাম কৰি আছিল। তদুপৰি নলবাৰীৰ আৰক্ষীয়ে কাছিমউদ্দিন ওৰফে কাছিমূল হক আৰু আজমল আলী নামৰ আন দুজন জে এম বিৰ সদস্যকে অলপতে গ্রেপ্তাৰ কৰে। অৱশ্যে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয় যে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰৰ দিনত অসমত এজনো জেহাদী বা আইএছআইএছ প্ৰৱেশ কৰা নাই৷ অৰ্থাত্ শেষতীয়াকৈ বাংলাদেশত সংঘটিত উগ্ৰপন্থীৰ আক্ৰমণৰ পাছত বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত এই সংক্ৰান্তীয় বাতৰিবোৰক মন্ত্ৰী গৰাকীয়ে নসাত্ কৰে৷
facebook
twitter
google+
fb share