ৱেব ডেস্ক, ২২ জুলাই, ২০১৬ :

নগাঁও জিলাৰ কচুৱা থানাৰ অন্তর্গত লংজাপ জাৰণি অঞ্চলত এগৰাকী বিধৱা মহিলা দলবদ্ধ ধর্ষণৰ বলি হোৱা ঘটনাই অঞ্চলটোত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। এই দুৰ্ভগীয়া মহিলাগৰাকীৰ নাম হৈছে দীপিকা বৰদলৈ। প্রাপ্ত বাতৰিমতে দুটি সন্তানৰ মাতৃ দীপিকা বৰদলৈক যোৱা ২০ জুলাইৰ দুপৰীয়া একে গাঁৱৰে বুদ্ধেশ্বৰ বণিয়া নামৰ লোকজনে এক বিশেষ কথা আছে বুলি ঘৰলৈ মাতি আনে। পিচতে পূৰ্বতে ঘৰটােত থিতাপি লৈ থকা এটা পাষণ্ডসহ দুয়োজনে মহিলাগৰাকীক উপযুপৰি ধৰ্ষণ কৰে। অৱশ্যে গাঁওখনৰ ৰাইজ ঘটনা সন্দৰ্ভত অৱগত নাছিল যদিও পিচদিনা অর্থাৎ কালি এজন লোকৰ পৰা গম পাই গাঁৱৰ ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়। ইপিনে জঘন্য ঘটনাৰ বলি হোৱা মহিলাগৰাকী হতাশগ্রস্ত হৈ পৰে আৰু বেদনা সহ্য কৰিব নোৱাৰি কালি বিহপন কৰি আত্মহত্যৰ পথ বাছি লয়। এনেদৰে কৰুণ মৃত্যুক আঁকোৱালি লোৱা দীপিকা বৰদলৈৰ পৰিয়ালে কচুৱা আৰক্ষীক এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে আজি তালাচী চলাই গাঁওখনৰ পৰাই ঘটনাটোৰ মূল নায়ক বুদ্ধেশ্বৰ বণিয়াক আটক কৰে। এই ঘটনাৰ স’তে জড়িত আনজন অভিযুক্ত বুব নাথ বর্তমান পলাতক অৱস্থাত আছে। ইতিমধ্যে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰা হৈছে আৰু পলাতক বুব নাথক বিচাৰি আৰক্ষীয়ে ব্যাপক তালাচী অভিযান চলাইছে।

facebook
twitter
google+
fb share