বিজেপি নেতাৰ বক্তব্যত জ্বলিছে ইউপি, জিভাৰ মূল্য ৫০ লাখ

ৱেব ডেস্ক, ২১ জুলাই, ২০১৬ :


বহুজন সমাজবাদী পাৰ্টীৰ নেত্ৰী মায়াবতীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য কৰা দয়াশংকৰক সকলোৱে গৰিহণা দিয়া কার্যক প্রশংসা কৰি মায়াৱতীয়ে কয়— সমাজৰ দুৰ্বল শ্রেণীৰ লোকে তেওঁক ‘দেৱীৰ ৰূপত কল্পনা কৰে। তেওঁলোকে মোক সন্মান কৰে। দেৱীৰ বিৰুদ্ধে কটু কথা ক’লে সেইসকল লোক অসন্তুষ্ট হয় আৰু প্রতিবাদ জনায়। উল্লেখ্য, বুধবাৰে নিশা হজৰতগঞ্জ আৰক্ষী থানাত দয়াশংকৰ সিঙৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে বি এছ পিৰ ৰাষ্ট্ৰীয় সম্পাদক মেৱালাল গৌতমে। অৱশ্যে আত্মগোপন কৰাৰ পূর্বে দয়াশংকৰে আজি কয় যে মায়াৱতী নিজেই এগৰাকী নাৰীবিদ্বেষী।
'I Am Like A Goddess To Them,' Says Mayawati On Massive Lucknow Protest
উত্তৰ প্রদেশত বি এছ পিৰ উত্তাল প্রতিবাদ বিজেপি নেতা দয়াশংকৰ সিঙৰ জিভা কাটােতাক দিব ৫০ লাখ টকা
বি এছ পিৰ কৰ্মীসকলে দয়াশংকৰৰ প্রতিকৃতিও দাহ কৰে। বিএছপিৰ মুৰব্বী মায়াৱতীক গণিকা আখ্যা দিয়া বিজেপি নেতা দয়াশংকৰ সিঙৰ জিভা কাটি ৩৬ ঘণ্টাৰ ভিতৰত দিব পাৰিলে ৫০ লাখ টকা পুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰিছে বি এছ পিৰ এগৰাকী নেত্ৰীয়ে।
For Abusing Mayawati, BJP's Dayashankar Singh Charged, Expelled
এই সন্ধৰ্ভত এখন এজাহাৰ দিয়া হয় যদিও ইতিমধ্যে তেওঁ আত্মগোপন কৰা বুলি প্রকাশ পাইছে। উত্তৰ প্রদেশ বিজেপিৰ উপ-সভাপতি দয়শংকৰক দলৰ সকলো পদৰ পৰা অপসাৰণ কৰা হৈছে যদিও উত্তৰ প্ৰদেশত তেওঁৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে। আনহাতে চণ্ডীগড় বি এছ পিৰ নেতাজনৰ গ্রেপ্তাৰৰ দাবীত লক্ষনো চহৰত বি এছ পিৰ হেজাৰোধিক কর্মীয়ে অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment