বৰপেটা, ১৬ আগষ্ট :
ভাৰতৰ ৭০ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই বাক্সা জিলাৰ গোৱধনা থানাৰ অন্তর্গত দলোগাঁৱত সংঘটিত হ’ল এক অমানৱীয় হত্যাকাণ্ড। ২৫ বছৰীয়া শক্ৰতাৰ পৰিণতি হিচাপে কালি পুৱা প্রায় ৮ বজাত দলেীগাঁৱৰ কৃষক মাখন তৰফদাৰ (৫৫)ক একে গাৱৰে প্রয়াত বলাই মহাপাত্ৰৰ পুত্র লনটু মহাপাত্র(৪৫) নামৰ লোকজনে উপজুপৰি দাৰে ঘপিয়াই গুৰুতৰ ভাবে আহত কৰে।
ঘটনাস্থলীত ততাতৈয়াকৈ গোৱৰ্ধনা থানাৰ আৰক্ষী-বেটেলিয়ন উপস্থিত হৈ মূৰত গুৰুতৰ ভাবে আঘাত প্রাপ্ত মাখন তৰফদাৰক সংকটজনক অৱস্থাত প্রথমে বৰপেটাৰোডৰ ত্ৰিছখন বিছনা যুক্ত গ্রাম্য চিকিৎসালয়ত আৰু পিছত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ-হস্পিতাললৈ নিয়ে যদিও পিছত লোকজনৰ মৃত্যু হয়। ইফালে উক্ত ঘটনা সংঘটিত কৰি হত্যাকাৰী লনটু মহাপাত্রই নিজৰ নিৰাপত্তাৰ বাবে আত্ম গোপন কৰিবলৈ গাঁৱৰে উচ্চ শক্তি সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটিৰ প্রায় ৫০ ফুট উচ্চতাত উঠি ৰৈ থাকে। এই বাতৰি সমগ্র অঞ্চলত বিয়পি পৰাৰ ফলত ঘটনাস্থলীত প্রায় চাৰি-পাঁচ হাজাৰ লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। আৰক্ষী-চিআৰপিএফৰ জোৱানে উক্ত খুটি ঘেৰি ৰাখে যদিও লোকজন খুঁটিৰ পৰা নামি নাহে।
প্রায় চাৰি ঘন্টা সময়ৰ প্রচেষ্টাৰ অন্তত সাংবাদিক আৰু স্থানীয় ৰাইজৰ সহযোগত উক্ত স্থানৰ পৰা হত্যাকাৰীজনক গ্রেপ্তাৰ কৰি গোৱধনা আৰক্ষীয়ে লৈ যাবলৈ সক্ষম হয়। জানিব পৰা মতে আজিৰ পৰা প্রায় ২৫ বছৰ পূর্বে মাখন তৰফদাৰৰ পিতৃ মুনিন্দ্ৰ তৰফদাৰক একে লনটু মহাপাত্ৰ আৰু তেওঁ পাঁচ ভাতৃয়ে মিলি ভূমি বিবাদক কেন্দ্ৰ কৰি মৰিয়াই হত্যা কৰিছিল। উক্ত হত্যাকাণ্ডৰ গোচৰৰ ফলত আর্থিক ভাবে জুৰুলা হৈ পৰাত হতাশাগ্রস্ত হৈ পুনৰ একে পৰিয়ালৰ আন এজন লোকক হত্যা কৰা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। ঘটনা সংক্রান্তত আৰক্ষীৰ জোৰ তদন্ত অব্যাহত আছে।
facebook
twitter
google+
fb share