গুজৰাটত পুনৰ ২০ জন দলিত লোকক আক্ৰমণ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰে মোদীৰ সতৰ্কবাণী অৰ্থহীন

ৱেৱ ডেস্ক, ১৭ আগষ্ট, ২০১৬ঃ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলিত সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে গো সুৰক্ষাৰ অজুহাত লৈ নৃশংস নির্যাতন বন্ধ কৰিবলৈ সতর্কবাণী জাৰি কৰিছে যদিও দলিতৰ বিৰুদ্ধে আক্রমণ অব্যাহত আছে। গুজৰাটৰ উনাৰ সমীপতে পুনৰ ২০গৰাকী দলিত লোকৰ ওপৰত চলোৱা হৈছে নির্যাতন। সোমবাৰে সন্ধিয়া এক প্রতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰি ঘৰলৈ উভতি অহাৰ সময়তেই দলিত সম্প্রদায়ৰ লোকসকলৰ ওপৰত আতিশয্য চলোৱা হৈছে। ২০গৰাকী এই আতিশয্যৰ বলি হোৱা লোকৰ ৮জনৰ অৱস্থা সংকটজনক বুলিও সংবাদ মাধ্যমত প্রকাশ পাইছে। ইফালে, দুৰ্বত্তক কৰায়ত্ত কৰাৰ কাৰণে আৰক্ষীয়েও কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে সম্প্রদায়টোৰ আক্রমণৰ বলি হোৱা লোকসকলৰ পৰিয়ালৰ সদস্য তথা নিকটাত্মীয়সকলে। উল্লেখনীয় যে উনাৰ সমীপৰ ছমটাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। আক্রমণৰ দুৰ্বত্তকেইজন ছমটাৰ গাঁৱৰেই বাসিন্দা।
যোৱা মাহত উনাত চাৰিজন দলিত সম্প্রদায়ৰ যুৱকক আক্রমণ কৰি ১২জন লোক গ্রেপ্তাৰ হোৱা ঘটনাৰ পাছত গ্রেপ্তাৰৰ প্রতিশোধ ল’বলৈয়ে কালি এই ঘটনা সংঘটিত কৰা হৈছে বুলি অভিযোগ কৰিছে দলিত সম্প্রদায়ৰ কেইবাগৰাকী ব্যক্তিয়ে। উনাত জে এন ইউৰ ছাত্র নেতা কানহাইয়া কুমাৰৰ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কার্যসূচীত অংশগ্রহণ কৰিবলৈ গৈছিল দলিত সম্প্রদায়ৰ লোককেইজনে। উল্লেখনীয় যে এই অনুষ্ঠানত উপস্থিত মাতৃ ৰাধিক ভেমুলা আৰু উনাৰ দলিত আক্রমণৰ বলি হোৱা এজন যুৱকৰ পিতৃ বালুক ছাৰভাইয়াও। কালিৰ এই শিহৰণকাৰী আক্রমণৰ ঘটনাৰ পাছতেই পুনৰ বিক্ষোভত উত্তাল হোৱাৰ আশংকাই দেখা দিছে গুজৰাটত।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment