কোন হ’ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতিঃমুখ্যমন্ত্ৰীৰে বিজেপিৰ ক’ৰ কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক

২৩ তাৰিখে ঘোষিত হ’ব পৰৱৰ্তী সভাপতিৰ নাম
৩৬ সাংগঠনিক জিলাৰ সভাপতিবৰ্গৰ তালিকা চূড়ান্ত

ৱেব ডেস্ক, ১৭ আগষ্ট, ২০১৬ঃ
ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতিগৰাকীৰ নাম চুড়ান্ত হ’ব অহা ২৩ আগষ্টত। সর্বানন্দ সোণোৱালে মুখ্যমন্ত্রীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা ৰাজ্যিক বিজেপিৰ ভাৰপ্রাপ্ত সভাপতিৰ দায়িত্ব দলৰ জ্যেষ্ঠ নেতা শান্তনু ভৰালীক অৰ্পণ কৰা হয়। স্থায়ী সভাপতিক লৈ বিজেপিৰ ভিতৰচ'ৰাত জল্পনা কল্পনা অব্যাহত থকাৰ সময়তে আজি বিজেপিৰ সাংগঠনিক নির্বাচনৰ নিৰ্বাচনী বিষয়া ডাঃ ৰাজদ্বীপ ৰয়ে সংবাদ মাধ্যমৰ আগত কয় যে অহা ২৩ আগষ্টত বিজেপিৰ পৰৱৰ্তী স্থায়ী সভাপতিগৰাকীৰ নাম চূড়ান্ত কৰা হ'ব। সেইদিনা নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া দলৰ ক’ৰ কমিটীৰ বৈঠকত এই সম্পৰ্কীয় সিদ্ধান্তত ৰাষ্ট্রীয় নেতৃত্বই অনুমোদন জনাব। সেইদিনাই ৰাজ্যিক সভাপতিগৰাকীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব। 

অৱশ্যে সভাপতিগৰাকীৰ কমেও ১০ বছৰৰ সাংগঠনিক অভিজ্ঞতা থাকিব লাগিব বুলিও ডাঃ ৰয়ে উল্লেখ কৰে। ৰাজ্যিক সভাপতি নির্বাচনৰ পূর্বে আজি ব্রহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰ মাজত অনুষ্ঠিত এখন বৈঠকত ৩৬খন জিলা সমিতিৰ সভাপতিৰ নাম চূড়ান্ত কৰা হয়। উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ ৩৬খন সাংগঠনিক জিলাত বুথ আৰু মণ্ডল পর্যায়ৰ সাংগঠনিক নির্বাচন অনুষ্ঠিত হৈ যায়। সাংগঠনিক নির্বাচনত দেখা দিয়া কিছু বেমেজালিৰ বাবেই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৰামর্শ মতে ৰাজ্যিক বিজেপিয়ে জিলা সভাপতি পদৰ বাবে নির্বাচন অনুষ্ঠিত নকৰি এজন সর্বগ্রহণযোগ্য ব্যক্তিক জিলা সভাপতিৰ দায়িত্ব প্রদানৰ সিদ্ধান্ত গ্রহণ কৰে। সেই অনুসৰি প্ৰতিখন জিলা সমিতিয়ে সভাপতি পদৰ বাবে ২৩জনীয় পেনেল প্রস্তুত কৰি ৰাজ্যিক বিজেপিলৈ প্ৰেৰণ কৰে। এই পেনেলসমূহ বিবেচনা কৰিবলৈ ইতিমধ্যে এখন ৫জনীয়া সমিতি গঠন কৰা হৈছিল। সমিতিখনৰ সদস্যসকল হ’ল অজয় জামৱাল, অজয় কোঁৱৰ, শান্তনু ভৰালী, মিছন ৰঞ্জন দাস আৰু ভবেশ কলিতা। আজি এই সমিতিৰ সদস্যসকলৰ উপৰি ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰ সদস্যসকলৰ সৈতে মুখ্যমন্ত্র সর্বানন্দ সোণোৱাল এখন গুৰুত্বপূর্ণবৈঠকত মিলিত হয়। ব্রহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত নিশা প্রায় ৮ বজাৰ পৰা অনুষ্ঠিত বৈঠকত দলটোৰ ৩৬খন সাংগঠনিক জিলাৰ বাবে সভাপতিসকলৰ নাম চূড়ান্ত কৰা হয়। উল্লেখ্য যে আজিৰ বৈঠকত ক’ৰ কমিটীৰ সদস্যসকলৰ লগতে কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁই, সাংসদ ৰমেন ডেকা, বিজয়া চক্ৰৱৰ্তী, কামাখ্যা প্রসাদ তাছা উপস্থিত থাকে। এই সভাত সৰ্বসন্মতিক্রমে চূড়ান্ত হোৱা জিলা সভাপতিৰ তালিকাখন আজি নিশা পর্যন্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment