২৮ হেজাৰ গাঁৱত স্থাপন হ’ব যুথ ক্লাব’
আন্তর্জাতিক বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তুলিব গুৱাহাটীক

ৱেব ডেস্ক, ১৭ আগষ্ট, ২০১৬ঃ
উজনি অসমৰ তিনিচুকীয়া আৰু চৰাইদেউ জিলাত সংঘটিত পাঁচটাকৈ বোমা বিস্ফোৰণৰ ঘটনাৰ লগতে ৰাজ্যত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত উদযাপন কৰা হ’ল দেশৰ সত্তৰসংখ্যক স্বাধীনতা দিৱস। আলফাৰ (স্বা) সম্ভাব্য আক্রমণৰ ঘটনাৰ
প্রতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা আগতীয়া সতর্কতা, অর্ধসামৰিক বাহিনী তথা আৰক্ষীৰ পহৰা, সামৰিক বাহিনীৰ সষ্টম স্থিতি আদি অৱস্থাৰ মাজতে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰা হয়। ৰাজ্য চৰকাৰে কেন্দ্রীয়ভাৱে আয়োজন কৰা অনুষ্ঠানত গুৱাহাটীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্রথমবাৰৰ বাবে পতাকা উত্তোলন কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে। লক্ষণীয় যে স্বাধীনতা দিৱসৰ আগে-পিচে আলফাই ৰাজ্যৰ বিভিন্ন স্থানত হিংসাত্মক ঘটনা সংঘটিত কৰিব পাৰে বুলি চৰকাৰে ৰাজ্যজুৰি আগতীয়াকৈ সতর্কতা জাৰি কৰিছিল। যিকোনো পৰিস্থিতিৰ বাবে সতর্ক হৈ থাকিবলৈ প্রতিখন জিলাক নির্দেশ দিয়া হৈছিল। কিন্তু তৎসত্ত্বেও কালি স্বাধীনতা দিৱসৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ প্ৰাকমুহুর্তত তিনিচুকীয়া আৰু চৰাইদেউ জিলাত মুঠ পাঁচটাকৈ বোমা বিস্ফোৰণ ঘটে। প্রথমটো বিস্ফোৰণ ঘটে পুৱা প্রায় ৭ বজাত তিনিচুকীয়াৰ লাইপুলি এলেকাত থকা সেনাবাহিনীৰ শিবিৰ এটাৰ পৰা কিছু নিলগত।

ইয়াৰ পিচতে জিলাখনৰ ফিল'বাৰীত আন এটা বোমাৰ বিস্ফোৰণ ঘটাৰ লগতে ডুমডুমা এলেকাত দুটাকৈ বোমা বিস্ফোৰণ ঘটে। আনহাতে চৰাইদেউ জিলাৰ লাকুৱা এলেকাতো এটা বোমাৰ বিস্ফোৰণ ঘটে। ইফালে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত গুৱাহাটীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰে কেন্দ্রীয়ভাৱে স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। ৰাজ্যৰ মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচত সর্বানন্দ সোণোৱালে কালি প্রথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে নিৰাপত্তা বাহিনীৰ অভিবাদনো গ্রহণ কৰে। পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁ কয় যে ৰাজ্যৰ প্ৰতিটো থলুৱা জনগোষ্ঠী আৰু সম্প্রদায়ৰ ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰ দায়বদ্ধ। ইয়াৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম ২০১৭ চনৰ ভিতৰত সম্পূর্ণ কৰিবলৈ চৰকাৰে অগ্রাধিকাৰ দিয়া বুলি তেওঁ জানিবলৈ দিয়ে। লগতে কয় যে বাংলাদেশৰ পৰা হোৱা অনুপ্রৱেশ ৰোধৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্ত হীল কৰা, সীমান্ত এলেকা উন্নয়ন বিভাগৰ নাম সলনি কৰি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ হিচাপে নামকৰণ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে। ৰাজ্যত শান্তি স্থাপনৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যিবোৰ অঞ্চলত এতিয়াও আৰক্ষীৰ উপস্থিতি কম বুলি ভবা হৈছে, তেনেবোৰ এলেকাত থানা, আৰক্ষী চকী স্থাপনৰ ব্যৱস্থা হাতত লোৱা হ’ব৷

শান্তি-শৃংখলা ৰক্ষা কৰিবলৈ গৈ মৃত্যুক সাবটি লোৱা আৰক্ষীৰ লোকসকলকৰ সোৱৰণৰ বাবে এটা স্মাৰক নির্মাণৰ কথাও তেওঁ ঘোষণা কৰে। লগতে কয় যে দেৰগাঁৱত থকা অসম আৰক্ষীৰ প্রশিক্ষণ মহাবিদ্যালয়ক ৰাষ্ট্রীয় পর্যায়ৰ প্রশিক্ষণ একাডেমীৰ সমপর্যায়লৈ উন্নীত কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে ভাষণ প্রসংগত আৰু কয় যে ডিব্ৰুগড়ত থকা গেছ ক্ৰেকাৰ প্রকল্পৰ পৰা সংগৃহীত কেচা সামগ্ৰীৰে চলাব পৰাকৈ ভটিয়নী উদ্যোগসমূহ স্থাপনৰ লগতে গুৱাহাটী, যোৰহাট আৰু শিলচৰকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত শীতল ভঁৰাল নির্মাণ কৰা হ’ব। সোণোৱালে কয় যে উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে পৰিচিত গুৱাহাটী মহানগৰীক আন্তর্জাতিক বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে পৰিকল্পনা লৈছে। ইয়াৰ বাবে নতুন দিল্লীৰ আৰ্হিত গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহক সামৰি ৰাজ্যিক ৰাজধানী অঞ্চল হিচাপে ঘোষণা কৰি ইয়াৰ পৰিকল্পিত বিকাশৰ বাবে ব্যৱস্থা ল’ব। আনহাতে ৰাজ্যৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে সকলোধৰণৰ সুবিধা আগবঢ়াবৰ বাবে চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি মন্তব্য কৰি তেওঁ কয় যে শিক্ষা, বৃত্তিমুখী প্রশিক্ষণ আৰু ঔদ্যোগিক দক্ষতাৰ ক্ষেত্ৰত ভাল প্রদর্শন কৰা ৰাজ্যৰ বিভিন্ন জিলাৰ প্রতিভাসম্পন্ন জনজাতীয় যুৱক-যুৱতীসকলক চিনাক্তকৰণৰ বাবে চৰকাৰে পৰিকল্পনা হাতত লৈছে। এইসকল যুৱক-যুৱতীৰ দক্ষতা বৃদ্ধিৰ বাবে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব। লগতে মহিলা আত্মসহায়ক গোটসমূহলৈ দহ লাখ টকাপর্যন্ত সুতবিহীন ঋণ প্রদান কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে। সোণোৱালে কয় যে চৰকাৰে মুখ্যমন্ত্রীৰ সমগ্র গ্রাম্য উন্নয়ন যোজনা নামৰ এক অভিযানো হাতত লৈছে। ইয়াৰ লক্ষ্য হ’ল ২০২২ চনৰ শেষলৈ কৃষকসকলৰ আয় দুগুণ কৰা। ক্রীড়াৰ ক্ষেত্ৰত চৰকাৰে প্ৰদান কৰা গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ কয় যে সকলো বিদ্যালয় আৰু মহাবিদ্যালয়তে ক্রীড়াৰ আন্তঃগাঁথনি নির্মাণ কৰা হ’ব আৰু ৰাজ্যৰ ২৮ হেজাৰ গাঁৱত একোটাকৈ য়ুথ ক্লাব গঠন কৰা হ’ব।

facebook
twitter
google+
fb share