বঙাইগাঁও আই অ’ চি এলত থলুৱা নিযুক্তিৰ দাবীত ৭ সংগঠনৰ প্ৰতিবাদ : শতাধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ

ৱেব ডেস্ক, ১৬ আগষ্ট, ২০১৬ :


গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নোপোৱাটো এতিয়া অসম চৰকাৰ তথা অসম আৰক্ষীৰ যেন এটা অভ্যাসত পৰিণত হৈছে৷ অসমৰ জনসাধাৰণে যেতিয়াই নিজৰ প্ৰাপ্য অধিকাৰৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ লয় তেতিয়াই অসমৰ চৰকাৰৰ ভেৰোণীয়া গুণ্ডা বাহিনীয়ে জনসাধাৰণৰ প্ৰাপ্যৰ গণতান্ত্ৰিক আন্দোলনক প্ৰতিহত কৰাৰ বাবে গ্ৰেপ্তাৰৰ পৰা আৰম্ভ কৰি লাঠী চালনা আৰু বিভিন্ন ধৰণৰ অত্যাচাৰ চলোৱা পৰিলক্ষিত হয়৷ তাৰেই অনুৰুপ ঘটনা যেন আজি বঙাইগাঁও আই অ’ চি এলৰ প্ৰবেশদ্বাৰত বিভিন্ন দাবীৰ সমৰ্থত আন্দোলন কৰিবলৈ যোৱা প্ৰতিবাদকাৰী সকলৰ ওপৰত কৰা পৰিলক্ষিত হ’ল৷

১০০ শতাংশ শিক্ষিত নিৱনুৱা নিযুক্তি প্ৰদানৰ লগতে আৰু ন টাকৈ অতি গুৰুত্বপূৰ্ণ দাবীৰে আজি ৭ টাকৈ জাতীয় সংগঠনে ৰাতিপুৱা ৭ বজাৰ পৰা৷ নিবনুৱা সমস্যা সমাধান কৰাৰ মূল ইচ্ছ্যু লৈ ক্ষমতাৰ বাঘজৰী হাতত পোৱাৰ পিছতেই যেন ওলোটা খৰ মাৰিলে সৰ্বানন্দ সোনোৱাল চৰকাৰে৷ 

পুৱা ১০বজাত আৰক্ষীয়ে সকলো প্ৰতিবাদকাৰীক বলোপূৰ্বক গ্ৰেপ্তাৰ কৰি চিদলি থানালৈ লৈ যায়। পিছত ১বজাত সকলোকে আৰক্ষীয়ে জামিনত মুক্তি কৰি দিয়ে৷

থলুৱাৰ নিযুক্তিৰ দাবীত আমছু, আছু, এবছু, এবিএমছু, আক্ৰাছু, এজেৱাইচিপি প্ৰতিনিধিৰ লগেত সহস্ৰাধীক ৰাইজে অংশ গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীটোত বিভাগীয় কৰ্তৃপক্ষই উপস্থিত হৈ আলোচনাৰ মাধ্যমেৰে উক্ত সমস্যাৰ সমাধান কৰাৰ বিপৰীতে শান্তিপূৰ্ণ ভাবে প্ৰতিবাদ কৰা প্ৰতিবাদী জনতাক গ্ৰেপ্তাৰ কৰা কাৰ্যই নতুন চৰকাৰৰ জনবিৰোধী নীতি স্পষ্টভাবে উদঙাই দিয়া বুলি মত ব্যক্ত কৰে আমছুৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে৷


About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment