অবাধ ক’লা বজাৰ, মূল্যবৃদ্ধিক লৈ উদাসীন চৰকাৰ-জনপ্ৰতিনিধি

ৱেব ডেস্ক, ২১ আগষ্ট, ২০১৬ঃ
নিত্য ব্যৱহার্য সামগ্ৰীৰ আকাশলংঘা মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰাইজক জুলা-কলা কৰিছে যদিও ইয়াক লৈ মুঠেই উদ্বিগ্ন নহয় চৰকাৰ তথা জনপ্রতিনিধিসকল। বজাৰত কৃত্রিম নাটনিৰ সৃষ্টি কৰি মূল্যবৃদ্ধি ঘটাই গ্রাহকক যাতে অসাধু ব্যৱসায়ীসকলে প্ৰৱঞ্চনা কৰিব নোৱাৰে তথা গ্রাহকৰ স্বার্থ বিঘ্নিত কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় বিধায়কসকলক লৈ সমষ্টিয়ে সমষ্টিয়ে যোগান বিভাগে একোখনকৈ ভিজিলেঞ্চ আৰু মনিটৰিং কমিটী গঠনৰ ব্যৱস্থা কৰে। ২০০৬ চনৰ পৰাই চৰকাৰে প্ৰতিটো বিধানসভা সমষ্টিতে এনে ভিজিলেঞ্চ আৰু মনিটৰিং কমিটী কাগজেকলমে গঠন কৰিছিল যদিও বাস্তৱ ক্ষেত্ৰত আজিও সেই ভিজিলেঞ্চ কমিটীসমূহ কাৰ্যকৰী হৈ নুঠাত জনসাধাৰণে তাৰ পৰা কোনো সুফল লাভ কৰিব পৰা নাই। উল্লেখ্য যে নিত্যব্যৱহার্য সামগ্ৰীৰ মূল্যবৃদ্ধি অস্বাভাৱিক ৰূপত ২০০৬ চনৰ পৰা বৃদ্ধি পাবলৈ আৰম্ভ কৰে। সমগ্র দেশৰ লগতে বিভাগৰ আইনৰ সুৰুঙালৈ অসাধু ব্যৱসায়ীয়ে যাতে সামগ্ৰীৰ কৃত্রিম নাটনিৰ বাবে ৰাজ্যিক, জিলা, মহকুমা, বিধানসভা সমষ্টি, গাঁও পঞ্চায়ত, সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকান পর্যায়ত একোখনকৈ ভিজিলেঞ্চ কমিটী আৰু মনিটৰিং কমিটী গঠনৰ চৰকাৰে সিদ্ধান্ত গ্রহণ কৰে। সমষ্টি ভিত্তিত গঠিত হ’বলগীয়া ভিজিলেঞ্চ আৰু মনিটৰিং কমিটীত স্থানীয় বিধায়কসকলকো অন্তর্ভুক্তিৰ সিদ্ধান্ত লয়। সেই অনুসৰি, ২০০৬ চনৰ ১৫ ছেপ্টেম্বৰত যোগান বিভাগে এক নির্দেশযোগে (নং-এফএছএ ৬৬/৯৭/পি টি/২) ভিজিলেঞ্চ আৰু মনিটৰিং কমিটী গঠনৰ নির্দেশনা জাৰি কৰে। ইয়াৰ পাছত ২০১১ চনৰ ১ অক্টোবৰত দুটা সুকীয়া নির্দেশযোগে (নং - এফ এছ এ ৬৬/৯৭/পিটি/১৪৬ আৰু নং এফ এছ এ ৬৬/৯৭/পি টি/১৪৭) ভিজিলেঞ্চ আৰু মনিটৰিং কমিটী গঠনৰ নির্দেশ দিয়ে। উক্ত নির্দেশত যোগান বিভাগে প্ৰতিগৰাকী উপায়ুক্ত, মহকুমাধিপতি আৰু স্বায়ত্ত পৰিষদসমূহক জিলা আৰু সমষ্টিভিত্তিত গঠিত ভিজিলেঞ্চ আৰু মনিটৰিং কমিটীৰ বৈঠকসমূহ নির্ধাৰিত সময়ৰ ব্যৱধানত নিয়মীয়াকৈ অনুষ্ঠিত কৰাৰ বাবেও স্পষ্টভাৱে উল্লেখ কৰে। পিছে চৰম পৰিতাপৰ কথা এয়ে যে যোগান বিভাগৰ ভিজিলেঞ্চ আৰু মনিটৰিং কমিটীসমূহ কার্যতঃ কাগজেকলমেহে বর্তি আছে। প্রায়বোৰ জিলা তথা সমষ্টিত যোগান বিভাগৰ ভিজিলেঞ্চ আৰু মনিটৰিং কমিটীৰ অস্তিত্ব নাই বুলিবই পাৰি। বছৰৰ পাছত বছৰ ধৰি জিলা তথা সমষ্টিসমূহত যোগান বিভাগৰ ভিজিলেঞ্চ কমিটীৰ কোনো বৈঠকেই অনুষ্ঠিত নহয়। এক কথাত ক’ব লাগিলে চৰকাৰ তথা জনপ্রতিনিধিৰ চূড়ান্ত উদাসীনতাৰ বাবেই কার্যকৰী হৈ উঠা নাই যোগান বিভাগৰ ভিজিলেঞ্চ আৰু মনিটৰিং কমিটীসমূহ। ভিজিলেঞ্চ আৰু মনিটৰিং কমিটীসমূহ কাৰ্যকৰী হৈ নুঠাত স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে অসম বিধানসভাৰ যোগান বিভাগৰ ষ্টেণ্ডিং কমিটী। বিধায়ক প্রশান্ত ফুকনৰ অধ্যক্ষতাত অনুষ্ঠিত ষ্টেণ্ডিং কমিটীৰ শেহতীয়া বৈঠকে জিলা আৰু সমষ্টি ভিত্তিত গঠিত ভিজিলেঞ্চ আৰু মনিটৰিং কমিটীৰ বৈঠক প্রতি তিনি মাহৰ মূৰে মূৰে অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিবলৈ বিভাগক নির্দেশ দিছিল।
মন কৰিবলগীয়া এয়ে যে ভিজিলেঞ্চ আৰু মনিটৰিং কমিটীসমূহ সক্রিয় হৈ নথকাৰ বাবেই কেৰাচিনৰ বিতৰণৰ ক্ষেত্ৰতো চৰম অনিয়ম সংঘটিত হৈ আহিছে। এইক্ষেত্ৰত যোগান বিভাগৰ ষ্টেণ্ডিং কমিটীয়ে উদ্বিগ্নতা প্রকাশ কৰাৰ পোষকতা কৰে। কেৰাচিনৰ ক’লা বজাৰ ৰোধৰ স্বার্থতে জিলা প্রশাসনে বিষয়টো কঠোৰভাৱে পর্যবেক্ষণ কৰিব লাগিব বুলি ষ্টেণ্ডিং কমিটীয়ে বিভাগক সোঁৱৰাই দিছে। এই প্ৰসংগতে উল্লেখনীয় এয়ে যে বিভিন্ন সময়ত বিধানসভাৰ মজিয়াত বিধায়কসকলে মূল্যবৃদ্ধিৰ লগতে কেৰাচিনৰ ক’লা বজাৰ সম্পর্কতো সৰৱ ভূমিকা পালন কৰি আহিছে। পিছে বিধানসভাৰ মজিয়াত পালন কৰা সেই ভূমিকা কার্যক্ষেত্ৰত নিজ নিজ জিলা তথা সমষ্টিত প্রতিফলিত নোহোৱাৰ ফলতে সর্বসাধাৰণ ৰাইজে এতিয়াও মূল্যবৃদ্ধিৰ হাতোৰা তথা কেৰাচিনৰ ক’লা বজাৰৰ কবলৰ পৰা মুক্ত হ’ব পৰা নাই।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment