
ৱেব ডেস্ক, ২০ আগষ্ট, ২০১৬ঃ
ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ সন্মুখত এক বিৰাট প্রত্যাহান ৰূপে থিয় দিছে নিবনুৱা সমস্যাই। প্রতিটো বছৰতে শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ আছে। ইয়াৰ বিপৰীতে মুকলি হোৱা নাই সংস্থাপনৰ পথ। কার্যতঃ ভয়াৱহ ৰূপ ধাৰণ কৰা নিবনুৱা সমস্যা শেহতীয়া অর্থনৈতিক সমীক্ষাত। পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অধীনস্থ অর্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ দ্বাৰা প্রস্তুত কৰা অর্থনৈতিক সমীক্ষা, অসম, ২০১৫-১৬’ত উল্লেখ কৰা মতে নিয়োগ বিনিময় কেন্দ্রসমূহত ২০১৪ চনপর্যন্ত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ১৭,৪৬,৫২০জন। মাত্র এটা বছৰ পূর্বে এই সংখ্যা ১৬,৭৭,১৯২জন আছিল। অর্থাৎ মাত্র এটা বছৰৰ ব্যৱধানতে ৰাজ্যত শিক্ষিত নিবনুৱাৰ সংখ্যা ৬৯,৩২৮জনলৈ বৃদ্ধি হয়। শতাংশৰ হিচাপত এই বৃদ্ধিৰ হাৰ ৪.১৩। আটাইতকৈ গুৰুত্বপূর্ণ কথাটাে হ’ল - নিবনুৱাৰ বৰ্ধিত সংখ্যাৰ বিপৰীতে ক্রমাগতভাৱে যোৱা ১৫ বছৰকাল ৰাজ্যৰ শাসনত থকা কংগ্ৰেছ চৰকাৰখনে সংস্থাপনৰ পথ মুকলি কৰিব নোৱাৰিলে। ২০১৪ চনত নিয়োগ বিনিময় কেন্দ্রসমূহৰ জৰিয়তে মুঠ ২,৮২৯টা চৰকাৰী খালী পদৰ বিজ্ঞাপন প্রকাশ কৰা হৈছিল। কিন্তু ৩৯ শতাংশ হাৰে ইয়াৰে মাত্র ১,০৯৯টা পদহে পূৰণ কৰিবলৈ সক্ষম হয়। অকল ২০১৪ চনতেই নহয়, তাৰ পূৰ্বৰ ৯ বছৰৰ প্ৰতিটোতে নিয়োগ বিনিময় কেন্দ্রসমূহৰ জৰিয়তে চৰকাৰী পদত নিবনুৱাক সংস্থাপিত কৰাৰ ছবিখন অতি হতাশাজনক।

উদাহৰণ স্বৰূপে ২০১৩ চনত ৪,২০৪ টা খালী পদৰ বিজ্ঞাপন প্রকাশ কৰা হৈছিল। কিন্তু নিযুক্তি সম্পন্ন হয় ৭৪৫ টাতহে। তাৰ পূৰ্বৰ বছৰত অর্থাৎ ২০১২ চনত ২,৬৩২টা পদৰ বিজ্ঞাপন প্রকাশ পায় যদিও ৩৯৪ টাতহে নিযুক্তি দিয়া হয়। অর্থনৈতিক সমীক্ষাৰ তথ্য অনুসৰি, সর্বাধিকসংখ্যক ৩,৬১,৩৪০ জন পঞ্জীয়নভুক্ত নিবনুৱা আছে কামৰূপ জিলাত। ইয়াৰ পাছতে নগাঁৱত ১,২৯,১৫৫ জন, ডিব্ৰুগড়ত ১,২১,৪১৪ জন, শিৱসাগৰত ১,১১,০৭৯ জন আৰু গোলাঘাট জিলাত ১,০০,৩৮৬ জন পঞ্জীয়নভুক্ত নিবনুৱা থকাৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। তদুপৰি ধুবুৰীত ৬৮,২৩৩ জন, কোকৰাঝাৰত ৩৯,৯২২ জন, বঙাইগাঁৱত ৪২,৭৯৬ জন, গোৱালপাৰাত ৪৬,০৩৫ জন, বৰপেটাত ৬৫,২০৩ জন, নলবাৰীত ৮৬,৭৩৮ জন, দৰঙত ৪৫,০১২ জন, শোণিতপুৰত ৮২,৬৯০ জন, লখিমপুৰত ৪৭,০১৩ জন, ধেমাজিত ২৪,০৩৬ জন, মৰিগাঁৱত ৪৩,৫৫২ জন, যোৰহাটত ৭০,১২৩ জন, তিনিচুকীয়াত ৪৭,৩০৪ জন, কার্বি আংলঙত ১৫,৫২৮ জন, ডিমা হাছাওত ২৬,১২৭ জন, কৰিমগঞ্জত ৩১,৭১৫ জন, হাইলাকান্দিত ২৩,৬৯৬ জন, কাছাৰত ৫৬,১৬৬ জন আৰু ওদালগুৰি জিলাত ২৬,২০৭ জন পঞ্জীয়নভুক্ত নিবনুৱা আছে। উল্লেখ্য যে সম্প্রতি ৰাজ্যখনত থকা মুঠ নিয়োগ বিনিময় কেন্দ্ৰৰ সংখ্যা ৫৩ টা। ইয়াৰে ৪৯ টা সাধাৰণ আৰু এটা বিশেষ হোৱাৰ বিপৰীতে তিনিটা হ’ল এমপ্লইমেন্ট ইনফৰমেচন এণ্ড গাইডেন্স বুৰ’। তদুপৰি ৰাজ্যখনত ২৯ টাকৈ এমপ্লইমেন্ট ইনফৰমেচন এণ্ড এছিছষ্টেনছ বুৰ’ আছে। বি টি এ ডিৰ অধীনস্থ বাগসা আৰু চিৰাং জিলাত বর্তমান পর্যন্ত কোনো ধৰণৰ নিয়োগ বিনিময় কেন্দ্র নাই। নিয়োগ বিনিময় কেন্দ্রসমূহত নাম পঞ্জীয়ন কৰা নিবনুৱাসকলৰ অধিকাংশই চাকৰিৰ বাবে ঢপলিয়াই ফুৰিবলগীয়া হৈছে। ২০১৪ চনত নিয়োগ বিনিময় কেন্দ্রসমূহত নাম পঞ্জীভুক্ত শিক্ষিত চাকৰি প্রার্থীৰ সংখ্যা আছিল ১৩,৮৭,৪৬৫ জন। এইসকলৰ ভিতৰত ৭,৩৩৩ জন অভিযান্ত্রিক স্নাতক, ২৭৯ জন চিকিৎসা বিজ্ঞানৰ স্নাতক, ২৪৫ জন কৃষি স্নাতক, ২৮৯ জন পশু চিকিৎসা বিজ্ঞানৰ স্নাতক, ২৪,৯১৯ জন আই টি আইৰ পৰা উত্তীর্ণ, ১১,৪৬৫ জন স্নাতকোত্তৰ উপাধিধাৰী, ২,৬১,৪৯০ জন স্নাতক, ৫,৩৩,৯০৯ জন উচ্চতৰ মাধ্যমিক উত্তীর্ণ ৫,২৯,৭৩৯ জন হাইস্কুল শিক্ষান্ত উত্তীর্ণ, ৮,২১৬ জন অভিযান্ত্রিকৰ ডিপ্লমধাৰী আৰু ৯,৫৮৯ জন অন্যান্য। প্রতিবেদনখনত উল্লেখ কৰা মতে, ২০১৪ চনত অভিযান্ত্রিক, চিকিৎসা, কৃষি, পশু চিকিৎসা বিজ্ঞান, স্নাতক, স্নাতকোত্তৰ, ডিপ্লমধাৰী, আই টি আই উত্তীর্ণ আৰু অন্যান্যৰ পঞ্জীয়ন পূৰ্বৰ বছৰতকৈ হ্ৰাস পাইছিল। কিন্তু ১৩০ শতাংশ হাৰে স্নাতক, ৬৫ শতাংশ হাৰে উচ্চতৰ মাধ্যমিক আৰু ১৬৫ শতাংশ হাৰে বৃদ্ধি পাইছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তর্ণৰ পঞ্জীয়ন। নিবনুৱাৰ এনে ক্রমবর্ধিত সংখ্যাই ভয়াৱহ সমস্যাৰ সৃষ্টি কৰা বাস্তৱ ৰূপ উন্মোচন হোৱা একেটা অর্থনৈতিক সমীক্ষাত ১৫ৰ পৰা ২৯ বছৰ বয়সৰ যুৱক-যুৱতীৰ সংস্থাপনহীনতা সম্পৰ্কীয় আন এক গুৰুত্বপূর্ণ তথ্যও দাঙি ধৰা হৈছে। কেন্দ্রীয় চৰকাৰৰ এমপ্লইমেন্ট এণ্ড আন এমপ্লইমেন্ট ছিটুৱেচন অৱ ইণ্ডিয়া, ৬৮ ৰাউণ্ড' প্রতিবেদনৰ উদ্ধৃতিৰে কোৱা হৈছে যে ৰাজ্যৰ মুঠ জনসংখ্যাৰ ২৬ শতাংশই ১৫ৰ পৰা ২৯ বছৰৰ বয়সৰ ভিতৰৰ। কিন্তু ২০১১-১২ বৰ্ষত ৰাজ্যৰ মুঠ কর্মশক্তি থকা জনসংখ্যাৰ তুলনাত ৰোজগাৰহীন যুৱক-যুৱতীৰ সংখ্যা তুলনামূলকভাৱে অতি বেছি। অসমৰ গ্রামাঞ্চলৰ ১৪.৮ শতাংশ ১৫ৰ পৰা ২৯ বছৰৰ বয়সৰ ভিতৰৰ যুৱক আৰু ১৪.২ শতাংশ যুৱতী সংস্থাপন নোহোৱাকৈ আছে। যিটো হাৰ সৰ্বভাৰতীয় ক্ষেত্ৰত হ’ল ক্রমে ৫ আৰু ৪.৮ শতাংশ। একেদৰে নগৰাঞ্চলৰ ১৮.৭ শতাংশ যুৱক আৰু ১৮ শতাংশ যুৱতীৰ নাই সংস্থাপন।

সর্বভাৰতীয় ক্ষেত্ৰত এই হাৰ হৈছে ক্রমে ৮.১ আৰু ১৩.১ শতাংশহে। অর্থাৎ এইক্ষেত্ৰত ৰাজ্যখনে ৰাষ্ট্রীয় গড়কে চেৰ পেলাই নিবনুৱা সমস্যাৰ ভয়াৱহ চিত্ৰখন অধিক প্রকট কৰি তুলিছে। বিগত বিধানসভা নির্বাচনত ৰাজ্যৰ নিবনুৱা সমস্যাৰ সমাধান শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অন্যতম প্রতিশ্রুতি আছিল। এনে প্রেক্ষাপটত বর্তমানৰ চৰকাৰখনে এই প্রতিশ্রুতি কিদৰে ৰক্ষা কৰে সেয়া লক্ষণীয় হ’ব।
facebook
twitter
google+
fb share