জী নিউজৰ সম্পাদকক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নি


গুৱাহাটী, ৩০ জুনঃ
জী নিউজৰ সম্পাদক সুধীৰ চৌধুৰী আৰু সমীৰ আহলুৱালিয়াক আজি উচ্চতম ন্যায়ালয়ে কঠোৰ সকিয়নি দি কয় অভিযুক্তৰ দৰে আচৰণ কৰা নহ’লে জেললৈ যাবলৈ সাজু থাকা৷ উল্লেখ্য যে ২০১২ চনত উদ্যোগপতি নবীন জিন্দালৰ পৰা ভূৱা বাতৰি প্ৰচাৰ কৰাৰ ভাবুকি দি এই দুই সম্পাদকে ১০০ কোটি টকাৰ উতকোচ বিচাৰিছিল৷
 পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও জামিনত মুকলি হৈ আহে৷ ২০১৪ চনত বিজেপিৰ হৈ ব্যাপক জালিয়াতিৰ আশ্ৰয় লৈছিল৷
 বিজেপি ২০১৪ত ক্ষমতালৈ আহিয়েই সুধীৰক ৱাই কেটেগৰীৰ নিৰপত্তা আগবঢ়াইছল৷ আজি আদালতত হাজিৰ হোৱাত আদালতে তীব্ৰ সমালোচনা কৰি জেললৈ যাবলৈ সাজু হ’বলৈ সকিয়নি দিয়ে৷ এই জী নিউজৰ বিৰুদ্ধে পক্বষপাতিত্বমুলক বাতৰি পৰিবেশন কৰাৰ বহু অভিযোগ আছে৷ শেহতীয়াকৈ কৈৰানাত হিন্দুলোকৰ পলায়নক কেন্দ্ৰকৰি চেনেলটোৱে বহু বিভ্ৰান্তিকৰ বাতৰি পৰিবেশন কৰিছিল৷ ইপিনে জেএনইউ কাণ্ডৰ ভিডিঅতো ব্যাপক হাৰত জালিয়াতী কৰিছিল সুধীৰ চৌধুৰীয়ে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment