বৰপেটাৰোড, ৩০ জুন৷
আজি বৰপেটাৰোডত আহি উপস্থিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা গণ মুক্তি সংগ্ৰাম সমিতি, অসমৰ প্ৰাক্তন আহ্বাকয়ক তথা একালৰ অখিল গগৈৰ সুঁহাত স্বৰূপ কমল কুমাৰ মেধি৷ বিগত বিধান সভা নিৰ্বাচৰ সময়ত কমল কুমাৰ মেধিয়ে কৃষক নেতা অখিল গগৈৰ লগত হোৱা মত বিৰোধৰ বাবে সংগঠন ত্যাগ কৰি বৰ্তমান অৰবিন্দ কেজৰিৱালৰ দল আম আদমি পাৰ্টিৰ হৈ সাংগঠনিক কাম-কাজ আগবঢ়াই লৈ গৈ আছে বুলি জানিব পৰা গৈছে৷ একালৰ সংগ্ৰামী কৃষক নেতা গৰাকীৰ লগত বৰপেটাৰোডৰ কৃষক নেতা ৰাতুল হুছেইনৰ আছে এক ঘনিষ্ট সম্পৰ্ক৷ ২০১২ চনত ৰাতুল হুছেইনে একপ্ৰকাৰ কমল কুমাৰ মেধিৰ হাত ধৰিয়ে সংগঠনৰ মজিয়াত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ কেইবা বছৰ একেলগে সংগঠন কৰি নামনি অসমৰ বিভিন্ন স্থানত কমল কমুমাৰ মেধিক সতীৰ্থ হিচাপে লাভ কৰি আহিছি ৰাতুলে৷
ৰাতুলৰ অখিল গগৈৰ লগতো যথেষ্ট ঘনিষ্ট সম্পৰ্ক থাকিলেও একপ্ৰকাৰ এৰাব নোৱাৰা বন্ধুত্বও গঢ়লৈ উঠিছিল কমলৰ লগত৷ সংগঠন ত্যাগ কৰাৰ পাছত আজি হঠাত্ ৰাতুল হুছেইনৰ লগত বৰপেটাৰোডৰ এখন কৃষক গৃহত কমল কুমাৰ মেধিয়ে ইফতাৰ গ্ৰহণ কৰাৰ বাতৰি পোৱাৰ পিছত স্বাভাৱিকতে এক ৰহস্যৰ সৃষ্টি হৈছে৷ ইফালে সন্দেহৰ অৱকাশ ৰৈ গৈছে যে একালৰ সাংগঠনিক সতীৰ্থ ৰাতুল হুছেইনকো ৰাজনৈতিক সতীৰ্থ কৰি ল’ব বিচাৰিছে নেকি কমল কুমাৰ মেধিয়ে? অৱশ্যে এই সংক্ৰান্তত কৃষক নেতা দুগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মুখ খোলা নাই৷
facebook
twitter
google+
fb share