৩৪ শতাংশ ভাৰতীয় শিশুৱেই নেদেখে প্ৰাক্-প্ৰাথমিক বিদ্যালয়ৰ মুখ:ইউনিছেফ

নতুন দিল্লী:
 ভাৰতত ৩ বছৰ বয়সৰ পৰা ৬ বছৰৰ শিশু সকলৰ মুঠ ৭.৪ কোটি শিশুৰ ভিতৰত প্ৰায় দুই কোটি শিশুৱেই অনুষ্ঠানিকভাৱে শিক্ষা আৰম্ভ কৰাৰ পূৰ্বেই প্ৰাক্-প্ৰাথমিক বিদ্যালয়ৰ মুখ নেদেখে আৰু ইয়াৰে অধিকাংশ শিশুৱেই সমাজৰ দৰিদ্ৰ তথা দুৰ্বল শ্ৰেণীৰ৷ শেহতীয়াকৈ ইউনিচেফে প্ৰকাশ কৰা এক প্ৰতিবেদন (ষ্টেট অৱ দ্য ব’ল্ড চিলড্ৰেন-২০১৬)ত উল্লেখ কৰা হৈছে মুছলিম পৰিয়ালৰ প্ৰায় ৩৫ শতাংশ, হিন্দু পৰিয়ালৰ ২৫.৯ শতাংশ, খ্ৰীষ্টিয়ান পৰিয়ালৰ ২৫.৬ শতাংশ শিশুৱেই আনুষ্ঠানিকভাবে শিক্ষাজীৱন আৰম্ভ কৰাৰ পূৰ্বে প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা গ্ৰহণ নকৰে৷ ভাৰতত ইউনিছেফৰ প্ৰতিনিধি লুইজৰ্জে আৰ্ছেনাল্টে এই প্ৰতিবেদন প্ৰকাশ কৰি কয় যে আনুষ্ঠানিকভাবে শিক্ষাজীৱন আৰম্ভ কৰাৰ পূৰ্বেই প্ৰাক্-প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা গ্ৰহণ নকৰা  শিশুসকলৰ শিকাৰ ক্ষমতাত পৰৱৰ্তী সময়ত যথেষ্ট প্ৰভাৱ পৰে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment