গুৱাহাটী:
দিছপুৰ সচিবালয়ত মুখ্য মন্ত্ৰীক সাক্ষাতৰ বাবে এজন যুৱকক ধনৰ বিনিময়ত ভুৱা ‘পাছ’ দি আৰক্ষীৰ জালত পৰিল সচিবালয়ৰ দুজন কৰ্মচাৰী৷ দিছপুৰ আৰক্ষীয়ে আটক কৰা কৰ্মচাৰী দুজন কমল চন্দ্ৰ শৰ্মা, ডাটা এণ্ট্ৰী অফিচাৰ এন এইচ এম আৰু হৰিপদ শৰ্মা, পিয়ন৷ দিছপুৰ আৰক্ষী সূত্ৰে জানিব পৰা মতে বুধ্বাৰে পুৱা মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰিবলৈ আহে চিৰাং জিলাৰ ছাদ্দাম হুছেইন নামৰ এজন যুৱক৷ যুৱকজনে অলপতে চি আৰ পি এফৰ এক পৰীক্ষাত সাক্ষাৎকাৰ দিছিল৷ কিন্তু চকুৰ সামান্য সমস্যা থকা হেতুকে মুখ্য মন্ত্ৰীৰ এখন প্ৰমাণ-পত্ৰ হ’লে চাকৰিটো হোৱাৰ আশাত বুধ্বাৰে পুৱা দিছপুৰ সচিবালয়ৰ সন্মুখত উপস্থিত হয়৷ ছাদ্দাম হুছেইনে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰিবলৈ আহি সচিবালয়ৰ গেটত ৰৈ থকা সময়তে কমল চন্দ্ৰ শৰ্মা আৰু হৰিপদ শৰ্মাই দেখা পায়৷ সচিবালয়ৰ দুই কৰ্মচাৰীয়ে কাক বিচাৰি আহিছে বুলি প্ৰ কৰাত ছাদ্দাম হুছেইনে আগমনৰ উদ্দেশ্য ব্যক্ত কৰে৷ তেতিয়া ৩০০ টকা দিলে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰিবৰ বাবে প্ৰৱেশ পত্ৰ হৈ যাব বুলি কয়৷ কৰ্মচাৰী দুজনক ৩০০ টকা আদায় দি ছাদ্দাম হুছেইনে সচিবালয়ত প্ৰৱেশ কৰে৷ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যালয়ৰ সন্মুখত যুৱকজনে পাইচাৰি কৰি থকাত নিৰাপত্তাৰক্ষীৰ দৃষ্টিগোচৰ হয়৷ লগে লগে ছাদ্দামক সোধা-পোছা কৰে৷ ছাদ্দামে নিৰাপত্তাৰক্ষীক প্ৰৱেশ পত্ৰ থকা বুলি কৈ মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰিবলৈ অহাৰ কথা কয়৷ নিৰাপত্তাৰক্ষীয়ে প্ৰৱেশ পত্ৰখন পৰীক্ষা কৰি সেইখন ভুৱা বুলি নিশ্চিত হয় আৰু এই সন্দৰ্ভত দিছপুৰ থানাত খবৰ দিয়ে৷ দিছপুৰ আৰক্ষীৰ দলে সচিবালয়ত উপস্থিত হৈ যুৱকজনক লৈ সন্ধান চলাই কমল চন্দ্ৰ শৰ্মা আৰু হৰিপদ শৰ্মাক আটক কৰে৷ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতি বন্ধ কৰাৰ বাবে ঘোচ নিদিবলৈ আৰু ঘোচ নল’বলৈ আহ্বান জনোৱাৰ সময়তে মুখ্য মন্ত্ৰীক সাক্ষাতৰ বাবে ধনৰ বিনিময়ত ভুৱা পাছ দিয়া কাৰ্যই মুখ্য মন্ত্ৰীৰ আহ্বানক বিষয়া-কৰ্মচাৰীসকলে কিদৰে গ্ৰহণ কৰিছে সেয়া নিৰ্লজ্জভাৱে স্পষ্ট হৈ পৰিল৷

facebook
twitter
google+
fb share