শীঘ্রেই ৬৬০ মেগাৱাটৰ প্রকল্পটোৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ


তিনিচুকীয়া জিলাৰ লেখাপানীস্থিত প্রস্তাৱিত ৬৬০মেগাৱাটৰ কয়লাভিত্তিক তাপ বিদু্যৎ প্রকল্পৰ ভূমি যোৱাকালি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে পৰিদর্শন কৰে৷ মুখ্যমন্ত্রী সোণোৱালে এই প্রকল্পৰ কাম অতিশীঘ্রে আৰম্ভ কৰা হব বুলি ঘোষণা কৰে৷ উল্লেখযোগ্য যে ২০০৮ চনত তদানীন্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে আধাৰশিলা স্থাপন কৰা প্রকল্পটোৰ বাবে অসম চৰকাৰে ২ হাজাৰ বিঘা ভূমি আবণ্টন দিয়ে যদিও প্রকল্পৰ কাম আৰম্ভ কৰিব পৰা নাছিল৷ উত্তৰ-পূব কয়লা ক্ষেত্রৰ দ্বাৰা উৎপাদিত কয়লাত অধিক ছালফাৰ থকা বাবে এই তাপ বিদু্যৎ প্রকল্পত ব্যৱহাৰৰ অনুপযোগী হোৱা হেতুকে আৰু কেন্দ্রীয় চৰকাৰে প্রয়োজনীয় কয়লা আবণ্টন নিদিয়াৰ বাবেই প্রকল্পৰ কাম কংগ্রেছ চৰকাৰে আৰম্ভ কৰিব পৰা নাছিল বুলি প্রাক্তন শক্তিমন্ত্রী প্রদু্যৎ বৰদলৈয়ে বিভিন্ন সময়ত প্রকাশ কৰি আহিছিল৷ কেন্দ্রত বিজেপিৰ চৰকাৰ ক্ষমতালৈ অহাৰ পাছত কেন্দ্রীয় শক্তিমন্ত্রী পীযুষ গোৱেলে এই প্রকল্পৰ বাবে প্রয়োজনীয় কয়লা আবণ্টন দিয়াৰ কথা ঘোষণা কৰাৰ পাছত প্রকল্পটো আৰম্ভৰ সম্ভাৱনীয়তা সৃষ্টি হৈছিল যদিও ঘোষণা কার্যকৰী নোহোৱাত প্রকল্পৰ কাম আৰম্ভ হোৱা নাছিল৷ শেহতীয়াকৈ ৰাজ্যতো বিজেপি মিত্রজোঁটে চৰকাৰ গঠন কৰাৰ পাছত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রস্তাৱিত প্রকল্পটোক লৈ দেখুওৱা তৎপৰতাই আশাৰ সঞ্চাৰ কৰিছে৷ উত্তৰ-পূব কয়লা ক্ষেত্রৰ দ্বাৰা উৎপাদিত ছালফাৰযুক্ত কয়লা উন্নত প্রযুক্তিবিদ্যাৰে ব্যৱহাৰৰ উপযোগী কৰি তাপ বিদু্যৎ প্রকল্পত ব্যৱহাৰৰ ব্যৱস্থা কৰিব বুলিও সাংবাদিকৰে হোৱা কথা-বার্ত মুখ্যমন্ত্রী সোণোৱালে প্রকাশ কৰিছে৷ গুৰুত্বপূর্ণ কথা হ, তাপ বিদু্যৎ প্রকল্পটোৰ বাবে তৰুণ গগৈ চৰকাৰে অধিগ্রহণ কৰা ভূমিৰ বৃহৎ অংশত একাংশ পুঁজিপতিয়ে বেদখল কৰি চাহ বাগিচা স্থাপন কৰিছে৷ এই প্রকল্পৰ কাম আৰম্ভ হোৱাৰ লগে লগে যে উক্ত বেদখল উচেছদ কৰা হ, সেইটো নিশ্চিত হৈ পৰিছে৷ অন্যহাতে মুখ্যমন্ত্রী সোণোৱালে লেখাপানীৰ পৰা পোনে পোনে ভাৰত-ম্যানমাৰ সংযোগী ষ্টিলৱেল পথ পৰিদর্শন কৰে৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীজনে অসম চৰকাৰৰ দুর্নীতি-বিৰোধী নীতিৰ সন্দর্ভত কয় যে অসমৰ ৰাইজে যিহেতু অসমৰ বর্ধিত দুর্নীতি নিবাৰণৰ বাবেই বিজেপি নেতৃত্বাধীন চৰকাৰখনক নির্বাচিত কৰিছে, গতিকে চৰকাৰে এই সন্দর্ভত কঠোৰ স্থিতি গ্রহণ কৰিব৷ লগতে, চুবুৰীয়া বাংলাদেশত আইছিছৰ বর্বৰতাৰ সন্দর্ভত অসমৰ ৰাইজৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপৰ সন্দর্ভত মুখ্যমন্ত্রীজনে সাংবাদিকৰ আগত কয় যে অসমৰ ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ বাবে সকলো যাৱতীয় পদক্ষেপ লোৱা হৈছে৷

About Entrepreneurs World

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment