![]() |
File Photo |
৫ জুলাই ঃ
মাজুলীৰ বান পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ ফলত আজিৰ পৰা অনির্দিষ্ট কালৰ বাবে ফেৰী সেৱা বন্ধ ঘোষণা কৰিছে যোৰহাট জিলা প্রশাসনে। ব্রহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ১.২৫ মিটাৰ ওপৰেৰে প্রবাহিত হোৱাৰ বাবে প্রশাসনে এই ব্যৱস্থা গ্রহণ কৰিছে। ইফালে ধাৰাসাৰ বৰষুণ হৈ থকাৰ ফলত ব্ৰহ্মপুত্র, সোৱণশিৰি, লুইত, খাবলু আদিৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত মাজুলীত বানে জটিল ৰূপ লৈছে। মাজুলীৰ এইবাৰ বিশেষকৈ উত্তৰ দিশৰ গাঁওসমূহত লুইত, সোৱণশিৰি বাঢ়নী পানীয়ে দুৱাৰ আদি বুৰাই পেলাইছে৷ যোৱা দুদিন ধৰি সম্পূৰ্ণৰূপে জলমগ্ন হৈ আছে। পূব মাজুলীৰ গেজিং, শালমৰা, বনৰীয়া চাপৰি, অফলামুখ, দক্ষিণপাট কৈৱর্ত কুমাৰ, ছুমৈমাৰী, কংকান চাপৰি, পোহাৰ দিয়া, ভেকুলীমাৰী, আলিমূৰ, বামুণগাঁও, ভকত চাপৰি, সোণাৰিবাৰী, দক্ষিণ মাজুলীৰ ফুৰফুৰীয়া চৰাই, কেকেলী চাপৰিৰ বিস্তীর্ণ অংশ, দক্ষিণ পাৰৰ কুৰিখন গাঁৱৰ লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বিশেষকৈ চৰ-চাপৰি বানৰ কবলত পৰাত ৰাইজৰ পোহনীয়া জীৱ-জন্তুৰ খাদ্য নাটনিয়ে দেখা দিছে। উত্তৰপাৰৰ জেংৰাইমুখৰ পৰা আৰম্ভ কৰি কৰতিপাৰলৈকে ডেৰকুৰি গাঁও জলমগ্ন হৈ পৰিছে। এই এলেকাসমূহক বাট-পথ যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত হোৱাৰ উপৰি ৰাইজৰ পকা আহু আৰু বড়োধান বানৰ কবলত পৰিছে। নদী কাষৰীয়া দিন হাজিৰা কৰি জীৱন নির্বাহ কৰা অধিক পৰিয়ালে অনাহাৰে দিন কটাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। ইফালে বানৰ কবলত পৰি গড়মূৰস্থিত চি আৰ পি শিবিৰ যোৱা ৩ জুলাইত স্থানান্তৰ কৰাৰ পিচত শংকৰদেৱ নিকেতন, মহকুমাধিপতি কার্যালয়ৰ কৰ্মচাৰীৰ আবাস গৃহ, গোবিনপুৰ প্রাথমিক বিদ্যালয়, চিতাদাৰ মধ্য ইংৰাজী বিদ্যালয় আদি ভালেসংখ্যক শিক্ষানুষ্ঠানত বানে বিস্তৰ ক্ষতিসাধন কৰিছে। মাজুলীৰ অন্তভাগলৈ কাকৰিকটা জানেৰে অহৰহ সোমাই থকা ব্ৰহ্মপুত্ৰৰ জলধাৰাই মাজুলীৰ ন ন অঞ্চল বুৰাই পেলাইছে। এই পানী ভাগ মহকিনা পথেৰে আহি উত্তৰ কমলাবাৰী, দেত্তদিআটী, পকাজৰাপর্যন্ত অঞ্চলসমূহ জলমগ্ন কৰি তুলিছে। ব্রহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ সমান্তৰালভাৱে তীব্র সোতৰ সৃষ্টি হোৱাৰ ফলত আজি ফেৰী যাতায়াত ব্যাহত হৈ পৰিছে। আজি নিমাতী দিশৰ পৰা অহা মাজুলীমুখী এখন ফেৰী পুৱা প্রায় ১০.৩০ বজাত চাপৰিত আবদ্ধ হৈ পৰাৰ লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। অৱশ্যে ফেৰীৰ কৰ্মচাৰীয়ে নাওখন মাজুলী পাৰলৈ আনিবলৈ সক্ষম হয়। - সাহায্য প্রদানৰ দাবী বানৰ কবলত পৰা গাঁওবাসীক উপযুক্ত সাহায্য প্রদানৰ লগতে পোহনীয়া জীৱ-জন্তুক ওখ ঠাইত সুৰক্ষিত কৰি ৰাখিবলৈ তিপাল প্রদানৰ ৰাইজে দাবী জনাইছে। উল্লেখযোগ্য যে বন্যার্তৰ মাজত কোনো জনপ্ৰতিনিধি ুপস্থিত নোহোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে।
ব্রহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে নামনি মাজুলীৰ বান পৰিস্থিতি জটিল কৰি তুলিছে। ব্রহ্মপুত্ৰতকৈও এইবাৰ উত্তৰ বাহিনীৰ সোৱণশিৰি নদীৰ বানে নামনি মাজুলীৰ ৰাইজৰ বিস্তৰ ক্ষতি কৰিছে। সোৱণশিৰিৰ বানে নামনি মাজুলীৰ বালিজান, লুইত চাপৰি, বৰদোৱাৰ, বাহিৰ মহৰিচুক, চিৰামপুৰীয়াল, কুলি চাপৰি, মাজৰ চাপৰি, উজনিৰ এক নং কমলপুৰ, চেলেক কমলপুৰ, পুৰণা চাপৰি, নতুন চাপৰি, অৰ্জুনগুৰি, বিৰিণাবাৰী, বৰুণচুক, পাবনা গাঁও, পহুমৰা, চিলাকলা আদি গাঁওসমূহ বুৰাই পেলাইছে। সোৱণশিৰিৰ বানে বালিজানৰ পৰা বৰুণচুকলৈকে গঞাক জলবন্দী কৰি ৰাখিছে। বিৰিণাবাৰী, অৰ্জুনগুৰি, পুৰণা চাপৰি আৰু বৰুণচুকৰ পৰা যোৱা তিনি দিন ধৰি গাঁওবাসী বাহিৰলৈ ওলাব পৰা নাই। জলবন্দী হৈ থকা ৰাইজৰ পশুধনসমূহ ওখ ওখ ঠাইলৈ স্থানান্তৰিত কৰিছে। এইবাৰ বানে নামনি দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ লোকসকলক ব্যাপক অসুবিধাৰ সন্মুখীন কৰিছে। সোৱণশিৰিৰ বাঢ়নী পানীয়ে নামনিৰ প্রান্তীয় মিছামৰা, চেঙেলীসুতি, ন-পাম, নচাপৰি আদিৰ গঞাকো যোৱা তিনি দিন ধৰি জলবন্দী কৰি ৰাখিছে।ইপিনে সোৱণশিৰি বাঢ়নী পানীয়ে নামনি মাজুলীৰ মলুৱাল মালাপিন্ধা ডাইক বান্ধত প্রবল হেঁচা দিয়াত আজি মথাউৰিটোৰ বহু অংশত পানীৰ পুং ওলাই ভিতৰ দিশলৈ পানী নিগৰি বৈ আছে। নতুন চাপৰি আৰু পুৰণা চাপৰিৰ মাজৰ পূৰ্বৰ ছিগা অংশত বিপজ্জনকভাৱে মথাউৰিৰ তলেৰে পানী নিগৰি থকাত মথাউৰিৰ ভিতৰৰ ৰাইজ শংকিত হৈ পৰিছে। মাজুলী মহকুমা জলসম্পদ বিভাগে আজি পানীৰ উহ বন্ধ কৰাৰ বাবে মাটিৰ বস্তা দিছে যদিও মথাউৰিৰ তলেৰে পানী বৈ আছে। নামনি মাজুলীত ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে তিনি দিন ধৰি জলবন্দী কৰি ৰখা গাঁওসমূহৰ গঞাৰ নূনতম খবৰ ৰখা নাই মাজুলী মহকুমা প্রশাসনে। বানত জলবন্দী হৈ থকা লোকসকলে বজাৰ-সমাৰ কৰিবলৈকে বাহিৰলৈ আহিব নোৱৰাত ভীষণ সমস্যাত পৰিছে। জলবন্দী হৈ থকা গাঁওসমূহৰ গঞাক খাদ্য-সামগ্ৰী যোগান ধৰিবলৈ মাজুলী মহকুমা প্রশাসনক মাজুলী মহকুমা ছাত্র সস্থাই দাবী জনাইছে।মাজুলীৰ দিশত থকা খেৰকটীয়া, লোহিত নদীত ব্যাপক হাৰত পানী বৃদ্ধি পোৱাৰ লগে লগে জেংৰাইমুখৰ মঘুবাচক, জেংৰাই বালি চাপৰি,উজনি মাজুলীৰ জীৱৰ চুক, কাঠনি আদিৰ লগতে বিভিন্ন অঞ্চল প্লাৱিত হৈছে। প্লাৱিত হৈ থকা অঞ্চলৰ গাঁৱৰ লোকসকলৰ একাংশই অস্থায়ীভাৱে গৃহ নির্মাণ কৰিছে মথাউৰি, গড়কাপ্তানি পথৰ ওপৰত। বিশুদ্ধ খোৱাপানীৰ অভাৱৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। সমান্তৰালভাৱে বন্যার্ত পৰিয়াল খাদ্যৰ সংকটত ভূগিছে। অভাৱ হৈছে পশুধনৰ খাদ্যৰ। সকলোধৰণৰ বাট-পথ হৈছে যাতায়াতৰ বাবে। ইপিনে হিমালয়ৰ পাদদেশৰ আশে-পাশে হোৱা বানৰ সমান্তৰালভাৱে বিভিন্ন ঠাইত গৰাখহনীয়া অব্যাহত আছে। বৃহত্ গছ-গছনি, কৃষিভূমি খহনীয়াত জাহ গৈছে। উজনি মাজুলী তথা বেচামাৰী, টেকেলিফুট মথাউৰি বাহিৰ অংশত থকা চৰ-চাপৰি অঞ্চলসমূহতো বন পৰিস্থিতিজটিল হোৱা দেখা গৈছে।
![]() |
File Photo |
ঘিলামৰাৰ কঢ়া, কুমতীয়া আৰু চামপৰা নদীৰ পানী ফেনে-ফোটোকাৰে বৃদ্ধি হৈ ঘিলামৰাৰ অর্ধ শতাধিক গাঁও জলমগ্ন কৰি তুলিছে। বৰদৈবাম পঞ্চায়তৰ মেলেকী, দীঘলী, চিনাই গাঁৱৰ একাংশ, চৌখাম,ত্রিশূল,ব্লকমুখ, দেৱলীয়া আৰু ঘিলামৰা গাঁও পঞ্চায়তৰ পঞ্চাশখনতকৈও অধিক গাঁও বানে বুৰাই পেলাইছে। দীঘলী-মেলেকী, দীঘলী-মহমৰা,দীঘলী সংযোগী পথ সম্পূৰ্ণৰূপে জলমগ্ন হৈছে। পানী সামান্য হ্রাস পাইছে যদিও বর্তমান সময়লৈকে গাঁওসমূহৰ প্রায়সংখ্যক পৰিয়ালৰে ঘৰ-বাৰী ডুব গৈ আছে। কালি ঘিলামৰা প্রশাসনে তিনি দিনৰ বাবে বানপীড়িত ৰাইজৰ মাজত বান সাহায্য প্রদান কৰিছে। পাহাৰীয়া নৈৰ বানত বুৰিল ধলপুৰৰ বিস্তীর্ণ অঞ্চল কেইবাদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণত ধলপুৰ অঞ্চলৰ সৰু-বৰ নৈসমূহ ফেনে-ফোটােকাৰে ওফন্দি উঠি ধলপুৰ, গণকদলনি আৰু জামুগুৰি গাঁও পঞ্চায়তৰ বহুকেইখন গাঁৱৰ ৰাস্তা-ঘাট, ঘৰ-বাৰী, কৃষিভূমি, মীনপালন ক্ষেত্র, চৰণীয়া ভূমি আদি বুৰাই পেলাইছে। পাহাৰীয়া নৈ খনপিছলা, পিছলা, দ্রোপাং, দিহিৰি, চেচা, ৰঙাজান আদিৰ বানে গণকদলনি, বাঘৰগাঁও, ২নং ৰূপতলী, ১নং ৰূপতলী, নিদানচোৱা, ফুটাভোগ, ৰঙাজান, ভাতমেী, মাজৰ দলনি, খলিহামাৰী, সৰু কাঠনি, হিছিঙলিয়া, জাজীঘলীয়া, ডিব্ৰুৱাল, গেলেকী, গামটেী, পিছলাগুৰি, যমনগৰ, চুতীয়াগাও, আদি গাঁও বুৰাই পেলাইছে। আনহাতে লুইতৰ বানে জামুগুৰি পাৰঘাট, আটুৰাচাপৰি, বঠাখনা, লতাবাৰী, ডাকচাপৰি আদি গাঁও বুৰাই পেলাইছে। কেইবাখনো গাৱৰ পথ-দলঙৰ ওপৰেৰে পানী বাগৰাৰ লগতে মানুহৰ বাসগৃহ, চোতাল, বাৰী আদিত পানী উঠাত কেইবাখনো গাৱৰ বাসিন্দা গৃহবন্দী হৈ পৰিছে। চৰণীয়া ভূমি পানীত বুৰ যোৱাৰ বাবে পশুধনৰ খাদ্যৰ অভাৱ ঘটিছে। খোৱাপানীৰ উত্স বানত বুৰ যোৱাত পানীৰ নাটনি হৈছে। এইবাৰৰ বানত ধান খেতি, অন্যান্য উদ্যান শস্য, মীন পালন পুখুৰী আদিৰ ক্ষতি হৈছে। শক্তিপীঠ পেটুৱা গোসাঁই থানৰ উপৰি বহুকেইখন বিদ্যালয়ৰ চৌহদ বুৰ গৈছে। চৰকাৰী পক্ষৰ লোকে বন্যার্তৰ খবৰ নোলোৱাৰ অভিযোগ উঠিছে।
facebook
twitter
google+
fb share