দালাল অবিহনে পাৰ নহয় এখনো ট্ৰাকঃউপায়ুক্তৰ তদন্ত ঘোষণা

শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীত অবৈধ কাউন্টাৰৰ বেহা অব্যাহত

কোকৰাঝাৰঃ
শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীত বছৰ বছৰ ধৰি অব্যাহত থকা দালাল ৰাজ, অবৈধ ধন সংগ্ৰহ, কমিছনৰাজ আজিও অব্যাহত আছে৷ নতুন ৰাজ্য চৰকাৰখনে শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীত বন আৰু শুল্ক বিভাগৰ গে’ট বন্ধ কৰিছে যদিও চৰকাৰে নিৰ্দেশ দিয়া সত্বেও কিন্তু আন অবৈধ গে’টসমূহ বন্ধ কৰা পৰিলক্ষীত হোৱা নাই৷ তালাচী চকীটোৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিত থকা কিছুমান অবৈধ কাউন্টাৰ বন্ধ হৈছে যদিও কিন্তু আন কিছুমান কাউন্টাৰত এতিয়াও বিক্ৰী কৰ বিভাগৰ ছত্ৰছায়াত দালালে অবৈধ ধন সংগ্ৰহৰে ৰমৰমীয়া বেহা চলাই থকাৰ তথ্য পোহৰলৈ আহিছে৷ অবৈধ কাউন্টাৰ চলাই বৰ্তমানেও ৰমৰমীয়া ব্যৱসায় চলাই থকা এটা কাউন্টাৰৰ এজন এজেন্টে সাংবাদিকৰ আগত কোৱামতে বিক্ৰী কৰ বিভাগৰ অনুমতিৰেই কাউন্টাৰবোৰ চলি আছে৷ আনপিনে বিক্ৰী কৰ বিভাগে কাউন্টৰৰ বাবে অনুমেদন দিয়া বিষয়ত অধিক জানিবৰ বাবে শ্ৰীৰামপুৰ বিক্ৰী কৰ বিভাগৰ অধীক্ষক এইচ মেধিৰ সৈতে যোগাযোগ কৰাত কৰ অধীক্ষকগৰাকীয়ে কোৱামতে কাউন্টাৰ খুলিবৰ বাবে অনুমতি নাইবা কৰ্তৃত্ব প্ৰদান কৰা হোৱা নাই৷ অৱশ্যে কোনোবাই কাউন্টাৰ খোলাৰ বাবে অনলাইন যোগে ঊৰ্ধতম কৰ্তৃপক্ষৰ পৰা অনুমোদন পাব পাৰে বুলিও তেওঁ আওপকীয়াকৈ স্বীকাৰ কৰে৷ চৰকাৰৰ কঠোৰ নিৰ্দশনা সত্বেও অবৈধ কাউন্টাৰৰ জৰিয়তে প্ৰতিদিনে ধন সংগ্ৰহ কৰা এনে কাৰ্যৰ প্ৰতি তীব্ৰ অসন্তোষ প্ৰকাশ কৰি বহিঃৰাজ্যৰ ট্ৰাক চালকসকলে আনকি দালাল আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীৰ মাজত গোপন বুজাবুজি থকা বুলিও সন্দেহ প্ৰকাশ কৰিছে৷ ইপিনে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত মাধৱ প্ৰসাদ শৰ্মাই শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকী সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰকাশ কৰে যে শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীৰ প্ৰশাসনে কাঢ়া নজৰ ৰাখিছে৷ ইতিমধ্যে গোহাইগাঁও মহকুমাধিপতিৰ জৰিয়তে তদন্ত ঘোষণা কৰা হৈছে৷ দুই-এদিনৰ ভিতৰতে তদন্ত সম্পূৰ্ণ হ’ব৷ তদন্তৰ প্ৰতিবেদন পোৱাৰ পিচত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কয় উপায়ুক্তগৰাকীয়ে এইবুলিও স্পষ্ট কৰি দিছে যে যদি বিভাগীয় অনুমোদনপ্ৰাপ্ত এজেন্টসমূহে নীতি-নিয়ম অনুসৰি কাম-কাজ সম্পন্ন কৰা নাই অথবা নিজৰ খেয়াল-খুচিমতে কাম-কাজ চলাই আছে তাৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

About Entrepreneurs World

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment