মূল্যবৃদ্ধি ৰোধৰ নাটকৰ অৱসানঃ ৬% ৰ পৰা ১৪% লৈ ভেট বৃদ্ধিৰে ১২৭ বিধ সামগ্ৰীৰ মূল্য বৃদ্ধি

চৰম জনবিৰোধী সিদ্ধান্তৰে সর্বানন্দ চৰকাৰৰ মাধমাৰ
প্রতি লিটাৰ ডিজেলত ১.৬২ টকা, পেট্ৰ’লত বাঢ়িল ৭৩ পইচা ঔষধ, ছিৰিঞ্জ, ঔষধি তেল, চেনি, মিঠাতেল, কপাহ, সূতা, বিড়ি, চিগাৰেটৰো মূল্যবৃদ্ধি

গুৱাহাটী, ৫ জুলাইঃ
পৰিবৰ্তনৰ সপোন দেখুৱাই জনসাধাৰণৰ ব্যাপক সমর্থনেৰে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোটে চৰকাৰ গঠন কৰাৰ ডেৰ মাহ নৌহওঁতেই জনসাধাৰণক চৰম বিশ্বাসঘাতকতা কৰি মূল্যবৃদ্ধিৰে মাধমৰ শোধোৱাক লৈ ৰাজ্যবাসী স্তম্ভিত হৈ পৰিছে। তাহানিৰ ঔপনিবেশিক ব্ৰিটিছৰ দৰেই অভাৱনীয় হাৰত সোণোৱাল চৰকাৰে ৰাজ্যবাসীৰ ওপৰত জাপি দিছে ভয়ংকৰ কৰৰ বোজা। কেন্দ্রত বিজেপি চৰকাৰ থকা সূত্রে সোণোৱালে বিচক্ষণতাৰে অসমে পাবলগা দহ হেজাৰ কোটি টকাৰ তেলৰ ৰয়েল্টি আদায় কৰি আনি ৰাজ্যখনৰ বিত্তীয় অৱস্থা সুস্থিৰ কৰিব বুলি ৰাইজে আশা কৰিছিল যদিও সোণোৱালে ৰাইজক চূড়ান্ত হতাশ কৰি ওলোটাই কৰ জাপি দিয়াত চৌপাশে ক্ষোভৰ জুই জ্বলিছে। উল্লেখযোগ্য যে সোণোৱাল চৰকাৰৰ যোৱা ২৭ জুনত অনুষ্ঠিত কেবিনেটত ৰাজ্যবাসীৰ বাবে বহু ভাল সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি ব্যাপক প্রচাৰ চলোৱা হৈছিল যদিও উক্ত বৈঠকতে চৰকাৰখনে গ্রহণ কৰিছিল কেতবোৰ অতি ভয়ংকৰ জনবিৰোধী সিদ্ধান্ত। সেইমৰ্মে যোৱা ২ জুলাইত চৰকাৰখনে পেট্ৰ’ল-ডিজেলকে ধৰি ১২৭ বিধ সামগ্ৰীৰ ওপৰত অতি আশ্চৰ্যকৰভাৱে ছয় শতাংশৰ পৰা ১৪.৫ শতাংশলৈ মূল্য সংযোজিত কৰ অর্থাত্ ভেট বৃদ্ধি কৰি অধিসূচনা জাৰি কৰিছে।
যাৰ ফলত এই ১২৭ বিধ সামগ্ৰীৰ এতিয়া ব্যাপক হাৰত মূল্যবৃদ্ধি ঘটিছে। চৰকাৰখনে #মূল্যবৃদ্ধি কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে পেট্রল, ডিজেল, ৰন্ধন গেছ, কেবল আৰু ডিজিটেল টিভিৰ আমোদকৰ, চেনি, ঔষধ, ছিৰিঞ্জ, বেজী, ঔষধি চাবোন, ঔষধি তেল, ঔষধি টুথপেষ্ট, গুড়, লালিগুড়, প্রতিষেধক, ঔষধি মলম, কটন, চিকিত্সা কামত ব্যৱহৃত সূতা, ঔষধি শ্বেম্পু, সৌৰচালিত শক্তি সামগ্রী, টু ভেলু কাৰ বিক্রী, চিগাৰেট, বিড়ি, চাধা ইত্যাদি। এই সন্দৰ্ভত বিত্ত বিভাগে প্রকাশ কৰা অধিসূচনা অনুসৰি পেট্ৰ’লৰ মূল্য সংযোজিত কৰ বর্তমানৰ ২৭.৫ শতাংশৰ পৰা ২৯ শতাংশলৈ, ডিজেলৰ ১৬.৫ শতাংশৰ পৰা ২০ শতাংশলৈ বৃদ্ধি কৰা হয়। সেই অনুসৰি আজিৰে পৰা পেট্ৰলত ০.৭৩ টকা আৰু ডিজেলত ১.৬২ টকা বৃদ্ধি পায়। আনহাতে বর্তমানৰ ৫ শতাংশৰ পৰা ৬ শতাংশ মূল্য সংযোজিত কৰ বৃদ্ধি কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে ঔষধ, বেজী, ছিৰিঞ্জ, কপাহ, সূতা (চিকিৎসাকার্যত ব্যৱহৃত), প্রস্তুতিকৃত খাদ্য (পেকেজড ফুড), প্লাইউড, চেনি, ইটা, সূতা, তামোল, চুপাৰি, কৃষিকৰ্মত ব্যৱহৃত সামগ্ৰী, দুধদানি, বাচন-বৰ্তন, চাইকেল, ৰিক্সা, হুইলচেয়াৰ, টায়াৰ, এলুমিনিয়াম সামগ্রী, খোৱা তেল, সাৰ, কীটনাশক, মহখেদা যন্ত্র, প্রেছাৰ কুকাৰ, বৰফ, কাপ-প্লেট, নিউজ প্রিন্ট, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, বনস্পতি, ছাতি, ষ্টীলৰ সামগ্রী, হালধি, ধনিয়া, শুকান জলকীয়া, নাৰিকলৰ তেল, টাইলছ, উল, পাপৰ, মিঠাই, শুকান ফল, খেলৰ সামগ্রী, কাগজ, বহী, ঘি, জ্যামিতি বক্স, পেন্সিল, গ্লুক'জ, ছেনিটাৰী নেপকিন, মেী, চাপনাৰ,ইৰেজাৰ, এল চি আৰু এলইডি টিভি, ৰেডিঅ’ইত্যাদি। একেদৰে আয়ুৰ্বেদিক দ্রব্যৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বৰ্তমানৰ ৫ শতাংশৰ পৰা ১৪.৫ শতাংশলৈ মূল্য সংযোজিত কৰ বৃদ্ধি কৰে। এনে সামগ্ৰীসমূহৰ ভিতৰত আছে ঔষধিযুক্ত চুলিতেল, চাবোন, টুথপেষ্ট, শ্বেম্পু আদি। ইপিনে ৰাজ্য চৰকাৰে টু ভেলু গাড়ীৰ বিক্ৰীৰ ক্ষেত্ৰত (এহেজাৰ চি চিলৈকে) বর্তমানৰ তিনি হেজাৰ টকাৰ পৰা ছহেজাৰ টকালৈকে কৰ বৃদ্ধি কৰাৰ লগতে চিগাৰেট, বিড়ি, চাধা আদিৰ কৰো বৃদ্ধি কৰি নতুনকৈ নিৰ্ধাৰণ কৰিছে। ইফালে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল চৰকাৰে ১২৭ বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সংযোজিত কৰ বৃদ্ধি কৰা কার্যত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তীব্র প্রতিবাদ জনাইছে। লক্ষণীয় যে চৰকাৰখনে ক্ষমতা দখল কৰিয়েই অসমবাসীক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি ইয়াৰ তৈল সম্পদ বিক্ৰীৰ গভীৰ চক্রান্তত লিপ্ত হয়। যাক লৈ ইতিমধ্যে সমগ্ৰ ৰাজ্যখনতে ক্ষোভৰ জুই জ্বলিছে। চৰকাৰখনে অসম আৰু অসমবাসীৰ স্বার্থত ইতিবাচক পদক্ষেপ গ্রহণ কৰাৰ বিপৰীতে পৰিবৰ্তনৰ নামত এফালেদি সম্পদ বিক্ৰীৰ প্রক্রিয়া আৰম্ভ কৰিছে আৰু আনফালেদি ৰাজ্যবাসীৰ ওপৰত জাপি দিছে অসহনীয় কৰৰ বোজা।

উল্লেখযোগ্য যে মূল্যবৃদ্ধি ৰোধ কৰাৰ নামত সোণোৱাল চৰকাৰে নিত্যনতুন নাটক কৰিয়েই আছে। সোণোৱালে প্রতিদিনেই সাংবাদিকৰ সন্মুখত জনসাধাৰণৰ স্বাৰ্থত চৰকাৰখনে কাম কৰা বুলি কেতবোৰ বিমূর্ত কথা কৈ অহাৰ বিপৰীতে কার্যক্ষেত্ৰত দেখা গৈছে ওলোটা প্রতিচ্ছবিহে। অলপতে সোণোৱালে মূল্যবৃদ্ধি ৰোধ কৰাৰ স্বাৰ্থত সকলো জিলাৰ উপায়ুক্তক বজাৰ পৰিদৰ্শন কৰিবলৈ নির্দেশ জাৰি কৰে যদিও একেজন ব্যক্তিয়েই আকৌ ৰাইজৰ ওপৰত কৰ জাপি দি মূল্যবৃদ্ধিৰ বাট উন্মুক্ত কৰিছে। এনে অৱস্থাত সোণোৱাল চৰকাৰৰ প্ৰকৃতাৰ্থত মূল্যবৃদ্ধি সন্দর্ভত স্পষ্ট দৃষ্টিভংগী কি, চৰকাৰখনে কিদৰে অসম আৰু অসমবাসীৰ উন্নয়ন সাধন কৰিব খুজিছে, সেই লৈ স্বাভাৱিকতে বিবুধিত পৰিছে অসমৰ ৰাইজ। এমাহ পাৰ হওঁতেই চৰকাৰখনৰ এনে অনাকাংক্ষিত কাম-কাজত ক্ষোভ আৰু হতাশাত ভাগি পৰিছে জনসাধাৰণ।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment