ৰাজ্য চৰকাৰৰ ১২৭ বিধ সামগ্ৰীৰ ওপৰত ভেট বৃদ্ধিৰ সিদ্ধান্তই অসমৰ মধ্যবিত্ত শ্রেণী আৰু সামগ্রিকভাৱে অসমৰ জনসাধাৰণৰ ওপৰত বৃহত্ মাধমাৰ শোধাব বুলি প্রতিক্রিয়া ব্যক্ত কৰিছে কৃষক নেতা অখিল গগৈয়ে। সেইবাবেই কৃষক মুক্তি সংগ্রাম সমিতিয়ে অসম চৰকাৰৰ ভেট বৃদ্ধিৰ সিদ্ধান্ত অচিৰেই বন্ধ কৰিবলৈ দাবী জনাইছে। এক বিবৃতিত অখিল গগৈয়ে কয় যে চৰকাৰৰ প্ৰথমখন কেবিনেট সভাতেই মূল্যবৃদ্ধিৰ সিদ্ধান্তই কৃষক মুক্তিয়ে বিজেপিৰ বিৰুদ্ধে পূর্বৰে পৰা কৰি অহা অভিযোগক সত্য প্রতিপন্ন কৰিলে। বিবৃতিটোত কয়— আমি আগৰে পৰা কৈ আহিছিলো যে বিজেপি পুঁজিপতি আৰু বণিয়াৰ চৰকাৰ আৰু ই সদায়ে জনগণৰ বিৰোধী। জনগণৰ বিৰোধিতা লুকুৱাই ৰাখিবলৈকে বিজেপি দলটোৱে সমাজত সাম্প্রদায়িক উত্তেজনাৰ সৃষ্টি কৰে। অনবৰতে সংবাদ মাধ্যমতেই থকা বিজেপিৰ কোনো মন্ত্ৰীয়ে প্রথম কেবিনেট বৈঠকত ভেট বৃদ্ধিৰ কৰিলে। আমি সমগ্র অসমবাসীক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছো। ইপিনে ভাৰতৰ #কমিউনিষ্ট পার্টি (#মার্ক্সবাদী) অসম ৰাজ্যিক কমিটীয়ে পেট্ৰ'লজাত আৰু খাদ্য-সামগ্রীকে ধৰি ১২৭ বিধ সামগ্ৰীৰ ওপৰত ৰাজ্য চৰকাৰে ভেটৰ পৰিমাণ বৃদ্ধি কৰা জনবিৰোধী সিদ্ধান্তক কঠোৰ ভাষাৰে গৰিহণা দিছে। ইতিমধ্যে মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাইজক সকাহ দিয়াৰ সলনি এনেধৰণৰ পদক্ষেপে ৰাইজৰ ওপৰত বোজা বৃদ্ধি কৰিব। আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো চৰকাৰৰ এই সিদ্ধান্তক প্রত্যাহাৰ কৰিবলৈ দাবী জনাইছে। যদিহে চৰকাৰখনে এই সিদ্ধান্ত প্রত্যাহাৰ নকৰে তেন্তে কংগ্রেছে ইয়াৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিব বুলি সকীয়াই দিছে শইকীয়াই।
-
Blogger Comment
-
Facebook Comment
facebook
twitter
google+
fb share