কংগ্ৰেছএ আই ইউ ডি এফৰ সভাস্থগিত প্রস্তাৱ নাকচ
অধ্যক্ষৰ আসনৰ সন্মুখত ‘তেজ দিম তেল নিদিওঁ,
অসমীয়াৰ স্বাভিমান ৰক্ষা কৰক’শ্ল’গান
৫ মিনিটৰ বাবে সদন স্থগিত, বিৰোধীৰ সদন ত্যাগ

গুৱাহাটী, ১৮ জুলাই, ২০১৬ :
অসমৰ ১২ খন তৈলক্ষেত্র নিলাম প্ৰসঙ্গত কিছুদিন ধৰি ৰাজপথত অব্যাহত থকা প্রতিবাদী সংগ্রামখন বিধানসভাৰ মজিয়াতো প্রতিফলিত হ’ল। আজিৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ বাজেট অধিৱেশনৰ প্রথম দিনটোতে তৈলক্ষেত্র নিলামৰ বিৰোধিতা কৰি দুই বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফে তীব্র প্রতিবাদ সাব্যস্ত কৰে। বিৰোধী পক্ষৰ বিধায়কসকলে হাতে হাতে তৈলক্ষেত্ৰৰ নিলাম বন্ধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰক বুলি লিখা প্লেকার্ড প্রদর্শন কৰে, নিলাম বন্ধ কৰক আদি ৰাজপথৰ শ্ল’গানো দিয়ে। ইয়াৰ ফলত সদনত সৃষ্টি হয় এক উত্তাল পৰিবেশ। উল্লেখ্য যে বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফে অসমৰ ১২ খন তৈলক্ষেত্র নিলামযোগে ব্যক্তিগত খণ্ডক গতাবলৈ কেন্দ্রীয় চৰকাৰে লোৱা সিদ্ধান্তৰ ওপৰত আলোচনাৰ বাবে আজি সদনৰ মজিয়াত উত্থাপন কৰা সভা স্থগিত প্রস্তাৱ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে নাকচ কৰাৰ পিচতেই সদনৰ পৰিস্থিতি উত্তাল হৈ পৰে। অধ্যক্ষগৰাকীৰ মতে বিধায়িকা অজন্তা নেওগে একেটা বিষয়ৰ ওপৰত আলোচনাৰ বাবে যিহেতু সুকীয়া এক জাননী দিছে, সেইফালৰ পৰা একেটা বিষয়ক লৈ সভা স্থগিত প্রস্তাৱৰ অনুমতি দিব পৰা নাযায়। তাৰ পিচতো অজন্তা নেওগকে ধৰি বিৰোধী পক্ষৰ বিধায়কসকলে স্পর্শকাতৰ বিষয়টোক লৈ আলোচনাৰ সুযোগ দিবৰ বাবে দাবী উত্থাপন কৰে যদিও অধ্যক্ষই বিধানসভাৰ প্রক্রিয়া আৰু কার্য পৰিচালনা নিয়মাৱলীৰ প্ৰসংগ উনুকিয়াই সভা স্থগিত প্রস্তাৱটো নাকচ কৰাৰ কথা ঘোষণা কৰে। কিন্তু অধ্যক্ষৰ এই সিদ্ধান্ত মানি ল’বলৈ অমান্তি হোৱা বিৰোধী পক্ষৰ সদস্যসকলে এইবাৰ তৈলক্ষেত্ৰৰ নিলাম বন্ধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰক শ্ল’গান লিখা প্লেকার্ড হাতে হাতে লৈ নিজ নিজ আসনত থিয় হয় আৰু স্পর্শকাতৰ বিষয়টোক লৈ আলোচনাৰ দাবী অব্যাহত ৰাখে। ইয়াৰ বিপৰীতে শাসকীয় পক্ষ বিশেষকৈ বিজেপি দলৰ সদস্যসকলেও নিজৰ আসনত থিয় হৈ বিৰোধী পক্ষৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। এটা সময়ত বিধায়ক ৰকিবুল হুছেইন, বাজেদ আলী চৌধুৰীকে মুখ্য কৰি বিৰোধী পক্ষৰ আটাইবোৰ বিধায়ক অধ্যক্ষৰ আসনৰ সন্মুখত গৈ উপস্থিত হয় আৰু শ্ল’গান দিবলৈ ধৰে। তেতিয়া শাসকীয় বিজেপি দলৰ বিধায়কসকলো অধ্যক্ষৰ আসনৰ সন্মুখত গৈ সমবেত হয় আৰু বিৰোধী পক্ষৰ বিৰুদ্ধে যুযুধান ৰূপ লোৱাতে ক্ষান্ত নাথাকি সদনৰ মজিয়াত বিজেপি জিন্দাবাদ, সর্বানন্দ সোণোৱাল জিন্দাবাদ আদি ধবনি দিয়ে।

শাসক-বিৰোধী উভয়পক্ষৰ শ্ল’গানত কোনেও কাৰো মাত নুশুনা অৱস্থাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত কিংকর্তব্যবিমূঢ় হৈ পৰা বিধানসভাৰ অধ্যক্ষগৰাকীয়ে দুয়োপক্ষৰ বিধায়কসকলক উদ্দেশ্য কৰি আপোনালোক বহক, আপোনালোক বহক বুলি অনুৰোধ জনায় যদিও কোনো পক্ষই অধ্যক্ষক সঁহাৰি দিয়াৰ পৰা বিৰত থাকি শ্ল’গান অব্যাহত ৰাখে।
এটা সময়ত অধ্যক্ষই বিৰোধী পক্ষৰ পৰিবর্তে শাসক দলৰ বিধায়কসকলক নিজ নিজ আসনত গৈ বহিবলৈ একপ্রকাৰ হাতযোৰ কৰা ভংগীত অনুৰোধ জনাইয়ো ফল নাপালে। প্রায় ১৫ মিনিট ধৰি সদনত এই অচলাৱস্থা বিৰাজ কৰাৰ পিচত অধ্যক্ষই ৫ মিনিটৰ বাবে সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হয়। উল্লেখ্য যে সদনৰ কাম-কাজ পুনৰ আৰম্ভ হোৱা মাত্রকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দুনাই সভা স্থগিত প্রস্তাৱটোৰ ওপৰত আলোচনাৰ বাবে অধ্যক্ষৰ প্রতি অনুৰোধ জনায় আৰু তেতিয়া সংসদীয় পৰিক্রমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে ইয়াৰ উত্তৰ দিয়াৰ নামত অধ্যক্ষই পূর্বতে সভা স্থগিত প্রস্তাৱটাে নাকচ কৰাৰ কথা প্রদর্শন কৰিবলৈ যোৱাত সদনৰ পৰিস্থিতি পুনৰ উত্তাল হৈ পৰে। বিৰোধী পক্ষৰ বিধায়কসকল পুনৰ অধ্যক্ষৰ আসনৰ সন্মুখলৈ প্রতিবাদৰ বাবে আগবাঢ়ি যায় আৰু শ্ল’গান দিবলৈ ধৰে। তেতিয়া শাসক পক্ষৰ সদস্যসকলেও নিজ নিজ আসনৰ পৰা কংগ্ৰেছ দলক উদ্দেশ্য কৰি কটাক্ষসূচক বিভিন্ন মন্তব্য আগবঢ়ায়। এনে পৰিবেশ-পৰিস্থিতিৰ মাজতেই অধ্যক্ষই কৌশলপূর্ণভাৱে সদনৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে খাৰুৱা তেলৰ ৰয়েল্টিৰ প্ৰসংগত অগপ বিধায়ক পবীন্দ্ৰ ডেকাক শূন্যকালীন ঘণ্টাৰ অধীনত বক্তব্য দাঙি ধৰিবলৈ কয় আৰু বিধায়ক ডেকায়ো সদনৰ হৈ হুলস্থলীয়া পৰিবেশৰ মাজতেই নিজৰ বক্তব্য দাঙি ধৰে আৰু বিত্ত মন্ত্রী হিচাপে হিমন্তবিশ্ব শৰ্মাই তাৰ উত্তৰ দিয়াৰ পিচতেই অধ্যক্ষই তেওঁৰ আসনৰ সন্মুখত ধর্ণা দি থকা বিৰোধী পক্ষক স্পষ্ট কৰি দিয়ে যে আপোনালোকে যি ভাবিছে সেইমতে নহ’ব। সংবিধানৰ আধাৰত সদনৰ কাম-কাজ চলিব। বিধানসভাৰ প্রক্রিয়া আৰু কার্য পৰিচালনা নিয়মাৱলীৰ অধীনতহে সদনৰ কাম-কাজ হ'ব। উল্লেখ্য যে অধ্যক্ষৰ এই স্পষ্ট ঘোষণাৰ পিচতেই বিৰোধী পক্ষৰ বিধায়কসকলে আজি সদন কক্ষ ত্যাগ কৰে। সেই সময়ত শাসক পক্ষৰ কেতবোৰ বিধায়কৰ কংগ্ৰেছৰ প্রতি কটাক্ষ— আপোনালোক লাষ্টগেটলৈ গুচি যাওক। ১৫ বছৰে আপোনালোকে অসমখন লুটিপুতি খালে। কাজিৰঙাৰ গড়ৰ খৰ্গৰ কেঁচা তেজ আপোনালোকৰ গাত আছে৷
facebook
twitter
google+
fb share