
গুৱাহাটী, ১৮ জুলাই, ২০১৬ :
অসম বিধানসভাৰ প্রধান বিৰোধী দল কংগ্ৰেছে আজি সদনত উত্থাপন কৰা সভাস্থগিত প্রস্তাৱ অধ্যক্ষই নাকচ কৰাৰ ক্ষেত্ৰত অসন্তুষ্টি প্রকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। বিধানসভা সচিবালয় চৌহদত সাংবাদিকৰ আগত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে ৰাজ্যৰ কেইবাটাও গুৰুত্বপূর্ণ বিষয় দলে আজি সদনৰ মজিয়াত উত্থাপন কৰিব বিচাৰিছিল। কিয়নো ৰাজ্যৰ তৈলক্ষেত্ৰসমূহ ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰাৰ লগতে মূল্যবৃদ্ধিকে ধৰি কেইবাটাও বিষয়ত ৰাজ্যৰ পৰিস্থিতি সম্প্রতি উত্তপ্ত হৈ আছে। সাধাৰণ ৰাইজ আন্দোলনমুখী হৈছে। কেন্দ্ৰ আৰু ৰাজ্যত ক্ষমতাত থকা চৰকাৰ দুখনে ৰাইজক আশ্বস্ত কৰিব পৰা নাই। সেয়েহে ৰাইজ ৰাজপথত নামি পৰিছে। গতিকে এই বিষয়সমূহ বিধানসভাৰ মজিয়াত আলোচনা হোৱাটো জৰুৰী আছিল।
এনে অৱস্থাত কংগ্রেছে বিধানসভাৰ অন্যান্য কাম-কাজ স্থগিত ৰাখি এইবোৰ বিষয় আলোচনা কৰাৰ বাবে নির্ধাৰিত প্রক্রিয়াৰ মাজেৰে সভাস্থগিত প্রস্তাৱ উত্থাপন কৰিছিল। কিন্তু বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে এই প্রস্তাৱ নাকচ কৰা বুলি মন্তব্য কৰি শইকীয়াই কয় যে তেওঁলোকে অধ্যক্ষৰ আসনৰ ওচৰলৈ গৈ প্রস্তাৱ উত্থাপনত অনুমতি বিচাৰিছিল। কিন্তু শাসক পক্ষৰ কিছুসংখ্যক জ্যেষ্ঠ বিধায়কৰ উচটনিত নৱনিৰ্বাচিত শাসকীয় বিধায়কসকলে অধ্যক্ষৰ আসনৰ কাষলৈ আহি হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে। তেওঁ আৰু কয় যে বিৰোধী পক্ষই সদনৰ মজিয়াত বিষয়সমূহৰ সুস্থ আলোচনা হোৱাটো বিচাৰিছিল। কিন্তু অধ্যক্ষই এই প্রস্তাৱ নাকচ কৰি যি কলিং দিলে, সেয়া মানি ল’ব নোৱাৰি। অধ্যক্ষৰ এনে কলিঙৰ প্রতিবাদত বিৰোধী পক্ষই সদন ত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি তেওঁ জনায়।
facebook
twitter
google+
fb share