বাক্সা, ১৮ জুলাই, ২০১৬ :
পপুলাৰ ফ্রন্ট অফ ইণ্ডিয়াই আজি ড০ জাকিৰ নায়ক আৰু আছাদুদিন ওৱেছিৰ সমৰ্থনত বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত কালপানী বজাৰৰ পৰা বাঁহবাৰী সাপ্তাহিক বজাৰলৈ প্ৰায় ৫ কিল’ মিটাৰ পথত এক প্ৰতিবাদী মহামিছিল উলিয়ায়৷ সংগঠনটোৰ বাক্সা জিলা সমিতিৰ সভাপতি জাকিৰ হুছেইনৰ নেতৃতেবত আবেলি ৩ বজাৰ পৰা প্ৰায় দুই শতাধিক কৰ্মী-সমৰ্থকক লৈ এই প্ৰতিবাদী মহামিছিল ৰূপায়ন কৰে সংগঠনটোৱে৷ ইছলাম ধৰ্মৰ প্ৰবক্তা ড০ জাকিৰ নাইক আৰু হায়দৰাবাদৰ সাংসদ আছাদুদিন ওৱেছিৰ বিৰুদ্ধে সোপন্থীৰ ৰাজনীতি আৰু চৰকাৰে চলাই থকা গ্লানিজনক বক্তব্য আৰু পাশ্বৱিক দমন কার্যৰ কঠোৰ ভাষাৰে গৰিহণা দি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে। উক্ত কাৰ্যসূচী ৰূপায়ন কৰি সংগঠনটোৱে ড০ জাকিৰ নায়কক এজন ইছলামিক শিক্ষাবিধ, তার্কিক আৰু শান্তিপূর্ণ ভাৱে ইচলামৰ বাণিসমূহ প্ৰচাৰ কৰা ব্যক্তি বুলি আখ্যায়িত কৰে৷ সংগঠনটোৱে লগতে দাবী কৰে যে নাইকে সন্ত্ৰাসবাদীক সহায় কৰাৰ পৰিৱৰ্তে সময়ে সময়ে সকলোধৰণৰ সন্ত্রাসৰ বিৰোধিতাহে কৰি আহিছে। সমগ্ৰ পৃথিৱী ব্যাপি হাজাৰ হাজাৰ মানুহে তেওঁৰ ভিডিঅ ইন্টাৰনেটৰ জৰিয়তে প্রত্যক্ষ কৰে বুলি উল্লেখ কৰি একাংশ দুস্কৃতিকাৰীৰ কু-কৰ্মৰ বাবে তেওঁক জগৰীয়া কৰাটো অযুক্তিকৰ বুলি অভিহিত কৰে। সেয়েহে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মন্ত্রী তথা অনুসন্ধানকাৰী সংস্থাই দিয়া বিবৃতিবোৰ অসত্ মনোভাৱেৰে দিয়া বিবৃতিহে আৰু উদ্দেশ্য প্রণোদিত বুলি অভিযুগ উত্থাপন কৰে। ইয়াৰ জৰিয়তে ভাৰততে মুছলমানৰ মাজত বিভাজন আনি ৰাজনৈতিক মূনাফাৰ বাবে বর্তমানৰ চৰকাৰখনে এক কুটিল ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। লগতে হায়দৰাবাদ বোমা বিস্ফোৰণত অভিযুক্তক আইনী সাহায্য দিয়াৰ বাবে আছাদুদিন ওৱেছিক অপৰাধী সজোৱা অযুক্তিকৰ আৰু ইয়াৰ দ্বাৰা বর্তমানৰ চৰকাৰখনে যে মুছলমানৰ মুক্ত কন্ঠ আৰু ৰাজনৈতিক অধিকাৰ খর্ব কৰাৰ কুটিল ৰাজনীতি কৰি আছে সেই কথা স্পষ্ট হৈ পৰিছে প্ৰতিবাদকাৰীসকলে দাবী কৰে৷ ইফালে অসমৰ একাংশ সংবাদ মাধ্যমে গেৰুৱা ৰং হানি নির্দিষ্ট এক সম্প্রদায়ক বদনাম কৰিবলৈ উঠিপৰি লাগিছে বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে। হায়দৰাবাদৰ ৰবিনোম নামৰ এক সমৰ-কলা প্রতিযোগিতাত অংশগ্রহণ কৰা স্কুলীয়া ছাত্ৰীসকলৰ ফটো অসমীয়া প্রতিদিন কাকতৰ প্রথম পৃষ্ঠাত ছপাই জেহাদী বুলি প্ৰচাৰ চলা কাৰ্যটো অতিকৈ নিন্দনীয় আৰু ইয়াক কঠোৰ ভাষাৰে দমন কৰিবলৈ বিবৃতি যোগে অসম চৰকাৰক দাবি জনায় সংগঠনটোৱে। আইছিছৰ বৰ্বৰতা কঠোৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে আইছিছৰ নামত যাতে কোনো নিৰিহ লোকক হাৰাশাস্তি কৰা নহয় তাৰ বাবে সংগঠনটোৱে প্রশাসনক আজিৰ কাৰ্যসূচীৰ জৰিয়তে অনুৰোধ জনায়। সংগঠনটোৱে লগতে ইচলামত সন্ত্রাবাদৰ কোনো স্থান নাই সেয়েহে অসমৰ সমূহ ৰাইজক সন্ত্রাসবাদৰ বিৰুদ্ধে মাৰ-বান্ধি থিয় হ’বলৈ আহবান জনায়। প্ৰতিবাদৰ সময়ছোৱাত সংগঠনটোৱে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰা পৰিলক্ষিত হয়৷
facebook
twitter
google+
fb share