
ৱেব ডেস্ক, ১৭ জুলাই, ২০১৬ :
অৰুণাচল প্রদেশৰ উত্তপ্ত ৰাজনীতি আৰু সঘন উত্থান-পতনৰ পিচত নাটকীয়ভাৱে বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰক ব্যৰ্থ কৰি আজি কংগ্ৰেছক পেমা খাণ্ডুৱে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰে। আজি ৰাজভৱনত অনুষ্ঠিত গাম্ভীর্যপূর্ণ অনুষ্ঠানত অস্থায়ী ৰাজ্যপাল তথাগত ৰয়ে খাণ্ডুক দায়িত্ব আৰু গোপনীয়তাৰ শপত গ্রহণ কৰায়। ৰাজ্যখনৰ প্রয়াত প্রাক্তন মুখ্যমন্ত্রী দৰ্জী খাণ্ডুৰ ৩৭ বছৰীয়া পুত্র পেমা হৈছে দেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত কনিষ্ঠতম মুখ্যমন্ত্রী। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্রদেশত নতুন ৰাজ্যপাল নিযুক্তি দিয়াৰ পিচৰে পৰা নাবাম টুকী নেতৃত্বাধীন চৰকাৰখনক অস্থিৰ কৰি মূৰকত ৰাষ্ট্রপতিৰ শাসন প্রৱর্তন কৰিছিল। পিচত বিজেপি বিধায়কৰ সমর্থনত বিসম্বাদী কংগ্ৰেছ নেতা কালিখা পুলৰ নেতৃত্বাধীন চৰকাৰ গঠন হৈছিল। কিন্তু যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান কৰি ক্ষমতাচ্যত নাবাম টুকীৰ চৰকাৰখনক পুনৰ সংস্থাপিত কৰিছিল আৰু বিধানসভাত শক্তি পৰীক্ষাৰো নির্দেশ দিছিল। কিন্তু এই শক্তি পৰীক্ষাৰ পূর্বেই সকলো কংগ্ৰেছ বিধায়ক একত্রিত হয় আৰু পেমা খাণ্ডুক কংগ্ৰেছ দলৰ বিধায়িনী নেতা হিচাপে নির্বাচিত কৰে। ষাঠিজনীয়া অৰুণাচল প্রদেশ বিধানসভাত বর্তমান ৫৮ জন বিধায়ক আছে আৰু পুনৰ একত্রিত হোৱা ৪৫ জন কংগ্ৰেছ বিধায়কৰ সমর্থন পেমা খাণ্ডুৱে লাভ কৰিছে। উল্লেখনীয় যে বিধানসভাখনত বিজেপিৰ ১১ জন আৰু দুজন নির্দলীয় বিধায়ক আছে। আজি ৰাজভৱনৰ শপত গ্রহণ অনুষ্ঠানত সকলো কংগ্ৰেছ বিধায়ক উপস্থিত থাকে। লক্ষণীয় ভাবে দুয়োজন প্রতিদ্বন্দ্বী প্রাক্তন মুখ্যমন্ত্রী কালিখা পুল আৰু নাবাম টুকীয়ে ওচৰা-উচৰিকৈ আসন গ্রহণ কৰে। শপত লৈ পেমা খাণ্ডুৱে কয় যে পৰৱৰ্তী চাৰি বছৰত তেওঁ পূৰ্বৰ চৰকাৰৰ আধৰুৱা কামসমূহ সম্পূর্ণ কৰিব আৰু উন্নয়নৰ বাবে পর্যটন, জলবিদ্যুত্, কৃষি, উদ্যান শস্য, স্বাস্থ্য, শিক্ষা আৰু যোগাযোগ ব্যৱস্থাত গুৰুত্ব দিব। নতুন মুখ্যমন্ত্ৰীজনে নিজৰ প্ৰয়াত পিতৃ দজী খাণ্ডুৰ লগতে আন দুজন প্রাক্তন মুখ্যমন্ত্রী নাবাম টুকী আৰু কালিখা পুলৰ আধৰুৱা প্রকল্পসমূহ পূৰণ কৰিব। এই দুয়োজন প্রাক্তন মুখ্যমন্ত্ৰীয়ে তেওঁক সমর্থন কৰাটোৱেই তেওঁৰ বাবে ডাঙৰ সাহস বুলি খাণ্ডুৱে কয়। আজিৰ শপত গ্রহণ অনুষ্ঠানত চাওনা মেইনে উপমুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰে। স্মৰণীয় যে দৰ্জী খাণ্ডৰ হেলিকপ্টাৰ দুর্ঘটনাত মৃত্যু হোৱাৰ পিচত বিধানসভাৰ উপ-নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা পেমা খাণ্ডু বিনা প্রতিদ্বন্দ্বিতাৰে মোকটো সমষ্টিৰ পৰা জয়ী হৈছিল। উচ্চতম ন্যায়ালয়ে নাবাম টুকীৰ চৰকাৰখনক সংস্থাপিত কৰাৰ পিচতো বিসম্বাদী গোটৰ মুখ্যমন্ত্রী কালিখা পুলে তেওঁৰ পক্ষত গৰিষ্ঠসংখ্যক বিধায়কৰ সমর্থন থকা বুলি দাবী কৰি আহিছিল। বিজেপি দলেও কালিখা পুললৈ সমৰ্থন দি আৰু কংগ্ৰেছৰ বিধায়কসকলক বিভাজিত কৰি বিজেপি সমর্থিত চৰকাৰৰ শাসন অব্যাহত ৰখাৰ কুটিল চক্রান্ত কৰিছিল যদিও এয়া ব্যর্থ হয়। কংগ্ৰেছৰ সকলো বিধায়কে বিসম্বাদ আৰু মতপার্থক্য পৰিহাৰ কৰি ৰাজ্যখনত উন্নয়ন আৰু ৰাজনৈতিক সুস্থিৰতাৰ স্বাৰ্থত একত্রিত হয় আৰু পেমা খাণ্ডক নেতা হিচাপে মানি লয়। প্রাক্তন মুখ্যমন্ত্রী নাবাম টুকীয়ে ৰাজ্যখনক অস্থিৰ কৰা বাবে বিজেপি আৰু বিজেপিৰ অসমৰ নেতা হিমন্তবিশ্ব শৰ্মাক কটাক্ষ কৰি এসময়ত কংগ্ৰেছৰ নেতাজনে এতিয়া বিজেপিৰ নেতা হৈ এসময়ৰ নিজৰ দলটোৰ ক্ষতি কৰিবলৈ তত্পৰ হৈ আছে বুলি দুখ প্রকাশ কৰে। বিজেপিৰ চক্রান্তক অতিক্রমি ৰাজ্যখনত আকৌ কংগ্ৰেছৰ চৰকাৰে গঠন হোৱা বাবে আজিৰ দিনটো ৰাজ্যখনৰ বাবে আনন্দৰ দিন বুলি কয়। কালিখা পুলে সাংবাদিকৰ আগত কয় যে এতিয়া তেওঁ আৰু বিসম্বাদৰ ৰাজনীতি নকৰে, ৰাজ্যখনত উন্নয়নৰ বাবে পেমা খাণ্ডুৰ চৰকাৰলৈ সহযোগিতা আগবঢ়াই যাব। আজি পেমই শপত লোৱাৰ পিচত অৰুণাচল প্রদেশক বিজেপিয়ে কংগ্ৰেছমুক্ত কৰাৰ কুটিল চক্রান্তত চেচাপানী পৰিল আৰু দীর্ঘদিনীয়া এটা অস্থিৰতা আৰু শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰো যৱনিকা পৰিল।
facebook
twitter
google+
fb share