আজি আবেলি ৰহাত এইমচ স্থাপনৰ দাবীত হৈ থকা আন্দোলনত পুলিচৰ গুলিত নিহত হোৱা মিণ্টু দেউৰীৰ পত্নীৰ হাতত এ আই ইউ ডি এফ বিধায়িনী দলৰ তৰফৰ পৰা ১ লাখ টকাৰ চেক প্ৰদান কৰে৷ উল্লেখ্য যে এইমছ আন্দোলনৰ ৰক্তাক্ত পৰিস্থিতিত আৰক্ষীৰ গুলীচালনাত নিহত হোৱা ৰহাৰ মিন্টু দেউৰীৰ বাসগৃহলৈ বিগত দিন দুটাত ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ নেতাৰ সোঁত বোৱা পৰিলক্ষিত হৈছে। আজি এ আই ডি এফৰ বিধায়িনী দলে এইমছ আন্দোলনৰ প্রথমগৰাকী ছহিদ মিন্টু দেউৰীৰ বাসগৃহত উপস্থিত হৈ মিণ্টুৰ পত্নী আৰু পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে আৰু এইমছ স্থাপনৰ বাবে মিন্টুৱে দিয়া আত্মবলিদান অথলে নাযায় বুলি মন্তব্য কৰে। দলটোৱে ৰাজ্য চৰকাৰৰ অসম বিৰোধী স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰে৷
-
Blogger Comment
-
Facebook Comment

facebook
twitter
google+
fb share