ৱেব ডেস্ক, ১৮ জুলাই, ২০১৬ :

আসন্ন ৰিঅ’ অলিম্পিকত ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিজাই মহাৰাষ্ট্ৰৰ প্রার্থনা থম্বাৰেক সংগী কৰি ডাবলছত অৱতীর্ণ হ’ব। প্রার্থনাৰ সৈতে যুটি বান্ধি ভাৰতৰ আশানুৰূপ প্রদর্শন দাঙি ধৰিবলৈ সাজু হৈ থকা ছনিয়াই মহাৰাষ্ট্ৰৰ খেলুৱৈগৰাকীক ভূয়সী প্রশংসা কৰে। যোৱা ডেৰ বছৰৰ পৰা ছানিয়া মির্জা টেনিছ একাডেমীত কঠোৰ অনুশীলন চলাই থকা প্রার্থনাক দেশৰ ভৱিষ্যতৰ তাৰকা বুলি অভিহিত কৰে ছানিয়াই। বলিউডৰ জনপ্রিয় অভিনেতা ছলমান খানে কালি এক অনুষ্ঠানত ছানিয়াৰ আত্মজীৱনী এচ এগেইনষ্ট অডছ মুকলি কৰে।

এই অনুষ্ঠানতে ছানিয়াই প্রার্থনাৰ লগতে দেশৰ আগশাৰীৰ মহিলা খেলুৱৈসকলকে ভূয়সী প্রশংসাৰে উপচায়। তেওঁ কয় যে ক্রমশঃ বৃদ্ধি পাই অহা মহিলা খেলুৱৈসকল বর্তমান দেশৰ অন্যতম শক্তি হৈ পৰিছে। মেৰী কম আৰু ছাইনাৰ দৰে তাৰকাই উদীয়মান খেলুৱৈসকলক অনুপ্রাণিত কৰা বুলি তেওঁ কয়।

facebook
twitter
google+
fb share