ৱেব ডেস্ক, ১৭ জুলাই : 

এ আই এম আই এমৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদিন ৱেইছৰ বিৰুদ্ধে আজি ৰুজু হৈছে এটা দেশদ্রোহ সম্পৰ্কীয় গোচৰ। ৰাষ্ট্রবিৰোধী শক্তিক প্রশ্রয় দিয়াৰ অভিযোগত টুটাউন৷ বিজেপি নেতা তথা অধিবক্তা বি মহেন্দ্র ৰেডিয়ে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত এই গোচৰটো ৰুজু হয়৷ ৰাষ্ট্ৰবিৰোধী আইনী সাহায্য প্রদানৰ অভিযোগত ৱেইছৰ বিৰুদ্ধে গোচৰ দাখিল হৈছিল। আবেদনকাৰী ৰেডিডৰ অভিযোগ হ’ল— সাংসদ হৈয়ো ৱেইছিয়ে চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। উল্লেখ্য, আইছিছৰ সৈতে সম্পর্ক থকাৰ অভিযোগত অলপতে আৰক্ষীয়ে গ্রেপ্তাৰ কৰা হায়দৰাবাদৰ পাঁচজন যুৱকক আইনী সাহায্য আগবঢ়াব বুলি ৱেইছিয়ে সদৰী কৰিছিল।
facebook
twitter
google+
fb share