ৰাজ্যৰ ৫০৯ স্থানত খহনীয়াৰ কালৰূপ

সত্রদ্বীপ মাজুলীৰ ৩০খন ঠাইৰ প্রতি তীব্র ভাবুকি সৃষ্টি কৰিছে ব্রহ্মপুত্ৰ-সোৱণশিৰিয়ে
গুৱাহাটী, ২৮ জুলাইঃ
প্রলয়ংকৰী বানৰ সমান্তৰালভাৱে ভূতৰ ওপৰত দানহ।পৰা দি ৰাজ্যৰ ভিন্ন প্রান্তত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। ব্রহ্মপুত্ৰ-বৰাক আৰু ইয়াৰ উপনৈসমূহৰ সংহাৰী গৰাখহনীয়াই হাজাৰ হাজাৰ পৰিয়ালৰ ভৱিষ্যতলৈ নমাই আনিছে অশনি সংকেত। ইতিমধ্যে ঘৰ-বাৰী জাহ যোৱা বহুসংখ্যক লোকে মুকলি আকাশৰ তলতে দিন নিয়াবলগীয়া হৈছে। আন একাংশই আকৌ গৰাখহনীয়াৰ ৰুদ্রমূর্তিত শংকিত হৈ মূৰৰ ওপৰৰ শেষ সম্বলস্বৰূপ ঘৰৰ চালিখন ভাঙি লৈ আশ্রয় লৈছে নিৰাপদ স্থানত। অকল মানুহৰ বাবেই নহয়, জৈৱ-বৈচিত্ৰ্যৰ প্ৰতিও গৰাখহনীয়া চৰম ভাবুকিৰ কাৰক হৈ পৰিছে। কিয়নো ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰিছে মানাহ ৰাষ্ট্রীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ এক বিস্তীর্ণ অংশ। বানপানীৰ পৰিপ্রেক্ষিতত বন্যপ্রাণীৰ জীৱনলৈ অধিক সংশয় নামি অহাৰ সময়তে মানাহ ৰাষ্ট্রীয় উদ্যানৰ খৰৈবাৰী-গোৱধনাত বেঁকী আৰু কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত ব্ৰহ্মপুত্ৰৰ সোতে ব্যাপক গৰাখহনীয়া সৃষ্টি কৰিছে। জলসম্পদ বিভাগৰ এক শীর্ষ সূত্রই দিয়া তথ্য অনুসৰি সামগ্রিকভাৱে বর্তমান ৰাজ্যৰ ৫০৯ স্থানত অব্যাহত আছে গৰাখহনীয়া। ব্রহ্মপুত্র-বৰাকসহ মুঠ প্রায় ৫৬খন সৰু-বৰ নৈ এনে গৰাখহনীয়াৰ ফলত সংশ্লিষ্ট স্থানসমূহত বসবাস কৰা জনসাধাৰণৰ বাবে সম্প্রতি ত্ৰাসৰ কাৰণ হৈ পৰিছে। সূত্ৰটোৱে এই সন্দৰ্ভত দিয়া বিস্তৃত তথ্য অনুসৰি জলসম্পদ বিভাগৰ পলাশবাৰী-গুমী প্রকল্প সংমণ্ডলৰ দখজলা, মকৰধ্বজ, ফুতৰিত ব্ৰহ্মপুত্ৰই আৰু বগাপানী,চাপতৰি, জৰাবাৰীত গৰাখহনীয়া অব্যাহত ৰাখিছে কুলচী নৈয়ে। গুৱাহাটী পূব সংমণ্ডলৰ তামুলীবাৰীত পানীখাইতী নৈ, ধেমাজি সংমণ্ডলৰ চেঙাজানত ব্ৰহ্মপুত্র, উজনি বালিজানত গাইনদী; ঢকুৱাখনা সংমণ্ডলৰ গৰৈমাৰী; তিনিচুকীয়াপাম, হাতীয়েমৰ চাপৰি, ঘাগৰমুখ বালিগাঁৱত সোৱণশিৰি, মৰিগাঁও সংমণ্ডলৰ বৰবিল, মোৱামাৰী, ভূৰাগাঁও, বৰালিমাৰীত ব্ৰহ্মপুত্র; কোকৰাঝাৰ সংমণ্ডলৰ উপেন্দ্ৰপুৰ, শিমলাবাৰী, সুৰেন্দ্ৰপুৰ, জৰাগুৰি পিজিআৰ-এ মাজাবৰী, গৰুমৰাচৰ, চৌধুৰীঘাটত সোণকোষ, জোনালীগাঁও, বাংটিঝোৰা, নচৰাইবিল, ঠুৰীবাৰী, চৰাইবিল, নচৰাইবিল গাঁও, পকলাগি গাঁও, ৰাজেন্দ্ৰপুৰ,জোনালীত লাহনপুৰ, বৌৰাগুৰি, শালবাৰী, নন্দীপুৰ হাইনাৰীত জকাটি আৰু কৰিমগাজাৰ গোসাঁইগাঁও চহৰ, পোৱালপাৰা, দলগাও, গুৱাবাৰী, বুবু বিল, বাছবাৰী, চাকমা, হেংচাবিল, ভুমকা, বাংলাবাৰী আৰু নেপাল বাথানত মোদাটি নৈৰ সোতে তীব্র গৰাখহনীয়া সৃষ্টি কৰিছে। একেটা সংমণ্ডলৰ আন ১৬টা স্থানত গংগিয়া, ৯টা স্থানত হেল, ১৬টা স্থানত গুৰুং, ৫টা স্থানত চম্পাৱতী আৰু ২৫টা স্থানত সৰলভাংগা নৈৰো গৰাখহনীয়াই বহু পৰিয়াললৈ মাতি আনিছে বিপদ। চিৰাং সংমণ্ডলৰ ৭টা স্থান বেঁকী নৈৰ গৰাখহনীয়াৰ কবলত পৰিছে।

একেদৰে তেজপুৰ সংমণ্ডলৰ দুটা স্থানত ছত্ৰং, সাতটা স্থানত জীয়াভৰলী, হৈছে ডিপেটা নৈৰ গৰাখহনীয়া। নগাঁও সংমণ্ডলৰ গতিকাৰাগাঁও আৰু মোৱামাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াই স্থানীয় জনসাধাৰণৰ মাজত আতংক সৃষ্টি কৰিছে। বাগসা সংমণ্ডলৰ অধীনস্থ ৫০টাকৈ স্থান জাহ যোৱাৰ উপক্রম হৈছে পাগলদিয়া, পত্ন, পোমোৰা, ৰূপহী, পহুমৰা, কালদিয়া, আঙুলিছিঙা, মৰাপাগলাদিয়া, পুঠিমাৰী, বৰলিয়া, মতোঙা, বাল্টি, শুক্লাই, গোলন্দি, ভোলা, পাগলা, ননৈ আৰু ধনশিৰি নৈৰ গৰাখহনীয়াত। ইতিমধ্যে অস্তিত্বৰ প্রতি তীব্র ভাবুকিৰ উদ্ভৱ হোৱা সত্রদ্বীপ মাজুলীৰ ৩০টাকৈ স্থানত ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ তীব্র খহনীয়া অব্যাহত আছে। ডিব্ৰুগড় সংমণ্ডলৰ ৫১টা স্থানৰ ৰাইজ ত্ৰাসিত হ’বলগীয়া হৈছে বুঢ়ীদিহিং নৈৰ খহনীয়াৰ বাবে। তদুপৰি সংমণ্ডলটোৰ অধীনস্থ ৭টা স্থানত কুণ্ডিল, এটা স্থানত বালিজান, এটা স্থানত দিবাং, দুটা স্থানত দেওপানী, দুটা স্থানত নদিহিং, এটা স্থানত ডুমডুমা, চাৰিটা স্থানত তিৰাপ আৰু ৮টা স্থানত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই একপ্রকাৰ সংহাৰী ৰূপ ধাৰণ কৰিছে। অনুৰূপ ধৰণে বৰপেটা সংমণ্ডলৰ ১৪টা আৰু গোৱালপাৰা সংমণ্ডলৰ ১১টা স্থান সম্প্রতি খহনীয়াৰ কবলত। যোৰহাট সংমণ্ডলৰ ৬ স্বানত ব্ৰহ্মপুত্র-জাঁজী, শিৱসাগৰ সংমণ্ডলৰ ২৮টা স্থানত দিখৌদিবাং-দিহিং-ব্রহ্মপুত্র, ধুবুৰী সংমণ্ডলৰ ১৪টা স্থানত ব্ৰহ্মপুত্ৰ আৰু ধুবুৰী সংমণ্ডলৰ ২৪টা স্থানত গংগাধৰ নৈৰ ব্যাপক খহনীয়া অব্যাহত আছে। হাইলাকান্দি সংমণ্ডলৰ ২৪টা স্থানলৈ তীব্র ভাবুকি আনিছে কাটাখাল নৈৰ গৰাখহনীয়াই। সেইদৰে বৰাক নৈয়ে শিলচৰ সংমণ্ডলৰ ২০ আৰু কাছাৰ অনুসন্ধান সংমণ্ডলৰ ১০ স্থানত ব্ৰহ্মপুত্ৰ নৈৰ তীব্র খহনীয়া অব্যাহত আছে। উল্লেখ্য যে ১৯৫০ চনৰ পাছত গৰাখহনীয়া এক জটিল সমস্যা হৈ পৰিছে অসমবাসীৰ বাবে ইতিমধ্যে বিগত সময়ছোৱাত ৰাজ্যৰ ভৌগোলিক পৰিসীমা সংকুচিত কৰি তোলা গৰাখহনীয়াত এক বিস্তীর্ণ অঞ্চল জাহ গৈছে। বানপানীৰ লগতে গৰাখহনীয়াকো ৰাষ্ট্রীয় সমস্যা ৰূপে ঘোষণা কৰাৰ বাবে বিভিন্ন দলসংগঠনে দাবী জনাই আহিছে যদিও এইক্ষেত্ৰত আজিপৰ্যন্ত কোনোধৰণৰ বাস্তৱ পদক্ষেপ গ্রহণ কৰা নহ’ল। অসমৰ সাংসদ হিচাপে ড° মনমোহন সিঙে দুটাকৈ কার্যকাল দেশৰ প্রধানমন্ত্ৰীৰ আসনত থকাৰ লগতে তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ ক্রমাগতভাৱে তিনিটাকৈ কার্যকাল ৰাজ্যৰ শাসনত থকাৰ পাছতো গৰাখহনীয়া সমস্যাটো সমাধানৰ হকে ফলপ্রসূ কার্যব্যৱস্থা নকৰা বিষয়টো যোৱা সময়ছোৱাত বহুলভাৱে চর্চিত হৈ আহিছে। এনে নৱগঠিত মিত্ৰজোঁটৰ চৰকাৰখনে এইক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্রহণ কৰে, সেয়া হ’ব লক্ষণীয়।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment