বি এডৰ অত্যাধিক মাচুল হ্ৰাসৰ দাবীতত পুনৰ আমৰণ অনশনত বহিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

মুখ্যমন্ত্রীয়ে গুৰুত্ব নিদিয়াত এই আন্দোলন

ৱেব ডেস্ক,২৭ জুলাই, ২০১৬ :

যি সময়ত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক নিযুক্তিৰ বাবে বাধ্যতামূল বি এড ডিগ্ৰী পঢ়িবলৈ প্ৰতিটো বৰ্ষতে নাম ভৰ্তিৰ বাবদ ৪৫০০০-৬০০০০ টকা পৰ্যন্ত আদায় দিবলগীয়া হৈছে সেই সময়তে এই অত্যাধিক নামভৰ্তি মাচুল হ্ৰাস কৰাৰ লগতে ইয়াৰ লগত জড়িত আনুষংগিক সমস্যা সমূহ সমাধানৰ দাবী জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যোৱা ২৫ জুলাইৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত গ্ৰহণ কৰিছিল এক আমৰণ অনশন কাৰ্যসূচী। অনশন কাৰ্যসূচী গ্ৰহণৰ পূৰ্বে এই সম্পৰ্কে কাহিলীপাৰাস্থ শিক্ষা সঞ্চালকালয় আৰু বৰপেটা উপায়ুক্তৰ কাৰ্যালয়তো আন্দোলনৰ কাৰ্যসূচীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল।


অন্যহাতে ২৬ জুলাই তাৰিখেও আমৰণ অনশনথলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈও গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল। ইপিনে বি এড মহাবিদ্যালয় সমূহৰ শিক্ষা গ্ৰহণৰ লগত জড়িত সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তপক্ষৰ হৈ উপাচাৰ্য আৰু পঞ্জীয়কৰ তত্পৰতাত কেইবালানি আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীৰ গুৱাহাটী বিশ্ববিদ্যালয় আগমনত তেওঁৰ সৈতে সাক্ষাত্ আৰু সমস্যা সমাধানৰ বাবে বিশ্ববিদ্যালয়ৰ কৰণীয়খিনি কৰাৰ প্ৰতিশ্ৰুতি দিয়াত ২৬ জুলাই তাৰিখে আমৰণ অনশন সাময়িকভাৱে স্থগিত ৰখা হৈছিল। সেইমৰ্মে ২৭ জুলাইত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্বৰাফুল ইছলাম,বিশ্ববিদ্যালয় সমিতিৰ বাবুল হুছেইনকে আদি কৰি এক সঁজাতী দলে মুখ্য মন্ত্ৰীক সাক্ষাত্ কৰে আৰু বিষয়টোৰ গুৰুত্ব বুজাই কয় যদিও মুখ্যমন্ত্ৰী গৰাকীৰ গা-এৰা আৰু বিশ্ববিদ্যালয়লৈ দ্বায়িত্বটো ঠেলি দিয়া ধৰণৰ কথাত অসন্তুষ্ট হৈ পুণৰ আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰ সংগঠনটোৱে। উল্লেখযোগ্য যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এই প্ৰসঙ্গত হেচা প্ৰয়োগ কৰিলেএই বিষয়টো বিশ্ববিদ্যালয়ৰ এক্তিয়াৰত নপৰে বুলি অপাৰগতা প্ৰকাশ কৰি চৰকাৰলৈ ঠেলি দিয়ে। এনে এক গুৰুতৰ বিষয়ত খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বহীনতাত ক্ষুভিত হৈ পৰি মাচুল হ্ৰাসৰ লিখিত প্ৰতিশ্ৰুতি নতুবা আদেশ নোপোৱা পৰ্যন্ত আমৰণ অনশন অব্যাহত থাকিব বুলি কৈ পুণৰ অনসনত বহিছে ছাত্ৰছাত্ৰী সকলে । ইপিনে শিক্ষামন্ত্ৰীৰ দৃষ্টি আকৰ্ষণৰ বাবে ৬ দফীয়া দাবী সমূহ ক্ৰমে-অপ্ৰাদেশীকৃত বি এড মহাবিদ্যালয় সমূহক নিয়ন্ত্ৰণ কৰি নামভৰ্তি মাচুল ১০০০০ টকালৈ হ্ৰাস কৰাৰ লগতে চৰকাৰী বি এড মহাবিদ্যালয় সমূহতো নামভৰ্তি মাচুল ৫০০০ টকালৈ হ্ৰাস কৰা, সকলো বি এড মহাবিদ্যালয় সমূহত আসনৰ সংখ্যা বৃদ্ধি কৰা, অপ্ৰাদেশীকৃত বি এড মহাবিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰা, সমগ্ৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকলৰ চাহিদা পূৰণ কৰিব পৰাকৈ সকলো জিলাতে নতুনকৈ প্ৰয়োজনীয় বি এড মহাবিদ্যালয় স্থাপনৰ লগতে আন্তঃগাঁথনিৰ সৃষ্টি কৰা, গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ লগতে ৰাজ্যখনৰ সকলো বিশ্ববিদ্যালয় চৌহদতেই বি এড মহাবিদ্যালয় স্থাপন কৰা, চৰকাৰী বি এড মহাবিদ্যালয় সমূহত শিক্ষক সকলৰ উপৰিও সাধাৰণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবেও আসন সংৰক্ষণ কৰাৰ দাবীলৈ অনুষ্ঠিত কৰা অনশন কাৰ্যসূচীটোৰ প্ৰতি এন এচ ইউ আইৰ বিশ্ববিদ্যালয় সমিতি, এচ এফ আই, গণতান্ত্ৰিক যুৱ-ছাত্ৰ মঞ্চ আদিয়ে পুৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াই বুলি এক বিবৃতি যোগে ছাত্ৰ মুক্তিৰ নেতৃত্বই জানিবলৈ দিয়ে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment