বেঁকীৰ গৰাখহনীয়া প্রতিৰোধৰ দাবীত আমছুৰ পথ অৱৰোধ

কৃষক নেতা অখিল গগৈৰ পৰিদৰ্শন, আন্দোলন ঘোষণা

শালবাৰী, ২৭ জুলাই, ২০১৬ :

বেঁকী নদীৰ গৰাখহনীয়া বিজ্ঞানসন্মত ভাবে প্রতিৰোধৰ ব্যৱস্থা কৰা, খহনীয়াৰ কবলত পৰা পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা, ৰেচনৰ ব্যৱস্থা কৰাকে আদি কৰি কেইবাটাও দাবীৰ সমৰ্থনত আজি পুৱা ৯.৩০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ গোৱধনা আঞ্চলিক সমিতিৰ উদ্যোগত সংগঠনটোৰ বৰপেটা তথা বাক্সা জিলা সমিতিৰ লগতে বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ সহযোগত বৰপেটাৰোড-মানাহ সংযোগী গড়কাপ্তানি পথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰে। গোৱধনাৰ জি কে বি কলেজৰ সমীপত অনুষ্ঠিত উক্ত পথ অৱৰোধ কাৰ্যসূচীত কৃষক নেতা অখিল গগৈয়ে উপস্থিত হৈ আন্দোলনত অংশ গ্রহণ কৰাৰ লগতে নিজৰ সমস্যা সমাধান কৰাৰ বাবে ৰাইজক ৰাজপথলৈ ওলাই অহাৰ আহবান জনায়। প্রতিবাদী জনতাক উদ্দেশ্যি প্রদান কৰা বক্তব্যত কৃষক নেতা গৰাকীয়ে অহা চেপ্টেম্বৰ মাহত গোৱৰ্ধনা অঞ্চলৰ লগতে বেঁকীৰ গৰাখহনীয়াৰ কবলত পৰা ৰাইজক লৈ দিছপুৰলৈ ছাইকেল যাত্রা কৰি প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা বুলি প্রকাশ কৰে। তেওঁ স্থানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক কঠোৰ ভাষাৰে সমালোচনা কৰি অধ্যক্ষৰ কাম-কাজৰ উপৰিও নিজৰ সমষ্টিৰ দুখ-দুর্দশাৰ ওপৰতো গুৰুত্ব দিয়াৰ বাবে আহবান জনায়। কৃষক নেতাগৰাকীয়ে বেঁকী নদীৰ প্রবল গৰাখহনীয়াৰ কবলত পৰা অঞ্চল পৰিদৰ্শন কৰিবলৈ এই অঞ্চললৈ আহি এইদৰে আমছৰ আন্দোলনত আকষ্মিক ভাবে অংশ গ্রহণ কৰে। তেওঁ বেঁকীৰ নাৰায়ণগুৰিৰ ছিগা মথাউৰিও পৰিদৰ্শন কৰে।



উল্লেখ্য যে বাক্সা আৰু বৰপেটা জিলাৰ বিস্তীর্ণ অঞ্চলৰ গৰাখহনীয়া প্রতিৰোধ কৰাৰ ক্ষেত্ৰত বিভাগীয় কর্তৃপক্ষৰ হেমাহিৰ বাবে ক্ষতিগ্রস্থ হৈছে হাজাৰ হাজাৰ কৃষক-পৰিয়াল। ২০০৪ আৰু ২০০৭ চনৰ পিছৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বৰপেটাৰোডলৈকে বেঁকী নদীখন গৰাখহনীয়াৰ ফলত প্রায় চাৰিগুণ বহল হৈ পৰিছে। বিগত বছৰটোৰ এই একেটা মাহতে উক্ত বেঁকী নদীৰ গৰাখহনীয়া প্রতিৰোধ কৰাৰ দাবীত আমছুৱে আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰিছিল যদিও এই পর্যন্ত উক্ত নদীৰ গৰাখহনীয়া প্রতিৰোধ কৰাত ব্যর্থতা প্রদর্শন কৰি আহিছে কর্তৃপক্ষই। বিগত এটা মাহতেই মুষলধাৰ বৰষুণৰ ফলশ্রুতিত প্রবল বানৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ বৰপেটা জিলাৰ গামাৰীগুৰী, ছাফাকামাৰ আদি অঞ্চলৰ নব্বৈ টা কৈ পৰিয়ালৰ মাটি-ভেটি বেঁকীৰ বুকুত জাহ গৈছে। আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি আমছুৱে ৰাজ্যৰ মুখ্যমন্ত্রীলৈ এখন চাৰিদফীয়া দাবী সম্বলিত স্মাৰক পত্র বাক্সা আৰু বৰপেটা জিলা প্রশাসনৰ জৰিয়তে প্রেৰণ কৰে। উক্ত আন্দোলনৰ কাৰ্যসূচীত আমছুৰ কেন্দ্রীয় শিক্ষা আৰু আলোচনী সম্পাদক সাজাহান আলী আহমেদ, বৰপেটা আৰু বাক্সা জিলা সমিতিৰ উপদেষ্টা মইনুল হক খান, বৰপেটা জিলা সমিতিৰ সভাপতি নজৰুল ইছলাম, বাক্সা জিলা সমিতিৰ সভাপতি মিনহাজুল ইমৰাণ প্রমূখ্যে বিষয়-ববীয়াসকলে অংশ গ্রহণ কৰে। উক্ত প্রতিবাদী কাৰ্যসূচীৰ আঁত ধৰে গোৱৰ্ধনা আঞ্চলিক সমিতিৰ সভাপতি ৰাজু মাহমুদে। প্রতিবাদৰ সময়ছোৱাত বিভিন্ন শ্ল’গানেৰে প্রতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলাও পৰিলক্ষিত হয়।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment