গুৱাহাটী¸ ২৭ জুলাই:
ৰাজ্যখনত হোৱা প্ৰলয়ংকাৰী বানপানীৰ বাবে অসম বিধান সভাৰ অধিবেশনখনি ৩০ জুলাইলৈকে স্থগিত ৰখা হৈছে । বিৰোধী পক্ষই বানপানীৰ বাবে এসপ্তাহৰ বাবে সদন স্থগিত ৰখাৰ দাবী তোলাৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত লোৱা হয়। সম্প্ৰতি ৰাজ্যখনত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু ১৮ খন জিলাৰ প্ৰায় ১৬ লাখ মানুহ ক্ষতিগ্ৰস্থ হৈছে। বৰ্তমান ৩২২ টা আশ্ৰয় শিৱিৰত ১.১৭ লাখ মানুহ আছে। বানত এতিয়ালৈ ১২ জন লোকৰ মৃত্যু হৈছে। আনহাতে মাজুলীৰ বানপানীৰ অৱস্থাৰ বুজ লোৱাৰ বাবে কাইলৈ মাজুলীলৈ যাব মুখ্যমন্ত্ৰী সোণোৱাল লগতে মুখ্যমন্ত্ৰীয়ে সকলো বিধায়ককে নিজৰ নিজৰ সমষ্টিৰ বান পৰিস্থিতিৰ বুজ লৈ প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে।
facebook
twitter
google+
fb share