২৮ জুলাইত ৰাজ্যব্যাপী ‘সংখ্যালঘু বিৰোধী বাজেটৰ’
প্ৰতিকৃতি দাহ কৰিব আমছুৱে
ৱেব ডেস্ক, ২৭ জুলাই, ২০১৬ :

২৬ জুলাই তাৰিখে অসম বিধান সভাত অসমৰ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৪ ঘন্টা ১৫ মিনিট ভাষনৰ ফুলজাৰিৰে দাখিল কৰা সাধাৰণ বাজেটত অসমৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ সংখ্যালঘু সম্প্ৰদায়ৰ উন্নয়নৰ বাবে কোনো নতুন আঁচনিৰ প্ৰস্তাৱ নকৰাত আৰু সংখ্যালঘু উন্নয়ন বৰ্ড, চৰ উন্নয়ন বিভাগৰ পূঁজি কৰ্তন কৰি সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে অসমৰ সংখ্যালঘু সকলক নিঃশেষ কৰাৰ পৰিকল্পনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউিনয়ন চমুকৈ আমছুৱে৷ বাজেটৰ জৰিয়তে ৰাজ্যৰ সংখ্যালঘুসকলৰ বঞ্চনা কৰাৰ প্ৰিতবাদত সংগঠনেটাৱে কাইলৈ (২৮ জুলাই) দিনৰ ১২ বজাত অসমৰ প্ৰতিখন জিলাৰ ৰাজহুৱা স্থানত ‘সংখ্যালঘু বিদ্বেষী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল’, বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি আৰু ‘সংখ্যালঘু বিৰোধী বাজেটৰ’ প্ৰতিকৃতি দাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিবৃতিত প্ৰকাশ কৰিছে সংগঠনটোৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে৷ তেওঁ আমছুৰ কেন্দ্ৰীয় সমিতিৰ সমুহ বিষয়ববীয়া, কাৰ্যকৰী সদস্য, জিলা সমিতি সমুহৰ সভাপতি, সাধাৰণ সম্পাদক সমন্বিতে সমুহ বিষয়ববীয়াক আঞ্চলিক সমিতি সমূহৰ সহযোগত উক্ত প্ৰতিমূৰ্তি ও প্ৰতিকী বাজেট দাহ কাৰ্যসূচী যথাসময়ত ৰূপায়ন কৰিবলৈ আহ্বান জনাইছে৷

facebook
twitter
google+
fb share