এখন সন্দর্যময় গাওঁ। গাওঁখনৰ মাজতেই চাৰিওফালে বিভিন্ন ধৰণৰ সেউজীয়া শস্যৰে ভৰা কৃষিভূমি, কুহিয়াৰ খেতি, ধান, ঘেহু সৰিয়হ, ফুল কবি, বান্দা কবি, বিলাহী, বেঙেনা, টিয়হ, জিকা, ভোল, আলু, আদি মাহ জাতিয় শস্যৰে ভৰা গাওঁৰ কাহিনী।
মই তেতিয়া উত্তৰ ছাফাকামাৰ এনায়েত উল্লাহ মেমেৰীয়েল এম-ই-স্কুলৰ ষষ্টম মান শ্রেণীৰ ছাত্র। স্কুলখন উত্তৰ ছাফাকামাৰ লক্ষ্মীৰ চকৰ পৰা প্রায় ৫০০ মিটাৰ পশ্চিমত আছিল। স্কুলখনৰ পৰা ঠিক আধা কিলমিটাৰ পশ্চিম দিশত গামাৰীগুৰী-উত্তৰ ছাফাকামাৰ নামেৰে এখন শুৱনী গাওঁ আছিল। গাওঁখন প্রায় উত্তৰ-দক্ষিণে দুই কিলমিটাৰ দীঘল আৰু পূৱ-পশ্চিমে ডেৰ কিলমিটাৰ বহল আছিল। গাওঁখনৰ নিচেই ওচৰত পশ্চিম দিশত আছিল বেঁকী নদী। সম্পূর্ণৰূপে মুছলমান জনবসতি গাওঁখন এক আদর্শ গাওঁ হিচাপে পৰিচিত আছিল। আমি নিতো আবেলি সময়ত খৰালি কালত স্কুলৰ পৰা আহি লগৰ সমনীয়াৰ লগত প্রায় ডেৰ কিলমিটাৰ খোজ কাঢ়ি বেঁকী নৈত গা-ধুৱলৈ গৈছিলোঁ। গা-ধুই ভিজা কাপোৰসহ ঘৰলৈ আহি পোৱাৰ আগতেই শৰীৰৰ কাপোৰ শুকাই আগৰ দৰে হৈছিল। আকৈ গা-ধুব লগা হৈছিল। কিন্তু সেই আদর্শ গাওঁখন আমি বেচি দিন উপভোগ কৰিব নোৱাৰিলোঁ।
২০০৪ চনৰ কথা। বেঁকী নদীৰ প্ৰৱল বান-পানীয়ে উক্ত গাওঁখনৰ কাল হৈ পৰিল। মোৰ আজিও মনত পৰে মোৰ ঘৰৰ ভিতৰত প্রায় ৮৯ দিন পানী আছিল। গোটেই অঞ্চলখন বানৰ কৱলত পৰি কক্বকাই থকা দৃশ্য হয়তো কেতিয়াওঁ পাহৰা সম্ভৱ নহয়। কিমান মানুহ যে, সেই বান-পানীৰ গেলা-পচা পানীত গা-ধুই হাত ভৰি ধুই, কাপোৰ কানিৰ পৰা ঘৰৰ বিভন্নি কামত ব্যৱহাৰ কৰাৰ ফলত ডাইৰিয়া, কলেৰা আদি বেমাৰ হৈ মৰিছেতাৰ কোনো ক্ষতিপূৰণ চৰকাৰৰপৰা পোৱা বুলি মোৰ মনত নপৰে। তাৰোপৰিওঁ সেই বেঁকীৰ বাঢ়ণী পানীত, হাজাৰ-হাজাৰ গৰু, ছাগলী, হাঁহ, কুকুৰা, ভেৰা, মহ আদি ভাহি গৈছিল তাৰ কোনো হিচাপ পোৱা নাই।
কিমান গৰু,ছাগলী ঘাহৰ অভাৱত মৰিল কল গছৰ ভেল বনাই বাকী কৰণীয় কামখিনি সম্পূর্ণ কৰিছিলোঁ। এখন চালপিৰাৰ ওপৰত আন এখন চালপিৰা উঠাই বহি-বহি দিনবোৰ পাৰ কৰিছিলোঁ। অসম চৰকাৰে মাহত দুবাৰকৈ জন-প্রতি এক কিলগ্ৰামকৈ চাউল, ৫০ গ্রামকৈ ডালি আৰু কিছু লৱনৰ বাহিৰে কোনো সাহার্য পোৱা পৰিলক্ষিত হোৱা নাই। যোৱা ২০০৪ চনৰপৰা আজি ২০১৬ চন অতিক্রম কৰিবৰ হ’ল,কিন্তু উক্ত গাওঁখন বেঁকী নদীয়ে গ্রাহ কৰি-কৰি সুদীর্ঘ বাৰটা বছৰৰ পাৰ কৰিলে। আজি অন্তিম সময় তথাপিওঁ সেইগাওঁখনত পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰবিজেপি চৰকাৰৰ সূ-দৃষ্টিনপৰিলে।
চাওঁতে চাওঁতে অসমৰ মানচিত্ৰৰপৰা গামাৰীগুৰী, উত্তৰ ছাফাকামাৰ গাওঁ দুখন নাইকিয়া হৈ গ’ল। বর্তমান মাথো কেইটামান শিক্ষা অনুষ্ঠান যেনে গোৱৰ্দ্ধনা হাইস্কুল, গোৱৰ্দ্ধনা ছোৱালী হাইস্কুল, গোৱৰ্দ্ধনা খাৰিজ বিজনী কলেজ, চৰকাৰী কায্যালয়-৯২ নং গোৱৰ্দ্ধনা গাওঁ পঞ্চায়ত, পহু চিকিত্সালয়ৰ লগতে ঈদ-গাহ ময়দান, গামাৰীগুৰী-উত্তৰ ছাফাকামাৰ জামা মছজিদ, শংকৰদেৱ শিশু নিকেতন, শংকৰ-আজান জাতীয় বিদ্যালয়, গোৱৰ্দ্ধনা আঞ্চলকি জাতীয় বিদ্যালয়, গোৱৰ্দ্ধনা চক, অসম গ্রামীণ বিকাশ বেংক, চিকিত্সা সেৱা কেন্দ্র আদি আছে হয়তো সেই খিনিওঁ যে বেঁকীৰ বুকুত গুচি যাৱ সেয়া নিশ্চিত। ইয়াৰ কাৰণে আচলতে প্রকৃততে দায়ী কোন আপোনালোকে কৱ পাৰিৱনে ? উত্তৰ বিচাৰিলোঁ৷
facebook
twitter
google+
fb share