হিন্দু বাংলাদেশীক ভাৰতীয় কৰাৰ বিৰুদ্ধে দিছপুৰ উত্তাল কৰিলে কৃষক মুক্তিয়ে
ৱেব ডেস্ক, ৩ আগষ্ট, ২০১৬ :

পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰপৰা প্ৰব্ৰজন কৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰা লোকসকলক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ সংগঠনটোৰ তিনি সদস্যই ২৫ জুলাইৰপৰা ইয়াৰ প্ৰতিবাদত দীঘলীপুখুৰীপাৰত আমৰণ অনশন অব্যাহত ৰাখিছে৷ অনশনথলীতে আজি এখন সংবাদমেলত সমিতিৰ উপদেষ্টা অখিল গগৈয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে লোৱা সিদ্ধান্তই অসমৰ সৰ্বনাশ মাতি আনিব বুলি উল্লেখ কৰি গগৈয়ে কয় যে অসমতে অসমীয়াই অতিশীঘ্ৰে ৰাজনৈতিক নিয়ন্ত্ৰণ হেৰুৱাই পেলাব৷ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ আক্রমণ কৰি কৃষক নেতাজনে কয়, অসমক বিদেশীমুক্ত কৰাৰ স্বাৰ্থতে উচ্চতম ন্যায়ালয়ত আই এম ডি টি আইন বাতিল কৰি জাতীয় নায়কলৈ পৰিণত হৈছিল সৰ্বানন্দ৷ কিন্তু আজি সেই সৰ্বানন্দই হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰাৰ ক্ষেত্ৰত নিমাতে আছে৷ ক্ষমতাৰ বাবে সৰ্বানন্দ সোণোৱালে অসম মাতৃক দিল্লীৰ ওচৰত বিক্রী কৰিছে৷ সেয়েহে প্ৰত্যেকজন অসমীয়াক কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিবেচনা কৰিবলৈ অখিল গগৈয়ে আহ্বান জনায়৷ ইতিমধ্যে লোকসভাত নাগৰিকত্ব আইন সংশোধনৰ বাবে উত্থাপন কৰা বিধেয়ক গৃহীত হ’লে অসমত বিশ লাখ হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি অখিল গগৈয়ে জানিবলৈ দিয়ে৷ ইয়াৰ ফলত অসম দ্বিতীয় ত্ৰিপুৰালৈ ৰূপান্তৰিত হ’ব বুলি মন্তব্য কৰি তেওঁ কয়, ত্ৰিপুৰাৰ স্থানীয় জনজাতিয়ে কোৱা স্থানীয় ভাষা ক্রমে ৰিয়াং, ককবৰক আৰু ত্ৰিপুৰী কোৱা মানুহৰ সংখ্যা হৈছে ৮,৫৪,০২৩জন৷ কিন্তু ইয়াৰ বিপৰীতে বাংলাদেশী লোকৰ সংখ্যা হৈছে ২১.৪৮ লাখ৷ ৰাজ্যখনত এতিয়া কোনো ত্ৰিপুৰী, ৰিয়াং অথবা ককবৰক কোৱা মানুহ মুখ্য মন্ত্ৰী হ’ব নোৱাৰে৷ ৰাজনৈতিক বিন্যাস সলনি হৈ পৰিছে৷ ষষ্ঠ অনুসূচীৰ অধীনত কিছু পৰিমাণে ভূমিৰ অধিকাৰৰ বাহিৰে ত্ৰিপুৰাৰ জনজাতিসকলৰ আন কোনো অধিকাৰ নাই৷ কেন্দ্ৰীয় চৰকাৰৰ সৰ্বনাশী সিদ্ধান্তৰ ফলত অসমতো ত্ৰিপুৰাসদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, অসমৰ মানুহে কোনোদিনে ৰাজনীতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিব৷ অসমীয়া মানুহ কেতিয়াও মুখ্য মন্ত্ৰী হ’ব নোৱাৰে৷ আনকি মন্ত্ৰী-বিধায়ক হোৱাৰ অধিকাৰো অসমীয়াই হেৰুৱাব৷ অসমতে অসমীয়াই ব্যৱসায়-বাণিজ্য অথবা চাকৰি কৰাৰ অধিকাৰৰপৰাও বঞ্চিত হ’ব৷ ইফালে বিজেপি-আৰ এছ এছে সুপৰিকল্পিতভাৱে অসমত হিন্দু বাংলাদেশীক নিগাজীকৈ স্থান দিব বিচাৰিছে বুলি অখিল গগৈয়ে মত প্ৰকাশ কৰে৷ তেওঁ কয়, কংগ্ৰেছে যিদৰে মুছলমান সংখ্যালঘু লোকসকলক ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছিল, তেনেদৰে হিন্দু বাংলাদেশী ভোটবেংক কৰিব বিচাৰিছে বিজেপিয়ে৷ সুপৰিকল্পিতভাৱে অসমৰ জনবিন্যাস আৰু ৰাজনৈতিক গাঁথনি বিজেপি-আৰ এছ এছে সলনি কৰিব বিচাৰিছে৷

বিজেপি-আৰ এছ এছে সমগ্ৰ দেশতে ইয়াক এক নক্সা হিচাপে লৈছে৷ আৰ এছ এছৰ হিন্দীভাষীৰ দাদাগিৰি অসমত প্ৰতিষ্ঠা কৰিব বিচাৰিছে৷ অসমৰ জাতীয়তাবাদী সত্তাক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ ষড়যন্ত্ৰ কৰিছে৷ দিল্লীয়ে সম্পূৰ্ণৰূপে অসমক নিজৰ নিয়ন্ত্ৰণাধীন কৰিব খুজিছে৷ একেদৰে দাম বৃদ্ধি, তৈলখাদ নিলাম, জেহাদীৰ প্ৰৱেশ আদি বিভিন্ন বিষয় উত্থাপন কৰি হিন্দু বাংলাদেশীক মনে মনে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা বুলিও তেওঁ অভিযোগ কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত কাৰ্যকৰী হ’লে শীঘ্ৰে অসমত হিন্দু বাংলাদেশী মুখ্য মন্ত্ৰী হ’ব বুলি উল্লেখ কৰি গগৈয়ে কয় যে এনে ৰাজনীতি কৰিবলৈ বিজেপি-আৰ এছ এছে সম্পূৰ্ণ পৰিকল্পিতভাৱে আগ বাঢ়িছে৷ উল্লেখ্য যে হিন্দু বাংলাদেশী সন্দৰ্ভত বাংলাদেশৰ লোকপিয়লৰ তথ্য সংবাদমেলত দাঙি ধৰে কৃষক মুক্তিয়ে৷ বাংলাদেশত বৰ্তমান হিন্দু লোকৰ সংখ্যা হৈছে ১ কোটি ৭০ লাখ৷ কিন্তু বিগত সময়ছোৱাত বাংলাদেশত ক্রমাগতভাৱে হিন্দু বাংলাদেশীৰ সংখ্যা হ্ৰাস পাই আহিছে৷ কৃষক মুক্তিয়ে দিয়া তথ্য অনুসৰি ১৯৫১ চনত বাংলাদেশৰ লোকপিয়ল অনুসৰি দেশখনত হিন্দু লোকৰ সংখ্যা আছিল মুঠ জনসংখ্যাৰ ১৮.৫ শতাংশ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৭৪ চনত ১৩.৫ শতাংশ, ১৯৮৯ চনত ১২.১৩ শতাংশ, ১৯৯১ চনত ১১.৬২ শতাংশ, ২০০১ চনত ৯.২ শতাংশ আৰু ২০১১ চনত ৮.৫ শতাংশলৈ এই সংখ্যা হ্ৰাস পায়৷ একেদৰে ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ভাৰতত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হৈছে ১,৩১,৬৮,৪৮৪জন৷ ইপিনে অসমত বাংলাভাষা কোৱা লোকৰ সংখ্যা হৈছে ৭৩,৪৩,৩৩৮জন৷ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পিছতে বাংলাদেশত থকা হিন্দু লোকসকল ভাৰতলৈ ঢাপলি মেলিব বুলি উল্লেখ কৰি গগৈয়ে কয়, বাংলাদেশৰপৰা অহা হিন্দু লোকসকলে পশ্চিবংগ, অসম অথবা ত্ৰিপুৰাত আশ্ৰয় গ্ৰহণ কৰিব৷ পশ্চিমবংগত আশ্ৰয় গ্ৰহণ কৰিলেও তেওঁলোকৰ ভাষা-সংস্কৃতিৰ কোনো ক্ষতি নহয়৷ কিন্তু অসমত সমস্যাৰ সৃষ্টি হ’ব৷ বৰ্তমান ৭৩, ৪৩,৩৩৮জনে অসমত বাংলা ভাষা কয়৷ নাগৰিকত্ব পালে নতুন ২০ লাখ হিন্দু বাংলাদেশী উক্ত সংখ্যাত যোগ হ’ব৷ অৰ্থাৎ অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যাক চেৰ পেলাব৷ লক্ষণীয় যে কৃষক মুক্তিৰ তিনি সদস্য দণ্ডিনাথ বৰ্মন, নীলধৰ কলিতা আৰু জগন্নাথ ভকতে ২৫ জুলাইৰপৰা অনশন কৰি আহিছে৷ প্ৰশাসনৰ অনুমতি সাপেক্ষে আন্দোলন কৰি অহা সত্ত্বেও চৰকাৰী পক্ষই স্মাৰক-পত্ৰ গ্ৰহণ আৰু চিকিৎসক স্বাস্থ্য পৰীক্ষাৰ বাবে অহা নাই বুলি কয় অখিল গগৈয়ে৷ সৰ্বানন্দ সোণোৱাল চৰকাৰে এই আন্দোলনক গুৰুত্বহীন কৰিব বিচাৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, আছু অগপ-অসমৰ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে যিদৰে প্ৰতিবাদ কৰিব লাগিছিল তেনেদৰে ঐক্যবদ্ধভাৱে কৰা নাই৷ সেয়েহে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাৰে কাইলৈ দিনৰ দহ বজাৰপৰা দীঘলীপুখুৰীপাৰত এক গণসমাৱেশ অনুষ্ঠিত কৰিব কৃষক মুক্তিয়ে৷ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, উদয়াদিত্য ভৰালীকে ধৰি বহুসংখ্যক বিশিষ্ট নাগৰিকে সমাৱেশত অংশগ্ৰহণ কৰিব৷ ইফালে অসমৰ ৩১ শিশুক আৰ এছ এছে হিন্দুত্ববাদৰ শিক্ষা দিয়া কাৰ্য আইছিছে সন্ত্ৰাসবাদীৰ শিক্ষা দিয়াৰ সমতুল্য বুলি অখিল গগৈয়ে কয়৷ একে সময়তে প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰা অসমৰ বান পৰিদৰ্শন কৰি ৰাজনাথ সিঙে সাহায্য ঘোষণা নকৰা প্ৰসংগত গগৈয়ে কয়, অসমক ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰে দিল্লীয়ে৷ অসমৰ সম্পদহে লুণ্ঠন কৰিব বিচাৰিছে৷ কাশ্মীৰ-বিহাৰক ১০০০ কোটিৰ পেকেজ দিলে৷ কিন্তু অসমক কোনো সাহায্য নিদিলে৷ ৰাজনাথ সিঙৰ ভ্ৰমণে অসমৰ প্ৰতি থকা কেন্দ্ৰীয় চৰকাৰৰ মনোভাব উদঙাই দিছে৷
দিছপুৰত কৃষক মুক্তিৰ আৰক্ষীৰে খণ্ডযুদ্ধ, ১৫জনক আটক
আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল হৈ পৰে অসম সচিবালয়ৰ সন্মুখ৷ দিনৰ ১১.১৫ বজাত হঠাৎ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা প্ৰতিবাদকাৰী দল আহি অসম সচিবালয়ৰ সন্মুখত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণাৱাল আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰে৷‘ নৰেন্দ্ৰ মোদী হায় হায়, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ, অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰা নচলিব, জাতিধ্বংসী সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, অসমত হিন্দু বাংলাদেশী জাপি দিয়া নচলিব, অসমক দ্বিতীয় ত্ৰিপুৰা কৰিবলৈ দিয়া নহ’ব’ আদি শ্ল’গানেৰে অসম সচিবালয়ৰ সন্মুখ উত্তাল কৰি তোলে সমিতিৰ সদস্যই৷ প্ৰতিবাদকাৰী আহি অসম সচিবালয়ৰ সন্মুখৰ পথত মুখ্য মন্ত্ৰী সোণোৱাল আৰু প্ৰধান মন্ত্ৰী মোদীৰ প্ৰতিকৃতি দাহ কৰাৰ লগে লগে অসম আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলৰ ওপৰত জঁপিয়াই পৰে৷ প্ৰায় বিশ মিনিট সময় পথত অসম আৰক্ষীৰ লগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰীসকলৰ লগত যুঁজ-বাগৰ হয়৷ আৰক্ষীৰে হোৱা হতাহতি, খণ্ডযুদ্ধত কেবাজনো প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হয়৷ অতি বৰ্বৰভাৱে অসম আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক প্ৰহাৰ কৰে আৰু চোঁচৰাই দিছপুৰ থানালৈ লৈ যায়৷ প্ৰতিবাদস্থলীত আজি আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ধৈৰ্য কোঁৱৰে কয় যে ভাৰত চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপন কৰি অসমক দ্বিতীয়খন ত্ৰিপুৰাত পৰিণত কৰিব বিচাৰিছে আৰু নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ আঙুলিৰ ঠাৰত সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিক নিঃশেষ কৰিব খুজিছে৷ তদুপৰি অসমীয়া ভাষাই ৰাজ্যভাষাৰ মৰ্যাদা হেৰুৱাই পেলাব৷ অন্যান্য জনগোষ্ঠীয় ভাষাসমূহলৈও নামি আহিব চৰম সংকট৷ পৰিৱৰ্তনৰ স্বপ্ন দেখুৱাই অসমীয়া জাতিক নিঃশেষ কৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰ কৰিছে৷ পৰিৱৰ্তনৰ এই ছলনাময়ী ৰাজনীতিৰ মোহগ্ৰস্ততাৰপৰা অসমৰ জনগণ মুক্ত হোৱাৰ সময় আহিল৷ সৰ্বানন্দ সোণোৱালে দিল্লীৰ ওচৰত আঁঠুকাঢ়ি ৰাজ্য চলাই আছে৷ এইজন সোণোৱালক এদিন জাতীয় নায়ক আখ্যা দিয়া হৈছিল আৰু আজি মুখ্য মন্ত্ৰীৰ আসনৰ লালসাত জাতিটোক নিঃশেষ কৰি পেলাব খুজিছে৷ জাতীয় নায়ক আজি জাতীয় প্ৰতাৰকৰ ভূমিকাত অৱতীৰ্ণ হৈছে৷ প্ৰতিবাদস্থলীত কৃষক নেতাজনে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ সকলো জনতাকে এই জাতি বিনাশী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাবৰ কাৰণে আহ্বান জনায়৷ আছুকে ধৰি অসমৰ সকলো জাতি-জনগোষ্ঠীয় সংগঠনসমূহক জাতিৰ এই বিপদৰ সময়ত ঐক্যবদ্ধ হৈ আন্দোলন কৰি কেন্দ্ৰৰ এই সিদ্ধান্তপ্ৰত্যাহাৰ কৰাবৰ বাবে বাধ্য কৰাব লাগিব বুলি উল্লেখ কৰে৷ লগতে তেওঁ কয়, ৮৫৫জন ছহিদৰ ত্যাগৰ বিনিময়ত হোৱা অসম চুক্তিক অৱমাননা কৰি কেন্দ্ৰক এই সিদ্ধান্ত ল’বলৈ অসমৰ জনগণে কেতিয়াও নিদিয়ে৷ এই কথা নৰেন্দ্ৰ মোদী, অমিত শ্বাহে জানি থোৱা ভাল৷ অসমৰ বদন বৰফুকন সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মায়ো জানি থোৱা ভাল৷ বাতৰি লিখাৰ পৰলৈকে কৃষক নেতা ধৈৰ্য কোঁৱৰ, দেৱেন শৰ্মা, পৃথ্বিৰাজ দলে, নিত্যানন্দ ৰাজকোঁৱৰকে ধৰি দিছপুৰ থানাত অসম আৰক্ষীয়ে মুঠ পোন্ধৰজন সদস্যক আটক কৰি ৰাখিছে৷
facebook
twitter
google+
fb share