দিছপুৰৰ দৈন্য উদঙাই উদাত্ত ভাষণ, ১৭ সাংসদৰ সমৰ্থন
ৱেব ডেস্ক, ৩ আগষ্ট, ২০১৬ :
অসমৰ বান পৰিস্থিতিক লৈ কেন্দ্ৰ আৰু ৰাজ্য কিমান ‘ছিৰিয়াছ’? ৰাজ্যসভাৰ মজিয়াত আজি এই প্ৰই উত্থাপিত হ’ল৷ সদনৰ শূন্যকালত ৰাজ্যৰ কংগ্ৰেছী সাংসদ ৰিপুন বৰাই উত্থাপন কৰা এই প্ৰৰ সৈতে সহমত ব্যক্ত কৰিলে দল-মত নিৰ্বিশেষে বহুতো সাংসদে৷ বৰাৰ সৈতে মুঠ ১৭গৰাকী সাংসদৰ একেই প্ৰ আকাশমাৰ্গত মাত্ৰ দুই ঘন্টা বান পৰিস্থিতি চাই কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কি উপলব্ধি কৰিলে? বান সাহায্যৰ কোনো ঘোষণা নাই৷ ৰাজ্যই দিয়া প্ৰতিবেদনত ৰাজ্যৰ বান পৰিস্থিতিৰ ভুল ছবি৷ যি সময়ত ৰাজ্যৰ ২৬ লাখ লোক বানৰ কবলত পৰি আছে, কমেও ২৬জন লোকক বানে উটুৱাই লৈ গৈছে, সেই সময়ত দুই বছৰ পুৰণি বাংলাদেশৰ ছবি সন্নিৱিষ্ট কৰি প্ৰতিবেদন প্ৰদানেৰে বানবিধ্বস্ত ৰাজ্যবাসীৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাক লৈ এতিয়া প্ৰ উত্থাপিত হৈছে৷ বৰাই কয় যে ৰাজ্যৰ মুঠ ৩২খন জিলাৰ ভিতৰত ২৮খন জিলাই যোৱা প্ৰায় ২০ দিন ধৰি বানৰ কবলত আছে৷ কাজিৰঙাত গঁড়ৰ লগতে হাজাৰ হাজাৰ পশুৰ জীৱন বিপদাপন্ন হৈ পৰিছে৷ লাখ লাখ মানুহে ৰাস্তাত দিন অতিবাহিত কৰি আছে৷ তদুপৰি কেন্দ্ৰৰ এন ডি এ চৰকাৰৰ গা এৰা মানসিকতাই এতিয়া বহুতো প্ৰৰ উদ্ৰেক কৰিছে বুলি বৰাই মন্তব্য কৰে৷ মাত্ৰ দুই ঘন্টাত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত কি বুজ ল’লে সেই সন্দৰ্ভতো বৰাই আজি প্ৰ উত্থাপন কৰে৷ ইয়াৰ বিপৰীতে ইউ পি এৰ কাৰ্যকালত তদানীন্তন প্ৰধান মন্ত্ৰী মনমোহন সিং, ইউ পি এৰ অধ্যক্ষা ছোনিয়া গান্ধী, ৰাহুল গান্ধীয়ে কেনেদৰে ৰাজ্যৰ বান পৰিস্থিতি অনুধাৱন কৰিবলৈ সমগ্ৰ দিন অতিবাহিত কৰিছিল সেয়াও সাংসদ বৰাই সদনক অৱগত কৰে৷ ৰাজ্যৰ বিজেপি নেতৃত্বৰ বাহিৰেও মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছতো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বানবিধ্বস্ত ৰাজ্যবাসীক সকাহ দিবলৈ কোনো আৰ্থিক সাহায্যৰ প্ৰতিশ্ৰুতি নিদিয়াত বিস্ময় প্ৰকাশ কৰে সাংসদজনে৷ বৰাই ৰাজ্যৰ এই বিভীষিকাময় পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে তুৰন্তে কেন্দ্ৰীয় সাহায্যৰ দাবী জনায়৷ উল্লেখ্য যে ৰাজ্যসভাৰ শূন্যকালত বৰাই এই দাবী উত্থাপন কৰা মাত্ৰেই বিভিন্ন ৰাজ্যৰ বিভিন্ন ৰাজ্যনৈতিক দলৰ সাংসদসকলে সাংসদগৰাকীৰ সমৰ্থনত মাত মতা পৰিলক্ষিত হয়৷ বৰা তথা বানবিধ্বস্ত অসমবাসীৰ বাবে মাত মতা সাংসদসকল আছিল ভুৱনেশ্বৰ কলিতা, কৰ্ণাটকৰ কে ৰহমান খান, এম ভি ৰাজীৱ গৌড়া, মিজোৰামৰ ৰ’নাল্ড ছাপা টি, ৰাজস্থানৰ অভিষেক মনু সিংভী, নৰেন্দ্ৰ বুঢ়ানীয়া, তেলেংগানাৰ পালভাই গোবৰ্ধন ৰেড্ডী, পঞ্জাবৰ অম্বিকা ছোনী, প্ৰতাপ সিং বাজৱা, অন্ধ্ৰ প্ৰদেশৰ ৰেণুকা চৌধুৰী, মহাৰাষ্ট্ৰৰ হুছেইন দলৱাই, ৰজনী পাটিল, মধ্য প্ৰদেশৰ দিগ্বিজয় সিং, বিহাৰৰ শাৰদ যাদৱ, আলী আনৱাৰ আনছাৰী আৰু চত্তীশগড়ৰ মতিলাল ভোৰা৷
তৈলখণ্ড নিলাম : লোকসভাত গৌৰৱ গগৈ
জাতি-মাটি আৰু ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰখনে অসমৰ ১২খন তৈলখাদ নিলামৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিবাদত লোকসভাত সৰৱ হৈ উঠে কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ৷ উল্লেখ্য যে বিভিন্ন দল-সংগঠন আৰু অসমবাসীৰ আন্দোলন তথা প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰি কেন্দ্ৰীয় চৰকাৰে একপক্ষীয়ভাৱে উক্ত তৈলখাদসমূহ নিলামৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ আজি লোকসভাত সাংসদ গগৈয়ে এনে আঁচনিৰ ফলত ব্যক্তিগত খণ্ডৰ লগতে বিদেশী কোম্পানীসমূহ অত্যধিকভাৱে লাভান্বিত হ’ব বুলি মন্তব্য কৰে৷ তেওঁ কয় কেন্দ্ৰৰ উক্ত সিদ্ধান্ত অসমবিৰোধী৷ এনে সিদ্ধান্তই অসমবাসীক কোনো প্ৰকাৰে লাভান্বিত নকৰে৷ কেন্দ্ৰৰ সিদ্ধান্তই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত এক বৃহত্ ব্যৱধানৰ সৃষ্টি কৰিব৷ তদুপৰি কেন্দ্ৰীয় চৰকাৰে ৰয়েল্টীৰ বাবদ দিব লগীয়া ১০ হাজাৰ কোটি টকা অতিশীঘ্ৰে আদায় নিদিলে অসম চৰকাৰখন অত্যধিক লোকচানৰ সন্মুখীন হ’ব৷
facebook
twitter
google+
fb share