আমছুৰ দাবী মানি ল’লে এন আৰ চি কৰ্তৃপক্ষই : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ দাবী আমছুৰ


ৱেব ডেস্ক, ৪ আগষ্ট, ২০১৬ :

কালি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত উন্নীতকৰণ প্ৰক্ৰিয়াত OI (original inhabitant) লিখা নিলিখা লৈ সমগ্ৰ অসমতে চলি থকা বিতৰ্ক সম্পৰ্কে আমছুৰ সভাপতি আজিজুৰ ৰহমানৰ নেতৃত্বত এক সজাতি দলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক গুৱাহাটীৰ ভঙাগড়স্থিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক কাৰ্যালয়ত সাক্ষাত্ কৰি প্ৰদান কৰা দাবী মানি লৈ আজি এন আৰ চি কৰ্তৃপক্ষই বিষয়টো সন্ধৰ্ভত বাতৰি কাকত যোগে স্পষ্টিকৰণ প্ৰকাশ কৰে৷

ইফালে আমছুৰ সভাপতিগৰাকীয়ে neonline.in ক জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত উন্নীতকৰণ প্ৰক্ৰিয়াত OI (original inhabitant) লিখা নিলিখা সন্ধৰ্ভত উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু নিৰ্দেশনাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে৷ সভাপতি আজিজুৰ ৰহমানে লগতে স্পষ্ট কৰি দিয়ে যে এন আৰ চি কৰ্তৃপক্ষই একমাত্ৰ বিজ্ঞাপন প্ৰকাশ কৰি দায়িত্ব সামৰিলে আমছুৱে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব৷








READ MORE>>> 

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment