ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী : প্ৰতীক হাজেলাৰে আমছুৰ বৈঠক

ৱেব ডেস্ক, ৩ আগষ্ট, ২০১৬ :

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত উন্নীতকৰণ প্ৰক্ৰিয়াত OI (original inhabitant) লিখা নিলিখা লৈ সমগ্ৰ অসমতে চলি থকা বিতৰ্ক সম্পৰ্কে আজি আমছুৰ এক সজাতি দলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক গুৱাহাটীৰ ভঙাগড়স্থিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক কাৰ্যালয়ত সাক্ষাত্ কৰি আলোচনাত অংশ গ্ৰহণ কৰে ৷



আলোচনাকালত বিভিন্ন যুক্তিৰে হাজেলাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত OI লিখা বন্ধ কৰিবলৈ তথা নাগৰিকত্বৰ OI আৰু Non OI দুই শ্ৰেণীৰ সৃষ্টি নকৰিবলৈ আমছুৱে দাবী জনায়। ভাৰতৰ সংবিধান, ভাৰতীয় নাগৰিকত্ব আইন, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ Rule, মাননীয় উচ্চতম ন্যায়ালয়ৰ কোনো অৰ্ডাৰত তথা উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া দুজনীয়া বিচাৰপীঠৰ আয়োগেও কোনো ঠাইতে OI লিখিব লাগে বা নালাগে বুলি কোৱা নাই। তত্সত্বেও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই লিখি থকাটো এক ৰহস্যৰ বিষয় হৈ পৰিছে পৰিছে বুলি আমছুৰ সভাপতি আজিজুৰ ৰহমানে সদৰি কৰিছে৷

সংগঠনটোৰ নেতৃত্বৰ লগত হোৱা দীঘলীয়া আলোচনাকালত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই OI লিখা নিলিখা লৈ নাগৰিকত্বৰ কোনো শ্ৰেণী নহ’ব বুলি আৰু উচ্চতম ন্যায়ালয়ৰ পৰা অতিশীঘ্ৰে এই সম্পৰ্কে এক নিৰ্দেশনা প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে।
হাজেলাই এই সম্পৰ্কত অহা দুই দিনৰ ভিতৰত অসমৰ বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰি এই সন্ধৰ্ভত স্পষ্টীকৰণ দিব বুলিও সংগঠনটোৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

ইফালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা OI (original inhabitant) প্ৰত্যাহাৰ নকৰিলে আমছুৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে৷


আজিৰ আলোচনাত আমছুৰ সভাপতি আজিজুৰ ৰহমান, উপ সভাপতি মনোৱাৰ হুছেইন, সাধাৰণ সম্পাদকদ্বয় ক্ৰমে আইনুদ্দিন আহমেদ, ৰেজাউল কৰিম সৰকাৰ আৰু আমছুৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি মিন্নাতুল ইছলামে অংশ গ্ৰহণ কৰে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment