বৰপেটাৰোডত ‘মানাহপৰীয়া প্রেছ গীল্ড’ গঠন

অসমৰ কোনো জনগোষ্ঠীয়েই বিশেষ মর্যাদা দাবী কৰিব নালাগে : আব্দুছ ছামাদ আহমেদ

সাজাহান আলী আহমেদ, বৰপেটাৰোড, ৩ আগষ্ট, ২০১৬ :
বৰপেটা জিলাৰ উত্তৰ বৰপেটাৰোডত আজি নতুনকৈ প্রতিষ্ঠা লাভ কৰিলে এটি সংবাদ সংস্থাই। জিলাখনৰ উত্তৰ বৰপেটাৰোডৰ বৃহত্তৰ অঞ্চলৰ শৈক্ষিক, সামাজিক, ভৌগোলিক, অর্থনৈতিক, উদ্যোগিক আৰু বিভিন্ন জাতি-জনগোষ্ঠীয় বিকাশকে ধৰি যাতায়াত, যোগাযোগৰ ফলপ্রসূ উত্তৰণৰ মহত্ উদ্দেশ্যেৰে গঠন কৰা মানাহপৰীয়া প্রেছ গীল্ড’ শীর্ষক সংবাদ সংস্থা গঠনৰ সাধাৰণ সভাত সভাপতিত্ব কৰে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্রবক্তা তথা প্রাক্তন ছাত্র নেতা তাইজুদ্দিন আহমেদে।



আজি আবেলি পাঁচ বজাত উত্তৰ বৰপেটাৰোডৰ ৰেলৱে গেট-পাৰস্থিত সংবাদ প্ৰহৰীৰ কার্যালয়ত অনুষ্ঠিত সভাখনত মুখ্য পর্যবেক্ষক তথা বিশিষ্ট আমন্ত্রিত ব্যক্তি হিচাপে উপস্থিত থাকি বৰপেটাৰ জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট লেখক-চিন্তাবিদ আব্দুছ ছামাদ আহমেদে ভাষণ প্রসঙ্গত কয় যে—অসমৰ সংবাদ জগতত মূল্যবোধৰ সংবাদ পৰিৱেশনৰ ধাৰা বিপথগামী হৈছে। পৰিৱেশিত মূল সংবাদৰ ভাৱ আৰু ভাষাৰ ক্রটিশীলতাই অসমত সুস্থ সাংবাদিকতাৰ বিকাশত হেঙাৰ হিচাপে থিয় দিছে বুলি নিজৰ মত ব্যক্ত কৰি এসময়ৰ বিশিষ্ট ছাত্র নেতাগৰাকীয়ে ভিন্নধর্মী জাতি-জনগোষ্ঠীয় আন্দোলনে ৰাজ্যখনৰ সুস্থিৰ পৰিৱেশ বিঘ্নিত কৰিছে বুলি উল্লেখ কৰে। 

অসমৰ সাম্প্রতিক পৰিস্থিতিৰ ওপৰত এক বুদ্ধিদীপ্ত চমু অৱলোকন আগবঢ়াই অধিবক্তা আহমেদে সকলো জাতি-জনগোষ্ঠীৰ উমৈহতীয়া অৱদানেৰে বৃহত্তৰ অসমখন গঢ়লৈ উঠিছে বুলি অভিমত ব্যক্ত কৰি কয় যে অসমৰ কোনো জনগোষ্ঠীয়েই বিশেষ মর্যাদা দাবী কৰাটাে অনুচিত। সাংবাদিক হায়াত আলীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সাধাৰণ সভাখনত নিজৰ ভাষণত সভাপতি তথা প্রবক্তা তাইজুদ্দিন আহমেদে সংবাদ উদ্যোগ বিশ্বৰ সৰ্বোচ্চ সন্মানীয় উদ্যোগ বুলি উল্লেখ কৰি যিকোনো সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত সাংবাদিকসকল নিৰপেক্ষ আৰু নিষ্ঠাবান হোৱা আৱশ্যক বুলি আশা ব্যক্ত কৰে। সাংবাদিকৰ সচেতনতা আৰু নৈর্ব্যক্তিকতাই সংবাদ মাধ্যমক জনপ্রিয় কৰাৰ লগতে সুস্থ সামাজিক বাতাবৰণ সৃষ্টিতে অৰিহণা যোগায় বুলি তেওঁ ভাষণ প্রসঙ্গত উল্লেখ কৰে। 


বিশ্ব ঐতিহ্যক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বৰপেটা-বাক্সাৰ গৌৰৱ বেঁকী-মানাহপৰীয়া বাঁহবাৰীৰ ফাতেমাবাদ চাহ বাগিচা, বুৰঞ্জী প্রসিদ্ধ ৰেলআলিৰ উত্তৰপাৰৰ বৃহত্তৰ অঞ্চলৰ সামগ্রিক উন্নয়নৰ হিতার্থে প্রেছ গীল্ড গঠনৰ প্রয়োজনীয়তাৰ সপক্ষে উপস্থিত বিভিন্ন জনে মত ব্যক্ত কৰে। সভাত উদিয়মান লেখক মোজাম্মেল হক, স্থানীয় শিক্ষকদ্বয় ৰবিউল ইছলাম ছেলিম, আব্দুৰ ৰহিম, সর্বৰহি যুৱক মনিৰুজ জামান, আজিজুল হক প্রমূখ্যে কেবাগৰাকী ব্যক্তি উপস্থিত থাকে। একেখন সাধাৰণ সভাত হোৱা বিস্তৃত আলোচনা মর্মে হয়াত আলীক সভাপতি, পিংকু সান্যালক উপ-সভাপতি, সাজাহান আলী আহমেদক সম্পাদক আৰু ছৈয়দ বুলবুল জামানুৰ হকক সহকাৰী সম্পাদক হিচাপে লৈ মানাহপৰীয়া প্রেছ গীল্ড নামেৰে সৰ্বসন্মতিক্রমে উত্তৰ বৰপেটাৰোডত আজি সংবাদ সংস্থাটো স্থাপন কৰা হয়।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment