গুৱাহাটী বিশ্ববিঃৰ স্নাতক চূড়ান্ত ষান্মাসিকৰ ফলাফলত বিসংগতি

গুৱাহাটী, ৪ জুলাইঃ
শিক্ষার্থীৰ ভৱিষ্যতক লৈ চৰম হেতালি খেলাৰ অভিযোগ উঠিছে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষৰ বিৰুদ্ধে। বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক চূড়ান্ত ষান্মাসিক পৰীক্ষাৰ ফলাফলৰ বিসংগতিপূর্ণ ঘোষণা হোৱাত সৰহভাগ মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে যোৱা ২ জুলাইত গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক চূড়ান্ত ষান্মাসিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল। ৱেবছাইটযোগে ঘোষণা কৰা এই ফলাফল লাভ কৰি হতবাক হৈ পৰে বিভিন্ন মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী। অবাঞ্ছিতভাৱে বহু শিক্ষার্থীয়ে উত্তীর্ণ-অনুত্তীৰ্ণৰ ফলাফল লাভ কৰাৰ পৰিবর্তে ফলাফল প্রতিসংহৃত অর্থাত্ উইথহেল্ড বুলিহে লাভ কৰে। পৰীক্ষাৰ অবাঞ্ছিত ছাত্ৰীসকলে প্রকাশ কৰা অনুসৰি প্ৰতিটাে ষান্মাসিকত উত্তীর্ণ হৈ থকাৰ পিচতে গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ সৰহসংখ্যক শিক্ষাৰ্থীৰ পৰীক্ষাৰ ফলাফল উইথহেল্ড বুলি লাভ কৰিছে। একেদৰে পাণ্ড মহাবিদ্যালয়, ৰঙিয়া মহাবিদ্যালয়কে আদি কৰি কেইবাখনো মহাবিদ্যালয়ৰ অনুৰূপ ফলাফল লাভ কৰা ছাত্র-ছাত্ৰীয়ে পৰীক্ষা নিয়ন্ত্রকৰ কাৰ্যালয়ৰ সন্মুখত বিশ্ববিদ্যালয় কর্তৃপক্ষৰ এই গাফিলতিৰ বিৰুদ্ধে ক্ষোভ উজাৰে। এগৰাকী
ছাত্রই প্রকাশ কৰা অনুসৰি চেন্নাইৰ এখন বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে তেওঁ কাইলৈ যোৱাৰ কথা, কিন্তু পৰীক্ষাৰ ফলাফলে সকলো অনিশ্চয়তাৰ ফালে ঠেলি দিছে। উল্লেখ্য যে চলিত মাহৰ পৰাই ৰাজ্যৰ লগতে দেশৰ ভিন্ন বিশ্ববিদ্যালয়ত নামভর্তিৰ প্রক্রিয়া আৰম্ভ হৈছে। তেনে পৰিপ্রেক্ষিতত বিশ্ববিদ্যালয়খনৰ বিসংগতিপূর্ণ ফলাফলে শিক্ষার্থীৰ লগতে অভিভাৱকসকলো অনিশ্চিত ভৱিষ্যতৰ আশংকাত ভূগিছে। ফলাফলৰ বিসংগতিৰ লগতে পৰীক্ষাৰ বহীৰ মূল্যাংকনৰ ক্ষেত্ৰতো বিশ্ববিদ্যালয়খনে পালমৰা কাম কৰি অহাৰ গুৰুতৰ অভিযোগ কৰিছে ছাত্র-ছাত্ৰীসকলে। অভিযোগ অনুসৰি স্নাতক পর্যায়ৰ ছিমেষ্টাৰ পদ্ধতি আৰম্ভ হোৱাৰ পৰা শিক্ষাৰ মান চূড়ান্ত অৱনমিত হৈছে। স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাত হোৱা বিসংগতি সন্দর্ভত বিশ্ববিদ্যালয়ৰ উপপৰীক্ষা নিয়ন্ত্রক ড° দেৱহৰি তালুকদাৰৰ ব্যাপক বিসংগতিপূর্ণ ফলাফলৰ বিষয়টাে অস্বীকাৰ কৰি কয় যে কিছুসংখ্যক ছাত্র-ছাত্ৰীৰ ফলাফলত হোৱা বিসংগতি তত্কালীনভাৱে ঠিক কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment