তথ্য প্রযুক্তিৰ ক্ষেত্ৰত অসম সন্তানৰ বিৰল কৃতিত্ব

বিশ্বৰ ৯৫ খন দেশত ব্যৱহাৰ ইন্দ্রনীল তালুকদাৰৰ ম’বাইল এপ ‘মেপ’


গুৱাহাটী, ১৮ জুলাই, ২০১৬ :

গুৱাহাটী প্রেছ ক্লাবত আজি অসম সন্তান ইন্দ্রনীল আয়োজিত এক সংবাদমেলত তালুকদাৰে উদ্ভাৱন কৰা ম'বাইল এপ্লিকেচন মেপয়ে সমগ্র বিশ্বৰ ৯৫খন দেশত সমাদৰ লাভ কৰিছে বুলি তেওঁৰ পিতৃ হৰি প্ৰসাদে সদৰি কৰে। উল্লেখ্য যে কটন মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্রাক্তন ছাত্র ইন্দ্রনীলে যোৱা বৰ্ষত 'উই মেপ ইন’ নামেৰে এই উদ্ভাৱন কৰিছিল। এবছৰ ধৰি ইন্দ্রনীল আৰু তেওঁৰ সতীর্থ অৰূপ ডেকাই এপ্লিকেচনটো অধিক ফলপ্রসূ কৰাত ব্ৰতী হৈ আছে। সম্প্রতি মেপ (Mapp) নামকৰণ কৰা এই এপ্লিকেচনেৰে নিজৰ লগতে আন ব্যৱহাৰকাৰীৰ অৱস্থিতি ধৰা পেলাব পাৰি। জি পি এছ টেকন’লজিৰে পৰিচালিত ‘মেপৰ বৈশিষ্ট্য হ’ল ইয়াৰ দ্বাৰা এটা বার্তা ৰাজহুৱাভাৱে প্রেৰণ কৰিব পাৰি। এই বার্তা এবাৰতে একেলগে বহু মানুহে লাভ কৰিব পাৰে। বিপদকালত এই ম’বাইল এপ্লিকেচনেৰে বার্তা প্ৰেৰণ কৰি আশে-পাশে থকা ‘মেপ ব্যৱহাৰকাৰীৰ পৰা সহায় বিচাৰিব পাৰে। আনহাতে ৰাজহুৱা বার্তাৰ উপৰি এপ্লিকেচনটোৰ ব্যক্তিগত বার্তা প্রেৰণৰ ব্যৱস্থাও আছে। সংবাদমেলত এপ্লিকেচনটোৰ বিষয়ে সদৰী কৰি ইন্দ্রনীল তালুকদাৰে কয় যে মেপৰ জৰিয়তে ফে'চবুক, হোৱাটছ এপ আদি ছচিয়েল নেটৱৰ্কিং ছাইটৰ সকলো সুবিধাৰ ব্যৱস্থা কৰা হৈছে। মেপৰ জৰিয়তে ব্যক্তি বিশেষলৈ ফটো আদিও পঠাব পাৰি বুলি তেওঁ উল্লেখ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত সবাতোকৈ এপ্লিকেচনটো বেছি লোকে আদৰি লৈছে বুলি সংবাদমেলত উল্লেখ কৰা হয়৷ মেপ এপ্লিকেচনৰ সুৰক্ষা সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত ইন্দ্রনীলে কয় যে এপ্লিকেচনটোৰ সুৰক্ষাৰ মান আন্তঃৰাষ্ট্ৰীয় পর্যায়ৰ। বিগত বৰ্ষৰ পৰা ইয়াক অধিক সুৰক্ষিত কৰাৰ বাবে অধিক ব্যৱস্থা গ্রহণ কৰা হৈছে। উল্লেখ্য যে ‘মেপ এপ্লিকেচনটো ব্যৱসায়িক ভিত্তিকভাৱে আগুৱাই নিবলৈ ইনভিজন ৱেবটেক প্রাইভেট লিমিটেডে দায়িত্বগ্রহণ কৰিছে। ‘মেপ এপ্লিকেচনৰ স্বত্ব ক্ৰয়ৰ ববে বহুকেইখন দেশৰ প্রতিষ্ঠানে ইন্দ্রনীলৰ সৈতে যোগাযোগ কৰিছিল যদিও দেশ আৰু ৰাজ্যৰ মান উজলোৱাৰ উদ্দেশ্য আগত ৰাখি স্বত্ব বিক্ৰী কৰাৰ পৰিবর্তে ইয়াক পৰৱৰ্তী সময়ত অধিক ফলপ্রসূ কৰাত গুৰুত্ব দিব বুলি তেওঁ প্রকাশ কৰে। কথা প্রসংগত ইন্দ্রনীলে প্রকাশ কৰে যে বিদেশী ৰাষ্ট্ৰৰ তুলনাত ভাৰতত এপ্লিকেচনটোৰ ব্যৱহাৰকাৰীৰ সংখ্যা তাকৰ। উল্লেখ্য যে ইন্দ্রনীলে প্রায় ৩ মেগাবাইটৰ এই এপ্লিকেচনটো গুগল প্লেষ্টোৰত উপলব্ধ। বহুসংখ্যক ব্যৱহাৰকাৰীয়ে এপ্লিকেচনটোক ৫ ষ্টাৰ পৰ্যায়ৰ বুলি চিহ্নিত কৰিছে। আজিৰ সংবাদমেলত সাংবাদিক তথা অসম স্কুল অব জানেলিজিমৰ স্বত্বাধিকাৰী মনোৰম গগৈও উপস্থিত থাকে। তেওঁ অসমৰ সন্তান বহু প্রতিভাৰ অধিকাৰী বুলি উল্লেখ কৰি এই প্রতিভাক উচিত দিশত আগুৱাই নিয়াৰ দায়িত্ব অভিভাৱক আৰু শিক্ষাগুৰুৰ বুলি মন্তব্য কৰে। তেওঁ ভাষণ প্রসংগত হৰিপ্ৰসাদ তালুকদাৰৰ দুই পুত্র ইন্দ্রনীল আৰু কাব্যনীলৰ প্রতিভাৰ শলাগ লয়। উল্লেখ্য যে ৰুবিক্স কিউবৰ বিশ্ব চেম্পিয়ন কাব্যনীলৰ জ্যেষ্ঠ ভাতৃ ইন্দ্রনীল। আজিৰ সংবাদমেলত ৰুবিক্স কিউব থাইলেণ্ড প্রতিযোগিতাত অংশগ্রহণৰ বাবে ২১ জুলাইত থাইলেণ্ডলৈ যাবলগীয়া কাব্যনীললৈ ইনভিজন ৱেবটেকে ৫০ হেজাৰ টকাৰ আর্থিক বৰঙণি আগবঢ়াইছে। কাব্যনীলক এই বৰঙণি আগবঢ়ায় ইনভিজন ৱেবটেকৰ সঞ্চালক অমৃত ডেকাই। কাব্যনীলে ২৩ আৰু ২৪ জুলাইত অনুষ্ঠিত হবলগীয়া ৰুবিক্স কিউব প্রতিযোগিতাত অংশগ্রহণ কৰিব। এই প্রতিযোগিতা ১ অক্টোবৰৰ পৰা চীনত অনুষ্ঠিত হবলগীয়া ৰুবিক্স কিউব এছিয়ান গেমছৰ বাবে ৱাৰ্ম আপ মেচৰূপে বিবেচিত হৈছে। আজিৰ সংবাদমেলত ইনভিজন ৱেবটেকৰ সঞ্চালক অমৃত ডেকা, তামান্নাই ৰচুলেও বক্তব্য আগবঢ়ায়।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment