প্রশিক্ষক হিচাপে
প্রথম মেচতে সফল কুম্বলে : অশ্বিন মেচৰ শ্রেষ্ঠ
ৱেব ডেস্ক: প্রশিক্ষক
হিচাপে প্ৰথমখন মেচতে সাফল্যৰ মুখ দেখিছে অনিল কুম্বলেই কুম্বলেৰ তত্ত্বাৱধানত
বিৰাট ক'হলি
নেতৃত্বাধীন টীম ইণ্ডিয়াই ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে চাৰিখনীয়া টেষ্ট শৃংখলাত
দুর্দান্ত আৰম্ভণি কৰিছে। কালি চাৰি দিনতে সামৰণি পৰা শৃংখলাৰ প্ৰথমখন মেচত
ভাৰতীয় দলটো এক ইনিংছ আৰু ৯২ ৰানৰ ব্যৱধানত জয়ী হয়। এয়া হৈছে ৱেষ্টইণ্ডিজত
ভাৰতীয় দলৰ প্রথমবাৰলৈ ইনিংছ ব্যৱধানত জয়লাভ। তদুপৰি এছিয়া মহাদেশৰ বাহিৰত
ভাৰতৰ এয়া সর্ববৃহৎ জয়।ইয়াৰ পূর্বে ২০০৫ত বুলাৱায়োত ভাৰতে জিম্বাব’ৱেক এক
ইনিংছ আৰু ৯০ ৰানত পৰাস্ত কৰিছিল। প্রথম ইনিংছত ৰানৰ পাহাৰ গঢ়ি ৱেষ্ট ইণ্ডিজক ফল
অন কৰাওঁতেই ভাৰতৰ বিজয় নিশ্চিত হৈছিল। প্রথম ইনিংছত ৩২৩ ৰানত পিচ পৰাৰ পিচত
ঘৰুৱা দলটোৱে দ্বিতীয় ইনিংছতো দুর্বল আৰম্ভণি কৰি ৭৮ অ'ভাৰত
মাত্র ২৩১ ৰানত আটাইকেইটা উইকেট হেৰুৱাই শোচনীয় পৰাজয় স্বীকাৰ কৰে। প্রথম ইনিংছত
উমেশ যাদৱ আৰু মহম্মদ ছামিয়ে ৱেষ্ট ইণ্ডিজৰ বেটিং লাইনআপ তাচপাতৰ ঘৰৰ দৰে খহাই
দিয়াৰ পিচত দ্বিতীয় ইনিংছত ত্ৰাসৰ সৃষ্টি কৰে আৰ অশ্বিনে। অভিজ্ঞ
অফস্পীনাৰগৰাকীয়ে ৮৩ ৰানৰ মুখ্য ভূমিকা লয়। দ্বিতীয় ইনিংছত ঘৰুৱা দলটােৰ হৈ
কার্লোছ ব্রাথরেইটে অপৰাজিত ৫১, মালো
ছেমুৱেলছে ৫০ আৰু দেৱেন্দ্র বিচুৱে ৪৫ ৰান কৰে। দলটোৱে ১৩২ ৰানতে আঠটা উইকেট
হেৰুৱাইছিল যদিও ব্রাথৱেইট আৰু বিচুৱে নৱম উইকেটৰ যুটিত ৯৫ৰান যোগ দিয়ে। দ্বিতীয়
ইনিংছত বিধ্বংসী বলিং কৰাৰ লগতে ভাৰতৰ ইনিংছত শতক অর্জন কৰা অশ্বিন মেন অব দ্য মেচ
নির্বাচিত হয়। উল্লেখযোগ্য যে মেচখনত প্রথমে বেটিং কৰি ভাৰতে আঠটা উইকেটৰ
বিনিময়ত ৫৬৬ ৰন কৰি ইনিংছ সমাপ্তিৰ ঘোষণা কৰাৰ পিচত ৱেষ্ট ইণ্ডিজে ২৪৩ ৰানত প্রথম
ইনিংছ সামৰিছিল।
facebook
twitter
google+
fb share