যুৱ প্ৰজন্ম বিনষ্টকাৰী, সংখ্যালঘু, কৃষক পৰিপন্থী বাজেট

মোহনীয় বক্তব্যৰে মানুহৰ মনত মৰিচিকাৰ বীজ সিঁচা সোনোৱাল চৰকাৰৰ প্ৰথমটো এপাচি শাকত এটা জলকীয়া ৰাজ্যবাসীয়ে পৰিৱৰ্তনৰ নামত অন্তসাৰশূন্যতা লাভ কৰিলে, আমি লাভ কৰিলো। 
অসমৰ সামগ্ৰীক উন্নয়নৰ গুৰুত্বপূৰ্ণ কথা বাদেই যি বিশ্বায়নৰ সময়ত ডিজিটেল ইণ্ডিয়াৰ সপোন দেখুৱা হৈ আছে সেই সময়ত কিন্তু মাত্ৰ ১৯ শতাংশ শিক্ষিত সংখ্যালঘু বা চৰ-চাপৰিৰ শিক্ষাৰ উন্নয়নৰ কথা উল্লেখ নহʼল বহুবল্কি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাজেটত। তাৰ বিপৰিতে সংখ্যালঘু উন্নয়নৰ পুঁজি আধাতকৈ বেছি কৰ্তন কৰা হʼল। প্ৰাথমিক বিদ্যালয় নথকা, ছাত্ৰ অনুপাতে শিক্ষক নথকা অঞ্চলত বিশ্ববিদ্যালয়ৰ অবাস্তৱ সপোন দেখুৱা হʼল।  অসমৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ, পিছপৰা সলক পিছ পেলাই থৈ অসমৰ উন্নয়নৰ সপোন ৰচা হʼল। অসমৰ গৰাখহনীয়া সমস্যাৰ বাবে আজি নাগৰিকত্বতো প্ৰশ্নবোধক চিন আহি পৰিছে তেনে সময়ত এই সমস্যা সমাধানৰ নামত কেন্দ্ৰৰ মৰিচিকাহে খেদিফুৰা দেখা গʼল, যʼত ইতিমধ্যে বিভাগীয় মন্ত্ৰীয়ে বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গন্য কৰা নহয়। 
কৃষি ক্ষেত্ৰৰ আভূৱাভাৰাৰ প্ৰসঙ্গতো আছেই, ইয়াৰ পৰাও সংখ্যালঘুসকলৰ অধিক লোকচান হʼব। কাৰণ সংখ্যালঘুসকলৰ ৯০ শতাংশ মানুহেই কৃষিজীৱী।

অৱশ্যে এই সংখ্যালঘু সকলৰ উন্নয়নৰ চিন্তা পৰিহাৰ কৰি শাসন-শোষণ কৰাৰ ইতিহাস পুৰণি। এয়া প্ৰকৃততে সংখ্যালঘুসকলক পিছ পেলাই ৰখাৰ এটা দীৰ্ঘম্যাদী পৰিকল্পনা। তথাকথিত মূলসুতিৰ চতুৰ ৰাজনীতিবিদসকলে সংখ্যালঘুসকলক গুৰুত্ব দিব নিবিচাৰে।
অৱশ্যে ইয়াৰ পৰাও পৰিত্ৰাণ পোৱাৰ পথ আছে। বৃহত্ ত্যাগৰ আন্দোলন। যি আন্দোলনে আমাক আত্মকেন্দ্ৰিকো কৰিব পাৰে, যাৰ উক-মুকনি ইতিমধ্যে বহু অঞ্চলত আৰম্ভ হৈছে।
সেইমতে যদি সংখ্যালঘু কৃষকসকলে তথাকথিত মূলসুতিৰ লোকলকৰ প্ৰতি অৰ্থনৈতিক অৱৰোধ কৰে তেন্তে অসমৰ সামগ্ৰিক পৰিৱেশ কি হʼব এবাৰ এইসকল বিত্তমন্ত্ৰীয়ে চিন্তা কৰিছে নে ? বেছি নালাগে মাথো এদিনৰ বাবেও যদি কৃষকসকলে নিজৰ উত্পাদিত সামগ্ৰী বিক্ৰী নকৰে তেন্তে অসমৰ কোনটো মহানগৰ ক্ষতিগ্ৰস্থ নোহোৱাকৈ থাকিব ? নিশ্চয় ক্ষতি হাজাৰ কোটিৰ ঘৰত প্ৰবেশ কৰিব। মোৰ ধাৰণা এনেধৰণৰ ত্যাগৰ আন্দোলন কৃষকসকলে অতি শীঘ্ৰেই আৰম্ভ কৰিব। কৃষি বিপ্লৱৰ সৃষ্টি কৰিব। তেতিয়াহে বোধহয় কৃষকৰ প্ৰতি চৰকাৰবোৰে গুৰুত্ব দিব। নহʼলেতো পৰম্পৰাৰ দৰে অনাগত দিনতো শীতলিকৃত ভঁড়ালো কৃষকে লাভ নকৰে, বেংকৰ ঋণৰ প্ৰশ্নই নাথাকে।

সকলো বাদ দিলেও, আমাৰ যুৱ প্ৰজন্মকো এই বাজেট খনে বেয়াকৈ নিৰাশ কৰিলে। এন্ধাৰ ভৱিষ্যতলৈহে যেন আমি সোমাই গʼলো....। এই বাজেটে অৱশ্যে যুৱপ্ৰজন্মক উগ্ৰপন্থী হʼবলৈ অধিক উত্সাহিত কৰিলে।আত্মসমৰ্পন কৰিলেই চাকৰি। অৰ্থাত্ কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খোৱাতকে ...........।
সকলোতে আনন্দ, সৰ্বানন্দ ?
লেখকঃ সাজাহান আলী আহমেদ, শিক্ষা সম্পাদক আমছু।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment