হিন্দু বাংলাদেশীক গ্রহণ নকৰাৰ সংকল্পৰে কৃষক মুক্তিৰ অনশন ভংগ

ৱেব ডেস্ক, ১২ আগষ্ট, ২০১৬ :
হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ বাবে কেন্দ্রই গ্রহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি সুদীর্ঘ ১৯ দিন ধৰি গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত কৃষক মুক্তি সংগ্রাম সমিতিয়ে চলাই অহা অনশন বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁয়ে অনশনকাৰীসকলক ফলৰ ৰস খুৱাই ভংগ কৰায় অনশন।
সমান্তৰালভাৱে কোনোপধ্যে হিন্দু বাংলাদেশীক গ্রহণ নকৰাৰ সংকল্প গ্রহণ কৰে অনশনস্থলীত উপস্থিত থকা কেইবাশ নাগৰিকে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্রামৰো পোষকতা কৰে দীঘলীপুখুৰীপাৰত উপস্থিত থকা প্রতিবাদী ৰাইজে। উল্লেখযোগ্য যে মুক্তি সংগ্রাম সমিতিৰ তিনিজন নেতা ক্রমে দণ্ডীনাথ বৰ্মন, নীলধৰ কলিত আৰু জগন্নাথ ভকতে গ্রহণ কৰা অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া আমৰণ অনশনৰ ১৯ দিনৰ পিচত অসমৰ কেইবাটাও জাতীয় সংগঠনৰ নেতৃবৰ্গৰ উপস্থিতিত প্রত্যাহাৰ কৰা হয়। 

কালি লোকসভাত নাগৰিকত্ব (সংশোধনী) বিল, ২০১৬ গৃহীত নকৰি যুটীয়া বাছনি সমিতিলৈ প্ৰেৰণ কৰাৰ প্রেক্ষাপটত কৃষক মুক্তি সংগ্রাম সমিতিয়ে আজি সাময়িকভাৱে আমৰণ অনশন প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। আজি অনশনস্থলীত বিশিষ্ট জীৱী ড° হীৰেন গোহাঁইৰ উপৰি বুদ্ধিজীৱী তথা কটন কলেজৰ প্রাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী, বি বৰুৱা কলেজৰ প্রাক্তন অধ্যক্ষ ড° দীনেশ বৈশ্য, অসম সংগ্রামী মঞ্চৰ মুখ্য সম্পাদক মনজিৎ মহন্ত, আহোম সভাৰ ৰূপম চি বৰুৱা, বি টি চি নাগৰিক অধিকাৰ ফ’ৰামৰ জমেশ্বৰ আলী, সদৌ অসম মটক সন্মিলনৰ সাধাৰণ সম্পাদক কাজল গোহাঁই, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, দেউৰী জাতীয় পৰিষদৰ হৰিগোবিন্দ দেউৰী, মটক যুৱ-ছাত্র সন্মিলনৰ প্রাক্তন সভাপতি নিশেশুৰ শইকীয়া আদি উপস্থিত থাকে। দীঘলীপুখুৰীপাৰৰ অনশনস্থলীত সমবেত হোৱা কেইবাশ কৃষক মুক্তি সংগ্রাম সমিতিৰ কৰ্মীয়ে ১৯ দিনৰ অনশনৰ কঠিন কাৰ্যসূচী গ্রহণ কৰা তিনিগৰাকী সংগ্রামী সতীৰ্থক বীৰ যোদ্ধা আখ্যাৰে বিভূষিত কৰি উষ্ণ সংগ্রামী অভিবাদন জ্ঞাপন কৰে। কিয়নো চিকিৎসকৰ পৰামর্শ আৰু সংগঠনৰ বাৰম্বাৰ অনুৰোধৰ পিচতো তিনিওজন কৃষক নেতাই স্বাস্থ্যৰ চূড়ান্ত অৱনতি ঘটাৰ পিচতো অসমবাসীৰ স্বার্থৰ খাতিৰত অনশন কাৰ্যসূচী অব্যাহত ৰাখিছিল।

লোকসভাত নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়ক যুটীয়া বাছনি সমিতিলৈ প্ৰেৰণ কৰাত চলিত অধিৱেশনত এই বিধেয়ক গৃহীত নোহোৱাটাে নিশ্চিত হোৱাৰ পিচত কৃষক মুক্তি সংগ্রাম সমিতিৰ সিদ্ধান্তমৰ্মেহে অনশনকাৰী নেতাকেইগৰাকীয়ে তেওঁলোকৰ অতি কষ্টকৰ এই অনশনৰ কাৰ্যসূচী প্রত্যাহাৰ কৰে। অনশন ভংগ কৰাই ড° হীৰেন গোহাঁয়ে কয় যে অসমৰ সম্পদৰ ওপৰত অসমবাসীৰ অধিকাৰ, অসমৰ ৰাজনৈতিক ভৱিষ্যতৰ ওপৰত অসমবাসীৰ অধিকাৰ সাব্যস্ত কৰাৰ এক আপোচবিহীন সংগ্রামৰ উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিলে কৃষক মুক্তি সংগ্রাম সমিতিৰ ১৯ দিনীয়া এই অবিৰত অনশনৰ কাৰ্যসূচীয়ে। চৰকাৰে অনশনকাৰীৰ খবৰ নলৈ স্বেচ্ছাচাৰী চৰিত্ৰ উদঙাই দেখুৱাইছে। সংবাদ মাধ্যমেও যথোচিত গুৰুত্ব প্রদান নকৰাৰ পিচতো অনশনকাৰীকেইগৰাকীয়ে যি মানসিক আৰু সংগ্রামী দৃঢ়তাৰে ১৯ দিনীয়া অনশনৰ কাৰ্যসূচী চলাই গ’ল, তাৰ বাবে তেওঁলোক সঁচাকৈয়ে সমগ্ৰ অসমবাসীৰ ধন্যবাদৰ পাত্র। এই কাৰ্যসূচীত অংশগ্রহণ কৰি গর্বিত অনুভৱ কৰা বুলি মন্তব্য কৰে ড° গোহাঁয়ে। জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰখন এতিয়া জাতিধ্বংসী ষড়যন্ত্রত লিপ্ত হৈছে। 


সেয়ে ষড়যন্ত্রকাৰীসকলে অনশনকাৰীসকলৰ খবৰ লবলৈ অহাৰ সাহস গোটাব পৰা নাই। অসমত অবৈধ হিন্দু বাংলাদেশীক সংস্থাপিত কৰিবলৈ লোৱা বিষয়টোৱে অসমৰ মানুহৰ বুকু কঁপাই তুলিছে। কিয়নো হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ সৰ্বনশীয়া সিদ্ধান্ত কার্যকৰী হ’লে মানচিত্ৰত নাথাকে অসমৰ নাম। পৃথিৱীৰ বুকুৰ পৰা অসমখন লুপ্ত হৈ যোৱাৰ সম্ভাৱনাও ব্যক্ত কৰে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে। সেয়ে এইসকল ষড়যন্ত্রকাৰীৰ বিৰুদ্ধে একগোট হৈ থিয় হোৱাৰ পোষকতা কৰে ড° গোহাঁয়ে। অৱশ্যে কৃষক মুক্তিৰ ১৯ দিনীয়া অনশনে অসমৰ মানুহৰ সংগ্রাম কৰা মানসিকতাৰ প্রমাণ দিছে। ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এই সিদ্ধান্তৰ বিৰুদ্ধে যে অসমত জুই জ্বলিব তাৰ ইংগিত এই আন্দোলনৰ পৰা পাইছে। কিন্তু যুটীয়া বাছনি সমিতিলৈ নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়ক প্রেৰণ কৰা কার্যত আশ্বস্ত হ’লে নহ’ব। বৰঞ্চ বাছনি সমিতিয়ে আৰু অধিক ভয়ংকৰ দফাও সন্নিবিষ্ট কৰিব পাৰে। কিয়নো বাছনি সমিতিৰ বেছিভাগ সদস্যই বিজেপিৰ। সেয়ে ভৱিষ্যতে দুবাৰ গতিত এই সংগ্রাম চলাই যাব লাগিব। অসমৰ দলসংগঠন, জাতি-জনগোষ্ঠীয়ে ঐক্যবদ্ধ সংগ্রামৰ সূচনা কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। ইফালে ড° দীনেশ বৈশ্যই কয় যে ধর্মৰ ভিত্তিত অনুপ্রৱেশকাৰীক নাগৰিকত্ব দিয়াৰ ঘটনা ইয়াৰ পূর্বে কোনো দেশতে ঘটা নাই। এই ভয়ংকৰ সিদ্ধান্তই সমগ্র অসমবাসীৰ ভৱিষ্যৎ চৰম সংকটৰ মাজলৈ ঠেলি দিছে।

কৃষক মুক্তি সংগ্রাম সমিতিয়ে গ্রহণ কৰা এই অনশন কাৰ্যসূচীয়ে অসমবাসীক এই সিদ্ধান্তৰ বিৰুদ্ধে সংগ্রাম কৰিবলৈ অনুপ্রাণিত কৰিছে। অনশনকাৰীসকলৰ এবাৰো খবৰ নলৈ সর্বানন্দ সোণোৱাল চৰকাৰখনে নূনতম মানৱীয়তাও প্রদর্শন নকৰিলে। এই ঘটনাই প্রমাণ কৰি দিয়ে এই চৰকাৰখন আমাৰ জনতাৰ চৰকাৰ নহয়। সেয়ে আজি অসমত কৃষক মুক্তি সংগ্রাম সমিতিৰ কোনো বিকল্প নাই বুলি প্রমাণিত হৈছে বুলিও ড° বৈশ্যই কয়। অধ্যাপক উদয়াদিত্য ভৰালীয়ে কয় যে অসমৰে দুৰ্ভাগ্য, অসম চুক্তিক নস্যাৎ কৰি অসমলৈ অহা অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে লোকসভাত অসমৰ এজনো সাংসদে মাত নামাতিলে। মাত মাতিলে উড়িশাৰ এজন সাংসদেহে। এইটোৱেই আজিৰ অসমৰ প্রকৃত বাস্তৱতা। কাৰণ বিজেপিৰ সাংসদকেইজনেতো একো নকয়েই। কংগ্রেছে সেই একেই। অসম গণ পৰিষদ দলটো এতিয়া বিজেপিৰ লেমটেী। বি পি এফেতো কৈয়েই দিলে নীতিআদর্শৰ একো কথা নাই, যিয়েই চৰকাৰ গঠন কৰিব তাৰ লগতে তেওঁলোক থাকিব। গতিকে এই মুহুর্তত অসমৰ ভৱিষ্যৎ ৰক্ষা কৰিবলৈ হ’লে বিকল্পৰ চিন্তা কৰিবই লাগিব। ১৯৭১ চনলৈকে অহা বাংলাদেশী প্ৰব্ৰজনকাৰীৰ বোজা লৈ ইতিমধ্যে অসমৰ কঁকাল ভাগিছেই। 

এতিয়া আৰু এজনো বিদেশীৰ বোজা অসমে গ্রহণ কৰিব পৰা অৱস্থাত নাই। ভগাই লোৱাৰ কথা ক’লেও মানি লোৱাৰ কথা নাহে। ভাৰতৰ অন্য ৰাজ্যত যদি ৰাখে ৰাখক, কিন্তু অসমত নহ’ব বুলিও ভৰালীয়ে কয়। কার্যসূচীত কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্ট তথা গণ মুক্তি সংগ্রাম, অসমৰ আহায়ক অখিল গগৈয়ে কয় যে ২০০১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত এতিয়া অসমীয়াভাষী ১ কোটি ৩০ লাখৰ বিপৰীতে বাংলাভাষীৰ সংখ্যা ৭৩ লাখ ৪৩ হেজাৰজন। অসমত সংস্থাপিত কৰিবলৈ লোৱা ২০ লক্ষাধিক বাংলাভাষীৰ লগতে এতিয়া বাংলাদেশত থকা ১ কোটি ৭০ লাখ বাংলাভাষী হিন্দুৰ যদি মোড়ী চৰকাৰৰ এই সিদ্ধান্তৰ ফলত অসমলৈ আগমন ঘটে অসমত অসমীয়াভাষী সংখ্যালঘু হোৱাটো নিশ্চিত। অসমীয়া ভাষা ৰাজ্যভাষাৰ মর্যাদাৰ পৰাও বঞ্চিত হ'ব। এই বিপুলসংখ্যক হিন্দু বাংলাদেশীৰ সংস্থাপনৰ ফলত অসমৰ ৰাজনৈতিক অধিকাৰো বাংলাদেশীয় মূলৰ লোকে হস্তগত কৰিব। এফালেদি বিজেপি-আৰ এছএছে হিন্দুত্বৰ দোহাই দি নিজৰ চিৰস্থায়ী ভোটবেংক তৈয়াৰ কৰিব খুজিছে, আনফালেদি এনেদৰে হিন্দু বাংলাদেশী জাপি দি ভাৰত ৰাষ্ট্রই অসমীয়া জাতিক সংখ্যালঘু কৰি অসমৰ কেন্দ্রীয় চৰকাৰবিৰোধী সংগ্রামৰ চিৰকাললৈ কণকঠীয়া মাৰিব খুজিছে। 

এই সিদ্ধান্তই অসমক দ্বিতীয় ত্ৰিপুৰাত পৰিণত কৰিব। ত্ৰিপুৰাত এতিয়া যেনেকৈ কোনো ত্ৰিপুৰী মানুহ মুখ্যমন্ত্ৰী হ’ব নোৱাৰে, অসমতো কোনো অসমীয়াই আৰু মুখ্যমন্ত্রী হ’ব নোৱাৰিব। ত্ৰিপুৰাত এতিয়া যেনেকৈ বাংলা জাতীয়তাবাদৰ জয়জয় ময়ময়, অসমতো সেই একেই পৰিস্থিতিৰ সৃষ্টি হ’ব। খিলঞ্জীয়াৰ অধিকাৰৰ কথা কোৱা সর্বানন্দ সোণোৱাল চৰকাৰৰ সন্মতিত নৰেন্দ্র মোডী মুক্তি সংগ্রাম সমিতিৰ তিনিগৰাকী বীৰ যোদ্ধা দণ্ডীনাথ বৰ্মন, নীলধৰ কলিত আৰু জগন্নাথ ভকতে মৃত্যু ভয়কো নেওচি যি সংগ্রাম কৰিলে, সেয়া সঁচাকৈয়ে অনন্য। চৰকাৰ-প্রশাসন-সংবাদ মাধ্যমৰ অৱহেলাৰ পিচতো তেওঁলোকে কৰা এই সংগ্রামে অসমৰ ভৱিষ্যৎ সুৰক্ষিত কৰা সংগ্রামখনৰ বাবে উৎসাহ আৰু অনুপ্রেৰণাৰ উৎস হৈ ৰ’ব। লোকসভাত যুটীয়া বাছনি সমিতিলৈ প্রেৰণ কৰা প্রেক্ষাপটত সাময়িকভাৱে অনশনৰ এই কাৰ্যসূচী প্রত্যাহাৰ কৰা হৈছে। কিন্তু বাছনি সমিতিয়ে যে অসমৰ পক্ষত থাকি বিবেচনা কৰিব তাৰ কোনো আশা নাই। সেয়ে অসমত অসমীয়াক সংখ্যালঘু কৰা ষড়যন্ত্রৰ বিৰুদ্ধে কাইলৈৰ পৰা নতুন সংগ্রামৰ সূচনা কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে। যুটীয়া বাছনি সমিতিলৈ নির্বাচিত লোকসভাৰ অসমৰ তিনিজন প্রতিনিধি কামাখ্যা প্রসাদ তাছা, ৰমেন ডেকা আৰু সুস্মিতা দেৱলৈ আমাৰ আহ্বান— সংকীর্ণ দলীয় এজেণ্ডাৰ পক্ষ নলৈ সমগ্র অসমবাসীৰ বৃহত্তৰ স্বাৰ্থৰ পক্ষ গ্রহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়। অন্যথা জনপ্রিতিনিধিকেইজনৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰে। সামৰণী অনুষ্ঠান পৰিচালনা কৰে যুটীয়া সাধাৰণ সম্পাদক ভাস্কো ডি শইকীয়া আৰু অনিল বড়োৱে।

ড° গোহাঁয়ে তিনিওজন অনশনকাৰীক ফলৰ ৰস খুৱাই অনশন ভংগ কৰাৰ উপৰি উদয়াদিত্য ভৰালী, ড° দীনেশ বৈশ্য আৰু মনজিৎ মহন্তই তিনিখন গামোচা পিন্ধাই তিনিওজন অনশনকাৰীক সন্মানিত কৰে। ইয়াৰ পিচতে বিভিন্ন শ্ল’গানৰ মাজেদি ১৯ দিনীয়া অনশন কাৰ্যসূচীৰ সামৰণি মৰা হয়।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment