চৰকাৰী ভূমিৰ পৰা সন্দেহজনক নাগৰিকক উচ্ছেদ কৰাৰ দাবীক লৈ উত্তপ্ত সদনকংগ্ৰেছী বিধায়কক উদ্দেশ্যি আক্ৰমণাত্মক বিজেপি
গুৱাহাটী, ১৩ আগষ্ট ২০১৬:
চৰকাৰী ভূমি, গো ৰিজাৰ্ভ, সংৰক্ষিত বনাঞ্চল আদিত বেদখল কৰি থকা সন্দেহযুক্ত বিদেশীক উচ্ছেদৰ দাবীত আজি অসম বিধানসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি এনে পর্যায় পায় যে বিদেশীক চৰকাৰী ভূমিৰ পৰা উচ্ছেদৰ দাবীত সৰৱ হোৱা বিজেপি বিধায়ক আৰু কংগ্ৰেছ, এ আই ইউ ডি এফৰ বিধায়কৰ মাজত সদনৰ মজিয়াত সমুখ সমৰ লগাৰ উপক্রম হয়। পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ অধ্যক্ষ ৰঞ্জিত দাসে দুবাৰকৈ স্থগিত ৰাখিবলগাত পৰে বিধানসভাৰ কাম-কাজ। প্রসংগটোক লৈ অধিক উত্তেজিত হৈ পৰা কংগ্ৰেছৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক মার্শ্বালে দাঙি উলিয়াই নিবলগাত পৰে। আনকি বিদেশীৰ উচ্ছেদ প্রসংগক লৈ চলি থকা বাক-বিতণ্ডাৰ মাজতে বিজেপিৰ বিধায়কে শ্বেৰমান আলীক উদ্দেশ্যি অসম বিধানসভাত বাংলাদেশী সোমাইছে বুলিও তির্যক মন্তব্য কৰে।
শাসক-বিৰোধীৰ বিধায়কসকলৰ তুমুল চিঞৰ-বাখৰ আৰু অধ্যক্ষৰ টেবুলৰ সন্মুখত আঙুলি জোকাৰি কৰা তর্ক-বিতর্কৰ অধিক অৱনতি নঘটাৰ বাবে অধ্যক্ষই মার্শাল নিয়োগ কৰি পৰিস্থিতি নিয়ন্ত্রণ কৰিবলগাত পৰে। এনেদৰে দুবাৰকৈ সদন স্থগিত কৰাৰ পিচত এই সন্দর্ভত চৰকাৰৰ হৈ সংসদীয় পৰিক্রমা দপ্তৰৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে কোনো বেদখলকাৰীক বিবেচনা কৰা নহ’ব। বেদখলকাৰীৰ লগত চৰকাৰে আপোচ নকৰে আৰু চৰকাৰী ভূমি বেদখলমুক্ত কৰিবই। উল্লেখযোগ্য যে বিজেপিৰ বিধায়ক বিনন্দ শইকীয়াই আজি সদনৰ শূন্যকালীন ঘণ্টাত ছিপাঝাৰত তিনি হেজাৰ বিঘা চৰকাৰী ভূমি সন্দেহজনক নাগৰিকৰ দখলত থকা সন্দর্ভত নিজৰ মন্তব্য দাঙি ধৰে। বিধায়কগৰাকীয়ে কয় যে চৰকাৰী সংৰক্ষিত ভূমি, গো ৰিজাৰ্ভ, গ্রেজিং ৰিজার্ভ আদি বেদখল হোৱাটো এটা গুৰুত্বপূর্ণ সমস্যা। সত্ৰ-মন্দিৰৰ মাটিও বেদখল হৈছে। বেদখলৰ বিষয়টোৱে খিলঞ্জীয়া বৈধ নাগৰিকৰ প্রতি ভাবুকি কঢ়িয়াইছে। ঐতিহাসিক অসম আন্দোলন আৰু অসম চুক্তিও এই বেদখলৰ সৈতে জড়িত। কিন্তু চৰকাৰে এই বেদখল উচ্ছেদৰ বাবে কি ব্যৱস্থা গ্রহণ কৰিছে? চৰকাৰে একো কৰিব নোৱাৰে নেকি? তেওঁ কয় যে ছিপাঝাৰ সমষ্টিত তিনি হেজাৰ বিঘা চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত থকা বুলি স্বয়ং ৰাজহ চক্র বিষয়াই প্রতিবেদন দিছে। উক্ত ভূমিত গৰুখুটি গাঁও আছিল। সেই অঞ্চলত স্থানীয় লোকে গৰু চৰাইছিল। কিন্তু আজি তাত এক ইঞ্চি মাটিও খালী নাই। চৰকাৰে ইচ্ছা কৰিলে উচ্ছেদ কৰিব পাৰে। চৰকাৰৰ আইন আছে, অস্ত্র আছে, উপায় আছে। অসম চুক্তিৰ দহ নং দফাত এই কথা স্পষ্টকৈ উল্লেখ আছে যে সন্দেহযুক্ত বিদেশীৰ কবলত থকা মাটি চৰকাৰে বেদখলমুক্ত কৰিব লাগে। যদি ইয়াৰ বাবে আইন নাই, তেনেহ’লে আইন প্রণয়ন কৰিব পাৰে।
কিন্তু প্রশাসনে আইনৰ দোহাই দি, আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি ভয় কৰি চৰকাৰী ভূমিত হোৱা বেদখল উচ্ছেদ নকৰে। ৰাজ্য চৰকাৰে মাটি বেদখল প্রতিৰোধ আইন প্রণয়ন কৰিছে। ইয়াৰ পিচতো ছিপাঝাৰত কোনো ব্যৱস্থা লোৱা নাই। ১৯৯৪ চনত সেই অঞ্চলটোৰ উচ্ছেদৰ নির্দেশ আহিছিল। কিন্তু কাৰ্যকৰী নহ’ল। চৰকাৰী গো ৰিজাৰ্ভ আদিত উচ্ছেদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়েও ৰায় প্রদান কৰি থৈছে। বিধায়ক শইকীয়াই পুনৰ কয়— আমি যিহেতু মাটি-ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰিছো, সেয়ে বেদখল উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হ’ব লাগিব। আজি কেৱল ছিপাঝাৰতেই তিনি হেজাৰ বিঘা মাটি বেদখল হোৱা নাই। গোটেই ৰাজ্যত এনে বহু মাটি বেদখলকাৰীৰ কবলত আছে। সেয়ে চৰকাৰে খুব কম দিনৰ ভিতৰতে সন্দেহজনক নাগৰিকৰ কবলত থকা এনে মাটি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান চলাব লাগে। বিধায়ক শইকীয়াই এইদৰে নিজৰ মন্তব্য সামৰাৰ লগে লগে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে নিজ আসনৰ পৰা থিয় হৈ ৰাজ্য চৰকাৰে খহনীয়াপীড়িত এক লাখ ত্রিশ হেজাৰ লোকক কিয় মাটি দিয়া নাই বুলি প্রশ্ন কৰাৰ লগে লগেই জাঙুৰ খাই উঠে বিজেপিৰ বিধায়কসকল।
শ্বেৰমান আলীয়ে প্রকাৰান্তৰে চৰকাৰী মাটি বেদখল কৰা সন্দেহযুক্ত বিদেশীৰ পক্ষ লোৱাৰ বাবে তেওঁক পীযুষ হাজৰিকা, গুৰুজ্যোতি দাস, অশোক সিংঘাল প্রমুখ্যে কেইবাজনো বিধায়কে উভতি ধৰে। সমান্তৰালভাৱে প্রায় আটাইকেইগৰাকী বিজেপি বিধায়কে নিজ নিজ আসনৰ পৰা থিয় হৈ বিধায়কগৰাকীলৈ নানান বাক্যবাণ নিক্ষেপ কৰে। একে সময়তে কংগ্ৰেছ, এ আই ইউ ডি এফৰ বিধায়কসকলে থিয় হৈ ফেপেৰি পাতি ধৰে। এনেদৰে সদনত সৃষ্টি হোৱা হুলস্থলীয়া পৰিবেশৰ ফলত কোনেও কাৰো মাত নুশুনা অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ মাজতে বিধায়ক শ্বেৰমান আলীয়ে অধ্যক্ষৰ চকীৰ সন্মুখলৈ আগবাঢ়ি আহি আঙুলি জোকাৰি জোকাৰি নিজৰ মন্তব্য আগবঢ়াই থকাত বিজেপিৰ বিধায়কসকলেও অধ্যক্ষৰ সন্মুখলৈ আহি বিধায়ক শ্বেৰমান আলীক প্রত্যাহ্বান জনায়। শ্বেৰমান আলীৰ সপক্ষে থিয় হয় কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কসকল। বিধায়কসকলে অধ্যক্ষৰ আহ্বানক আওকাণ কৰাৰ ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।
ইয়াৰ মাজতে বিজেপিৰ বিধায়ক এজনে শ্বেৰমান আলীক উদ্দেশ্যি বাংলাদেশী আহি বিধানসভা পাইছে বুলিও মন্তব্য কৰে। ফলত অধ্যক্ষ ৰঞ্জিত দাসে দহ মিনিটৰ বাবে সদনৰ কাম-কাজ স্থগিত ৰখা বুলি ঘোষণা কৰে। ইয়াৰ পিচত পুনৰ বিধানসভা আৰম্ভ হোৱাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উক্ত ঘটনা সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়াবলৈ লওঁতে বিজেপি বিধায়কসকলে পুনৰ নিজ আসনৰ পৰা থিয় হৈ উচ্ছেদ সন্দর্ভত আজিয়েই সিদ্ধান্ত হওক, আজি প্রস্তাৱ লব লাগিব, চৰকাৰী মাটি বেদখলমুক্ত হ’ব লাগিব বুলি চিঞৰ-বাখৰ কৰে। অধ্যক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰি কয় যে অসমৰ বৃহত্তৰ স্বার্থত তেওঁলোকে কাম কৰিছে। কিন্তু সদনৰ নীতি-নিয়ম উলংঘা কৰাটো উচিত নহয়।
বিধায়ক শ্বেৰমান আলীয়ে উত্থাপন কৰা সকলো বিষয় তেওঁ সদনৰ কাৰ্যক্রমণিকাৰ পৰা বাদ দিয়া বুলি ঘোষণা কৰে। সেই সময়তে বিধায়ক শ্বেৰমান আলীয়ে পুনৰ কিয় আমাক বাংলাদেশী বুলি মন্তব্য কৰিছে বুলি কৈ পুনৰ অধ্যক্ষৰ চকীৰ ফালে চোচা লয়। ফলত পুনৰ বিজেপি বিধায়কসকলেও তেওঁক প্রত্যাহ্বান জনায় অধ্যক্ষৰ চকীৰ সন্মুখত উপস্থিত হয়। ইয়াৰ পিচত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। উভয় পক্ষই আঙুলি টোৱাই পৰস্পৰে বাক্যবাণেৰে আক্রমণ-প্রত্যাক্রমণ অব্যাহত ৰখাত অধ্যক্ষই মার্শাল নিয়োগ কৰি পৰিস্থিতি শাম কটোৱাৰ চেষ্টা কৰে। আনকি মার্শ্বালে বিধায়ক শ্বেৰমান আলীক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰোতে তেওঁ সদনৰ মজিয়াত বহি দিয়ে। বিধায়কগৰাকী অসুস্থ হৈ পৰাৰ আশংকা কৰি লগে লগে তেওঁক মার্শালে দাঙি বিধানসভাৰ পৰা উলিয়াই নিয়ে। ইয়াৰ পিচতো বিজেপিৰ বিধায়কসকল আৰু কংগ্ৰেছ, এ আই ইউ ডি এফ বিধায়কৰ মাজ বাক-বিতণ্ডা অব্যাহত থাকে। ফলত অধ্যক্ষই পুনৰ দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ কাম-কাজ স্থগিত ৰাখে। সদনৰ কাম-কাজ পুনৰ আৰম্ভ হোৱাৰ লগে লগে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই শাসক দলৰ বিধায়কে বিৰোধীৰ বিধায়কক বাংলাদেশী বুলি মন্তব্য কৰা বিষয়টো দাঙি ধৰে। তেওঁ কয় যে বিদেশীয়ে অসমত নির্বাচন খেলিব নোৱাৰে। প্রত্যুত্তৰত বিজেপিৰ বিধায়ক তপন কুমাৰ গগৈয়ে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী বুলি ঘোষণা কৰা কামালউদ্দিন নামৰ বাংলাদেশীজনে অসমত নির্বাচন খেলাৰ উদাহৰণ আছে। পৰিস্থিতি শাম কটোৱাৰ চেষ্টা কৰি এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে সকলোকে সহযোগ কৰি সদনৰ কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায়। ইয়াৰ পূর্বে সংসদীয় পৰিক্রমা দপ্তৰৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু বিজেপিৰ মুখ্য সচেতক হিতেন গোস্বামীয়ে দলটোৰ বিধায়কসকলক উত্তেজিত নোহোৱাৰ বাবে তথা নিজ আসনৰ পৰা উঠি নাযাবলৈ বুজনি দিয়া পৰিলক্ষিত হয়। এনেদৰে পৰিস্থিতি কিছু শাম কটাত সংসদীয় পৰিক্রমা দপ্তৰৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে এই বিষয়টো সন্দর্ভত চৰকাৰৰ হৈ উত্তৰ দি কয় যে প্রতিজন বিধায়কে সদনৰ নিয়ম মানি চলা উচিত।
নিজৰ আসন ত্যাগ কৰি অধ্যক্ষৰ সন্মুখলৈ অহাটো বিধানসভাৰ বাবে শুভ নহয়। বিধায়ক শ্বেৰমান আলীয়েও নিজৰ আসনৰ পৰাই মন্তব্য আগবঢ়োৱা উচিত আছিল বুলি তেওঁ উল্লেখ কৰে। পাটোৱাৰীয়ে লগতে কয় যে ৰাজ্যত সংৰক্ষিত ভূমি, গো ৰিজার্ভ আদিত হোৱা বেদখল উচ্ছেদ হব লাগিব। সত্ৰ, মঠ-মন্দিৰৰ মাটিও বেদখল হৈছে। কাজিৰঙা, পবিতৰাৰ মাটিও বেদখলকাৰীৰ কবলত পৰিছে। চৰকাৰে এই সকলো মাটি বেদখলমুক্ত কৰাৰ পদক্ষেপ ল'ব। বেদখলৰ বাবেই আজি ৰাজ্যখনৰ জনজাতীয় বেল্ট, ব্লকৰ অস্তিত্ব নোহোৱা হৈছে। ৰাজ্যৰ ৩৩ টা ট্রাইবেল বেল্টৰ ১৭ টা বেদখলকাৰীৰ কবলত পৰিছে। ৰাজ্যখনৰ শাসনত সুদীর্ঘ সময় থকা ৰাজনৈতিক দল এটাৰ কাৰ্যকালত বেদখল বৃদ্ধি পাইছে। তেওঁ স্পষ্ট কৰি দিয়ে যে কোনো বেদখলকাৰীৰ সৈতে ৰাজ্য চৰকাৰে আপোচ নকৰে। অৱশ্যে এই পৰিস্থিতিৰ পৰিপ্রেক্ষিতত বিধায়ক শ্বেৰমান আলী নাইবা আন কোনো বিধায়কক সদনৰ পৰা বহিষ্কাৰ কৰা নাই বুলি অধ্যক্ষ ৰঞ্জিত দাসে সংবাদ মাধ্যমক জনাইছে। মুঠৰ ওপৰত যোৱা ১৮ জুলাইত আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনটোত আজি চৰকাৰী ভূমিৰ পৰা সন্দেহযুক্ত বিদেশীক উচ্ছেদৰ দাবীক লৈ সদন উত্তপ্ত হোৱা পৰিলক্ষিত হ’ল।
উত্স : অসমীয়া প্ৰতিদিন
facebook
twitter
google+
fb share