‘বালাজানৰ নৰসংহাৰতো ৰাজনৈতিক নেতা জড়িত’
ৱেব ডেস্ক, ১২ আগষ্ট, ২০১৬ :
কোকৰাঝাৰৰ বালাজানত সংঘটিত নৰসংহাৰত ৰাজনৈতিক দলৰ নেতা জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে। আজি নতুন দিল্লীৰ যন্তৰ মন্তৰত বি টি এডিএলেকাৰ অবড়ো লোকসকলৰ ন্যায্য অধিকাৰ প্রাপ্তিৰ দাবীত ধর্ণ কাৰ্যসূচী পালন কৰাৰ সময়ত সমিতিয়ে এই অভিযোগ উত্থাপন কৰে। আঠটা দাবীৰে ধর্ণ কাৰ্যসূচীত অংশগ্রহণ কৰা চাৰি শতাধিক কর্মকর্তাই বালাজান ঘটনাৰ তীব্র নিন্দা কৰি কয় যে কেৱল শেহতীয়া নৰসংহাৰেই নহয়, বি টি এডিত অস্থিৰতা অব্যাহত ৰখাৰ বাবে সদায় এটা শক্তি সক্রিয় হৈ থাকে। গোষ্ঠী বা সাম্প্রদায়িক সংঘর্ষ যিয়েই নাম নিদিয়ক লাগে, বিটি এডিত সংঘটিত প্রতিটো ঘটনাৰ পৰৱৰ্তী সময়ত ৰাজনৈতিক নেতা জড়িত থকাৰ কথা প্রতীয়মান হয়। সমিতিয়ে কয় যে গাদী দখল কৰাৰ পিচত অহংকাৰী হৈ বি টি এ ডি এলেকাত পৰিস্থিতি উত্তপ্ত আৰু জটিল কৰি অবড়ো লোকসকলৰ ওপৰত অত্যাচাৰ আৰু উত্পীড়ন চলাই আহিছে। অঞ্চলটোত উদ্দেশ্যপ্রণোদিতভাৱে বহুজনক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই মুখ বন্ধ কৰাৰো প্রয়াস চলিছে বুলি সমিতিয়ে উল্লেখ কৰে।
বালাজানত শেহতীয়াকৈ সংঘটিত নৰসংহাৰত ১৪ জন নির্দোষী ব্যক্তিক হত্যা কৰাটো তাৰেই অংশবিশেষ বুলি সমিতিয়ে অভিযোগ কৰে। সমিতিয়ে কয় যে বিটি চি চুক্তি অনুসৰি সমঅধিকাৰ, সমবিকাশ আৰু সমমর্যাদা প্রদানৰ আভুৱা ভাঁৰি গাদীত বহা লোকসকলে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিকভাৱে অবড়ো লোকসকলৰ ওপৰত অত্যাচাৰ চলাই আহিছে আৰু ইয়াৰ প্রত্যুত্তৰ দিয়াৰ বাবে অবড়ো লোকসকল সাজু হৈ উঠিছে। সমিতিৰ সভাপতি ৰফিক আহমেদ আৰু সম্পাদক জোন দাসে বি টি এ ডিত অবড়ো জনসাধাৰণৰ বিৰুদ্ধে চলা এনে অবিচাৰৰ অন্ত পেলোৱাৰ স্বাৰ্থতে বি টি চি চুক্তিৰ পুনৰীক্ষণৰ দাবী কৰে।
সমিতিয়ে লগতে বি টি এ ডিৰ পৰা অবড়ো গাঁওসমূহ কর্তন কৰা, বড়োভূমি গঠনৰ প্রক্রিয়া বন্ধ কৰা, বি টি এডিত শীঘ্ৰে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰা আৰু পতঞ্জলিৰ নামত চিৰাঙত দিয়া ৩,০২৮ বিঘা মাটি ঘূৰাই লোৱাৰো দাবী জনায়। তদুপৰি অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, ডি ভোটাৰৰ সমস্যা সমাধান, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত খিলঞ্জীয়া আৰু নিৰপৰাধী লোকৰ ওপৰত হোৱা হাৰাশাক্তি বন্ধ কৰা আৰু তৈলক্ষেত্ৰৰ ব্যক্তিগতকৰণ বন্ধ কৰাৰ বাবেও সমিতিয়ে দাবী জনায়। এই ধর্ণ কাৰ্যসূচীত নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়া উপস্থিত হৈ সমিতিৰ দাবীসমূহৰ প্রতি সমর্থন আগবঢ়ায়। ধর্ণ কাৰ্যসূচীৰ অন্তত সমিতিয়ে প্রধানমন্ত্রী নৰেন্দ্র মোড়ী আৰু কেন্দ্রীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক নিজৰ দাবীসম্বলিত স্মাৰকপত্র প্রদান কৰে।