বিধানসভাৰ মজিয়াত মোখিক ভোটত গৃহীত হ’ল সংবিধান সংশোধনী প্ৰস্তাৱ
মুখ্যমন্ত্ৰীক ফোন কৰি শুভেচ্ছা জনালে মোদীয়ে
এই ব্যৱস্তা প্ৰৱৰ্তিত হ’লে ৰাজ্যবাসী উপকৃত হ’বঃহিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী, ১৩ আগষ্ট, ২০১৬ঃ যোৱা ৮ আগষ্টত লোকসভাত গৃহীত সামগ্ৰী আৰু সেৱা কৰ বিধেয়কখনৰ সমৰ্থনত ৰাজ্য চৰকাৰে আজি বিধানসভাত উত্থাপন কৰা প্রস্তাৱটোত সদনে সর্বসন্মতিক্রমে অনুমোদন জনায়। ইয়াৰ পূর্বে আজি পুৱা অনুষ্ঠিত ৰাজ্যিক কেবিনেটত বিধেয়কখনৰ প্রতি অনুমোদন জনোৱা হৈছিল। উল্লেখযোগ্য যে বিধেয়কখনৰ প্রতি সমর্থন জনাই বিধানসভাৰ মজিয়াত প্রস্তাৱ লোৱা অসম হৈছে প্রথমখন ৰাজ্য। মুখ্যমন্ত্ৰীৰ হৈ বিত্ত মন্ত্রী হিমন্তবিশ্ব শৰ্মাই আজি সদনৰ মজিয়াত প্রস্তাৱটো উত্থাপন কৰি কয় যে বিগত ২০০৬-০৭ চনত তদানীন্তন কেন্দ্রীয় বিত্ত মন্ত্রী পি চিদাম্বৰমে পোনতে সামগ্ৰী আৰু সেৱা কৰ বিধেয়কখন লোকসভাত উত্থাপন কৰিছিল। যোৱা ২০১১ চনত কংগ্ৰেছ চৰকাৰে পুনৰবাৰ বিধেয়কখন উপস্থাপন কৰিছিল। ২০১৪ চনৰ ডিচেম্বৰ মাহত কেন্দ্ৰৰ বিজেপি চৰকাৰে লোকসভাত দুনাই বিধেয়কখন উত্থাপন কৰে আৰু যোৱা ৮ আগষ্টত গৃহীত হয়। এতিয়া দেশৰ কমপক্ষেও ১৮ খন ৰাজ্যৰ বিধানসভাই বিধেয়কখনৰ প্রতি অনুমোদন জনাই সহমত প্রকাশ নকৰিলে ৰাষ্ট্রপতিয়ে ইয়াত স্বাক্ষৰ কৰিব নোৱাৰে। বিত্ত মন্ত্রী হিমন্তবিশ্ব শৰ্মাৰ মতে ফ্রান্স, হাংগেৰীৰ লেখীয়া ৰাষ্ট্ৰত ১৯৫৪ চনৰ পৰাই জি এছ টিৰ ধাৰণা আছে। এছিয়াৰ ১৯ খন দেশত জি এছ টি ৰূপায়ণ হৈ আছে। উল্লেখযোগ্য যে জি এছ টিৰ অধীনত এখন কাউন্সিল গঠন হ’ব, য’ত অধ্যক্ষ হ’ব দেশৰ বিত্ত মন্ত্ৰীগৰাকী আৰু ২৭ খন ৰাজ্যৰ বিত্ত মন্ত্ৰীসকল হ’ব ইয়াৰ সদস্য। মন্ত্ৰীগৰাকীয়ে কয় যে কৃষি কৰ, বৃত্তি কৰ আৰু ভূমি কৰ জি এছ টিৰ বাহিৰত থাকিব। এতিয়ালৈকে চূড়ান্ত নহ’লেও কেন্দ্রীয় জি এছ টি ৯ শতাংশ হ’ব বুলি ধাৰণা কৰা হৈছে।
তাৰ বিপৰীতে ৰাজ্য চৰকাৰেও ৯ শতাংশ জি এছ টি আৰোপ কৰিব। উল্লেখযোগ্য যে কেন্দ্রীয় জি এছ টি অংশৰ পৰা ৰাজ্যসমূহক ৪২ শতাংশ কৰ ওভতাই দিয়া হ'ব। উত্তৰপূর্বাঞ্চল আৰু হিমালয়ান ৰাজ্যসমূহে কোনো কাৰণত কৰ হাসৰ বাবে অনুৰোধ জনালে বিশেষ ৰেহাইৰ ব্যৱস্থা থাকিব। আনহাতে প্রাকৃতিক বিপর্যয় অথবা দুর্যোগৰ দৰে বিষয়সমূহত জি এছ টি পৰিষদে অনুমোদন জনালে ৰাজ্যসমূহে বিশেষ কৰ সংগ্রহ কৰিব পাৰিব। মন্ত্রী শৰ্মাৰ মতে জি এছ টিৰ ফলত বর্তমান ছয় শতাংশ ভেট প্রযোজ্য হৈ থকা ১২৭ বিধ বস্তুৰ মূল্য ৯ শতাংশলৈকে বৃদ্ধি পোৱাৰ বিপৰীতে পোন্ধৰ শতাংশ ভেট প্রযোজ্য হৈ থকা সামগ্ৰীৰ ক্ষেত্ৰত মূল্যবৃদ্ধি ৯ শতাংশ হ্রাস পাব। আনহাতে পূর্বে সেৱা কৰ কেন্দ্রীয় চৰকাৰে লৈছিল যদিও এতিয়া ৰাজ্য চৰকাৰে নিজাকৈ সেৱা কৰ ল’ব পাৰিব। উল্লেখযোগ্য যে জি এছ টিৰ ফলত ৰাজ্যসমূহ ক্ষতিগ্রস্ত হ’লে তাৰ মোকাবিলাৰ বাবে কেন্দ্রই পাঁচ বছৰৰ বাবে সহায়ক অনুদান আগবঢ়াব। মন্ত্ৰীগৰাকীৰ মতে জি এছ টিৰ ফলত গ্রাহক ৰাজ্যসমূহ লাভৱান হোৱাৰ বিপৰীতে উৎপাদক ৰাজ্যসমূহৰ বিশেষ সুবিধা নহ’ব। আনহাতে পেট্ৰ’ল, ডিজেল, সুৰা, ধপাত, বিমানৰ ইন্ধন, স্পিৰিট জি এছ টিৰ বাহিৰত থাকিব। ইপিনে পৌৰসভা আৰু স্বায়ত্তশাসিত অনুষ্ঠানসমূহে পূৰ্বৰ দৰেই নিজাববীয়াকৈ কৰ আৰোপৰ ব্যৱস্থা বাহাল থাকিব।

facebook
twitter
google+
fb share