মুছলিম মহিলাৰ স্মৃতিত নিৰ্মিত মন্দিৰত হিন্দুৰ পূজা

গুজৰাটৰ গান্ধীনগৰ অঞ্চলৰ ঝুলাচান গাঁৱত ধর্মনিৰপেক্ষতাৰ অপূর্ব নিদর্শন



ৱেব ডেস্ক, ১৩ আগষ্ট ২০১৬ঃ

দেশে উদ্‌যাপন কৰিবলৈ প্রস্তুতি চলাইছে ৭০সংখ্যক স্বাধীনতা দিৱস। ধর্মনিৰপেক্ষ ৰাষ্ট্র যদিও স্বাধীন ভাৰতত এতিয়াও ধৰ্মক লৈ চলি আছে ৰাজনীতি। এই ৰাজনীতিৰ মেৰপেচত পৰিয়েই হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান আদিৰ মাজত ধৰ্মীয় মতভেদৰ বাবে সংঘৰ্ষৰো সৃষ্টি হৈ আহিছে।

হিন্দুৰ দেৱী পূজাক ধৰ্মীয়ভাৱে কোনো কাৰণতেই মুছলিম লোকে আদৰি লোৱা দেখা নাযায়। ধৰ্মক লৈ প্রয়ে বিতর্ক সৃষ্টি হৈ থকা প্রধানমন্ত্র নৰেন্দ্র মোদীৰ ৰাজ্য গুজৰাটত এনে এক ঘটনা পোহৰলৈ আহিছে, যিয়ে ধৰ্মৰ পৰিধি চেৰাই মানৱীয়তাৰ নিদর্শন হৈ চর্চিত হৈছে। সাধাৰণতে এগৰাকী মুছলিম মহিলাক দেবী হিচাপে পূজা কৰাটাে কল্পনাৰ বাহিৰত। কিয়নো ইছলাম ধর্মই দেৱী পূজাক মানি নলয়। পূজা ধৰ্মৰ পৰিপন্থী। কিন্তু এগৰাকী মুছলিম মহিলাৰ স্মৃতিতেই এটা দেৱী মন্দিৰ সাজি বিগত যুগ যুগ ধৰি হিন্দু লোকসকলে পূজা কৰি আহিছে। সবাতোকৈ আশ্চৰ্যকৰ যে যিখন গাঁৱত দেৱী মাতা মন্দিৰ নিৰ্মাণ কৰি অঞ্চলবাসীয়ে পূজা-অৰ্চনা কৰি আহিছে, সেই অঞ্চলৰ গাঁওখনত নাই কোনো মুছলিম লোক। গুজৰাটৰ গান্ধীনগৰ অঞ্চলৰ বুলাচান নামৰ গাঁওখনত এগৰাকী মুছলিম মহিলাক দেৱী মাতাৰ ৰূপত পূজা-অৰ্চনা কৰি আছে।

এই গাঁওখন প্রথমবাৰলৈ সংবাদ মাধ্যমে পোহৰলৈ আনিবলৈ সক্ষম হৈছিল, যিদিনাই ভাৰত গৌৰৱ প্রখ্যাত মহাকাশচাৰী সুনীতা উইলিয়ামছে তেওঁৰ পিতৃসহ গাঁওখনলৈ দোলা মাতা দেবী মন্দিৰলৈ পূজাৰ বাবে আহিছিল। সুনীতাৰ পিতৃ দীপক পাণ্ড ঝুলাচান গাঁৱৰ বাসিন্দা হিচাপে প্রায় ২২ বছৰ কাল কটাইছিল। মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু সুনীতৰ পিতৃ দীপক পাণ্ডাই উক্ত গাঁৱৰ মন্দিৰটোত পূজা-অৰ্চনা কৰি উভতি যোৱাৰ পাছতেই মন্দিৰটোৰ ঐতিহ্যক লৈ চর্চা আৰম্ভ হয় আৰু এই চর্চাৰ পাছতেই মন্দিৰটোৰ ঐতিহাসিক ঘটনা পোহৰলৈ আহে। বি বিচিৰে হোৱা সাক্ষাত্কাৰত বিজেপি নেতা মুকেশ পেটেলে কয় যে তেওঁৰ পূৰ্বপুৰুষসকলে কৈ যোৱা অনুসৰি দোলা মাতা এগৰাকী মুছলিম মহিলা। 


এই মুছলিম মহিলাগৰাকীৰ নামত কিদৰে মন্দিৰ নিৰ্মাণ হ’ল, তাৰো এক ইতিহাস আছে। বিজেপি নেতাগৰাকীয়ে প্রকাশ কৰা মতে উক্ত গাঁওখনলৈ প্রয়ে ডকাইত আহি গাঁওবাসীক লুটপাত কৰে। এনেদৰে ডকাইতে গাঁওবাসীক লুটপাত কৰি আছিল যদিও এবাৰ ডকাইতৰ দলটো লুট কৰি আঁতৰি যাবলৈ খোজোতেই ওচৰৰ গাঁও এখনৰ মহিলা এগৰাকীয়ে ডকাইতৰ দলটোক ভেটি ধৰি অদম্য সাহসেৰে যুঁজ কৰে। সাহসেৰে সন্মুখত থাকি গাঁওবাসীৰ হৈ মহিলাগৰাকীয়ে ডকাইতৰ দলটোৰ লগত কিছু সময় যুদ্ধ কৰে যদিও সশস্ত্র ডকাইতৰ দলটোৱে মহিলাগৰাকীক হত্যা কৰে।

পিছলৈ সাহসী মহিলাগৰাকীয়ে যি ঠাইত ডকাইতৰ হাতত প্রাণ দিলে, সেই ঠাইতে এটা মন্দিৰ নিৰ্মাণ কৰিলে আৰু পৰম্পৰাগতভাৱে সেই মন্দিৰটোত পূজা-অৰ্চনা চলি আহিছে। গাঁওবাসীৰ অবাধ বিশ্বাস যে মন্দিৰটােৰ পূজা-অৰ্চনা কৰিলে দেৱীয়ে তেওঁক ৰক্ষণাবেক্ষণ দিয়ে। ধর্মনিৰপেক্ষ দেশত ইয়াতকৈ আৰু কি ভাল উদাহৰণ হ’ব পাৰে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment