"অসমৰ বৰপেটা জিলাৰ বাঘবৰৰ বিধায়ক মাননীয় শ্বেৰমান আলী আহমেদ বিদেশী নহয়, শালিণ্ড্য পণ্ডিতগণ"
===================================
By- Dhruvajyoti Kalita
প্ৰতি,
মাননীয় বিধায়ক, ৰমাকান্ত দেউৰি মহোদয় সমীপেষু !
বিষয় :- অসমৰ বিদেশী নাগৰিক ঐতিহাসিক তথ্যৰ ওপৰত ভিত্তি কৰি ধাৰ্য্য কৰাৰ বাবে আবেদন ।
মহাশয়;
সম্ভাষন গ্ৰহন কৰিৱ । এই চিঠি আজিৰ প্ৰায় এবছৰ পূৰ্বেও লিখিছিলো । আজি আকৌ আপোনাৰ জ্ঞাতাৰ্থে পূনৰ অসম বুৰঞ্জীৰ দুটামান সৰু কথা লিখি পঠাৱলৈ বাধ্য হ'লো ।
কাৰন এইখিনি অসমৰ ইতিহাস এজন নিৰ্বাচিত বিধায়কে জ্ঞাত নহ'লে অসমত বিভেদৰ বৰবিহ ৰুপে জাতি জনগোষ্ঠী বিভাজিত হৈ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সমুলাঞ্চে নাইকিয়া হৱ ।
মহোদয়, আপোনাক জনাৱলগীয়া এই যে - - -
১) ১৯০২ চনত মুছলমানৰ তৰফৰ পৰা প্ৰথম অসমীয়া প্ৰাথমিক বিদ্যালয় নগাওঁত স্থাপন কৰিছিল । যি তাহানি আপোনাৰ গৃহ জিলা আছিল আপুনি অজ্ঞাত নেকি ?
২) অসম ১৯২৫ ইং চনৰ বৃটিছ পদলেনকাৰীৰ বহতীয়াৰ ৰাজ্য নহয় । বুজিছে নিশ্চয় ?
৩) ১৯৩৭ ইং চনত অসমক বংগদেশৰ লগত চামিল কৰিৱলৈ লোৱাত গোপীনাথ বৰদলৈৰ লগত তেতিয়াৰ ভাৰতৰ পৰা স্বাধীন অসমৰ বিধান পৰিষদৰ ১৩ জন মুছলীম সদস্যই মুছলীম নেতা ছাৰ চাদুল্লাক সমৰ্থন নকৰি অসমক জীয়াই ৰাখিছিল ।
এই ক্ষেত্ৰত আপোনালোকৰ হিন্দু মৌলবাদীবোৰৰ কিবা সামান্য অৰিহনা আছিল নেকি ?
৪) ১৯৫৬ ইং চনত ভাষাৰ ভিত্তিত ৰাজ্যপুণৰ গঠনত গোৱালপাৰা আৰু ধুবুৰী জিলা পূৱ পাকিস্থানৰ লগত চামিল হোৱাৰ পৰা মিঞাঁ মুছলিম সকলেই ৰক্ষা কৰিছিল ।
আপোনালোকে নিশ্চয় ! অসম কি ? ক'ত ? কিয় বিখ্যাত ? সেই সময়ত অজ্ঞাত আছিল ।
৫) ১৯৬০ ইং চনত অসমত ভাষা আন্দোলন কৰি মাওঁৰা অসমী আইৰ অংগ খুট কৰিৱ নিদি ওমৰ আলী, মফিজুদ্দিন ছহিদ হৈছিল । কৱৰবোৰ ক'ত আছে আপুনি জ্ঞাত নে ?
৬) অসমৰ মুছলমান সক'লৰ মাতৃভাষা অসমীয়া। আপোনালোকে আনিৱ বিচৰা বিশ লাখ ন গুনধাৰীৰ অসমত মাতৃভাষা কি হ’ব ?
৭) ১৯৬৯ ইং চনত ইন্দিৰা গান্ধী চৰকাৰে বঙাইগাওঁ তেল শোধানাগাৰক বিহাৰৰ বাৰানসীলৈ স্থানান্তৰৰ কৰিৱ বিচৰাত অসমৰ ছাত্র সংগঠনৰ লগলাগি মুছলমান সকলে চৰকাৰৰ সিন্ধান্তক নচাত্ কৰিছিল । যাৰবাবে বিআৰপিএল আজিও অসমত আছে । মনত আছে নে ? আপোনাৰ জ্ঞানৰ পৰিসৰে বোধহয় এইবোৰ ঢুকি নেপায় ।
৮) ১৯৭২ ইং চনত অসমীয়া ভাষাক চৰকাৰী ভাষা ৰুপে বাহাল ৰখাৰ সমর্থনত হোৱা প্রতিবাদ সর্বপ্রথমে দৰং জিলাৰ খাৰুপেটীয়াৰ পৰাই আৰম্ভ হৈছিল। সেই প্রতিবাদত বলিষ্ঠ ভূমিকা পালন মিঞাঁ মুছলিম সকলেই কৰিছিল ।
উল্লেখ্য যে, সেই প্রতিবাদত মঙ্গলদৈৰ মোজাম্মিল হ'ক আৰু নগাওঁৰ অনিল বৰা ছহিদ হৈছিল । অনিল বৰাক হোজাইত আপোনালোকে বৰপীৰা পাৰি দিয়া সক'লে হত্যা কৰিছিল ।
ছহিদ কাক বোলে ? ইতিহাসৰ সীমা বিচাৰিৱ জানেনে ?
ইমানৰ পিছত কি কৰিৱ ? অসমৰ ভিতৰত শোষিত নিষ্পেষিত মৰিগাওঁ জিলাৰ উন্নয়নত গুৰুত্ব দিৱ নে হিন্দু মৌলবাদীৰ লগলাগি ভাইয়ে ভাইয়ে বিভেদ আনি বৰঘৰত পৰক থাপী নিজে নাশ হোৱাৰ নীতিত হাত উজান দিৱ । ‘ভাৰত মাতা কি জয়’ বুলি চিঞৰিলে ঠিকেই কিন্তু অসম মাতাক চকুৰ আগত ধৰ্ষণ কৰিৱ এৰি দিলে । নিদিও বুলি তেল দিলে, বাংলাদেশীক মাটি দিলেই, মূল্যবৃদ্ধি আকাশলংঘী হ'ল আৰু বিদেশী খেদিম বুলি বিশ লাখ অনাৰ হেতু ব্যাকুল হৈ আছে ।
অসমক জীয়াই ৰাখিৱলৈ হিন্দুত্ববাদৰ এই নিকৃষ্ট ৰাজনীতি কৰিৱ এৰক । কাৰন পাচঁ বছৰৰ পিছৰ উত্তৰ অসমৰ ৰাইজে পাঁচ মাহ নহওঁতে দিৱলৈ সাজু হৈছে । ইয়াতকৈ আৰু লজ্বাজনক অপমান সুচক কথা কিৱা থাকিৱ পাৰে নেকি দেউৰি ডাঙৰীয়া ।।
facebook
twitter
google+
fb share