৫ মাহত দেশত ২৭৮ টা সাম্প্ৰদায়িক সংঘৰ্ষ

ৱেব ডেস্ক, ২০ জুলাই :
নৰেন্দ্র মোড়ী চৰকাৰে শাসনৰ বাঘজৰী হাতত লোৱাৰ পিচতে দেশত সাম্প্রদায়িক সংঘর্ষৰ মাত্রা বৃদ্ধি পোৱাটো স্বয়ং গৃহ মন্ত্র্যালয়ৰ তথ্যতে প্রকাশ পাইছে। মোড়ী চৰকাৰে দেশত সাম্প্রদায়িক সম্প্রীতি ৰক্ষা কৰাৰ লগতে ধর্মীয় সহিষ্ণুতা বজাই ৰখাৰ বাবে যত্পৰোনাস্তি চেষ্টা চলাইছে যদিও দেশত বৃদ্ধি পাইছে সাম্প্রদায়িক সংঘৰ্ষৰ ঘটনা। চলিত বৰ্ষৰ প্রথম পাঁচ মাহত দেশত ২৭৮টা সাম্প্রদায়িক সংঘর্ষৰ ঘটনা সংঘটিত হৈছে। সংসদত গৃহ মন্ত্র্যালয়ে মুকলি কৰা নথিত এই কথা প্রকাশ। এই সাম্প্রদায়িক সংঘর্ষৰ ঘটনাত চৰকাৰী হিচাপমতে ৩৮ জন লোকে প্রাণ হেৰুওৱাৰ উপৰি ৯০৩ গৰাকী লোক আহত হৈছে। গৃহ মন্ত্র্যালয়ৰ তথ্যমতে ২০১৪ আৰু ২০১৫ চনত দেশত ক্রমে ৬৪৪ আৰু ৭৫১টা সাম্প্রদায়িক সংঘর্ষৰ ঘটনা সংঘটিত হৈছে। গৃহ মন্ত্র্যালয়ে সংসদত সাম্প্রদায়িক সংঘর্ষৰ বিষয়ে প্রকাশ কৰা তথ্য মন্ত্র্যালয়টোৰ অধীনৰ ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ বুৰ’ (এন চি আৰ বি)ৰ তথ্যমতে ২০১৪ চনত দেশত ১,২২৭টা সাম্প্রদায়িক সংঘৰ্ষৰ ঘটনা ঘটিছিল। গৃহ মন্ত্র্যালয় আৰু এন চি আৰ বিৰ তথ্য বিশ্লেষণ কৰি ইণ্ডিয়াস্পেণ্ড নামৰ প'ৰ্টেলটোৱে প্রকাশ কৰামতে বিগত কালছোৱাত সর্বাধিক সাম্প্রদায়িক সংঘর্ষ সংঘটিত হোৱা ৰাজ্য চাৰিখন হ’ল কর্ণাটক, মধ্যপ্রদেশ, উত্তৰ প্রদেশ আৰু মহাৰাষ্ট্র। ২০১৩ চনত উত্তৰ প্রদেশত ২৪৭টা, ২০১৪ চনত ১৩৩টা আৰু ২০১৫ চনত ১৫৫টা সাম্প্রদায়িক সংঘর্ষ সংঘটিত হৈছে। চলিত বৰ্ষৰ প্রথম পাঁচ মাহত দেশৰ আটাইতকৈ জনবহুল ৰাজ্য উত্তৰ প্রদেশতে সর্বাধিক ৬১টা সাম্প্রদায়িক সংঘর্ষৰ ঘটনা সংঘটিত হৈছিল। তাৰ পিচতে আছে কর্ণাটক (৪০) আৰু মহাৰাষ্ট্র (৪০)।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment