ৱেব ডেস্ক, ২১ জুলাই, ২০১৬ ঃ
মার্কিন ৰাষ্ট্রপতি নির্বাচনৰ ৰিপাব্লিকান দলৰ প্রার্থী হিচাপে ডনাল্ড ট্রাম্প আনুষ্ঠানিকভাৱে মনোনীত হোৱাৰ এদিনৰ পিচতে আমেৰিকাৰ জিল হাৰ্থ নামৰ মেকআপ শিল্পীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে পূর্বতে তোলা যৌন আতিশয্যৰ অভিযোগ সন্দৰ্ভত দীর্ঘদিনীয়া নীৰৱতা ভংগ কৰিছে।

দি গার্ডিয়ান’ নামৰ কাকতখনক দিয়া এটা সাক্ষাত্কাৰত হার্থে ট্রাম্পৰ বিৰুদ্ধে পূর্বতে অনা যৌন আতিশয্যৰ অভিযোগৰ ক্ষেত্ৰত নিজৰ স্থিতিত অটল থাকে। হাৰ্থৰ অধিবক্তাই ট্রাম্পে তেওঁৰ মক্কেলক বলাত্কাৰ কৰাৰ চেষ্টা কৰিছিল বুলি প্রকাশ কৰিছে। ১৯৯৭ চনত মাৰ এ লাগুত সেই সময়ৰ ৰিয়েল ষ্টেট ব্যৱসায় জগতৰ খ্যাতিমন্ত লোক ট্রাম্পে হাৰ্থক কেইবাবাৰো বিভিন্ন অনুষ্ঠানৰ সময়ত শাৰীৰিকভাৱে স্পর্শ কৰাৰ লগতে তেওঁৰ জীয়ৰীৰ কোঠালৈ টানি নি বলাত্কাৰৰ অপচেষ্টা কৰা বুলি এটা গোচৰ তৰিছিল।

কেইসপ্তাহমান পিচত হার্থে ট্রাম্পৰ বিৰুদ্ধে থকা গোচৰটো প্রত্যাহাৰ কৰে। হাৰ্থৰ ব্যৱসায়িক সংগী তথা প্রেমিক জর্জ হাউৰেনে তৰা এক গোচৰৰ ক্ষেত্ৰত ট্রাম্পে বুজাবুজি কৰাৰ পিচতে মেকআপ শিল্পীগৰাকীয়ে গোচৰটো প্রত্যাহাৰ কৰে। কিন্তু কালি ট্রাম্প আনুষ্ঠানিকভাৱে ৰিপাব্লিকান দলৰ পার্টিৰ ৰাষ্ট্রপতি নির্বাচনৰ প্রার্থী হিচাপে মনোনীত হোৱাৰ পিচতে হার্থে পূৰ্বৰ অভিযোগতে তেওঁ অটল হৈ আছে বুলি সাক্ষাত্ কাৰটোত সদৰী কৰে।
facebook
twitter
google+
fb share